Friday, March 29, 2024
HomeARTICLEশতবৰ্ষ গৰকা এটি কালভাৰ্ট

শতবৰ্ষ গৰকা এটি কালভাৰ্ট

প্ৰকাশিত তাৰিখঃ ১৩ ছেপ্টেম্বৰ, ২০২১

চি এন ডেস্ক

শত বৰ্ষ গৰকা এটি কালভাৰ্ট। এই কালভাৰ্টটোৱে এতিয়া ঘটনা এটাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে মাজত। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আমৰাঙ্গা ৰাজহ গাঁৱৰ ঘটনা এয়া। অঞ্চলটোৰ মূল বাণিজ্যিক কেন্দ্ৰ বৰিহাট বজাৰৰ অৰ্থাৎ মিৰ্জা–চানডুবি পথৰ পৰা দৎকুছি হৈ মাজকুছিলৈকে গড়কাপ্তানি বিভাগৰ এটি গ্ৰাম্য পথ গৈছে। উক্ত পথটোৰ বৰিহাট বজাৰৰ পৰা প্ৰায় পঞ্চাশ মিটাৰ দূৰত আছে এই কালভাৰ্টটো, যি ঘটনাটোৰ কেন্দ্ৰবিন্দু। এই কালভাৰ্টটোৰ আগত আছে প্ৰায় চল্লিশ বিঘাৰ খেতিপথাৰ। শান্তিপুৰ, জোনাকীপুৰ, তাতিপাৰা আদি গাঁৱে আৱৰি আছে এই খেতিপথাৰখনক। বাৰিষা খেতিপথাৰখনত জমা হোৱা অতিৰিক্ত পানীভাগ নিম্ন অংশৰে অৰ্থাৎ বৰিহাট–দৎকুছি পথৰ উক্ত কালভাৰ্টটোৰে বাহিৰ হৈ জগলীয়া নদীত পৰিছিল। এইদৰেই খেতিপথাৰখনৰ পানীভাগ নিয়ন্ত্ৰণ হৈ আছিল।  

দিন বাগৰাৰ লগেলগে অঞ্চলটোত নগৰীকৰণৰ পৰিমাণ দ্ৰুতভাৱে বাঢ়ি গৈছে। খেতিপথাৰ সমূহত মাটি পূৰাই বৰ্তমান বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তুলিছে। বিপৰীতে, আগৰ খেতিপথাৰ সমূহৰ পৰিমাণ কমি আহিছে। নগৰীকৰণ সম্প্ৰসাৰণ হোৱাত নিশ্চয় কাৰো আপত্তি কৰিবলগীয়া নাথাকে। কিন্তু সেইবোৰ বিজ্ঞানসন্মত হ’ব লাগিব। এতিয়া নগৰীকৰণৰ সম্প্ৰসাৰণৰ নামত পানী নিয়ন্ত্ৰণত মূখ্য ভূমিকা পালন কৰা কালভাৰ্ট এটাকে বন্ধ কৰি দিয়া হ’ল। এনেহেন গুৰুত্বপূৰ্ণ কালভাৰ্ট এটাক সম্প্ৰতি বন্ধ কৰি দিছে দুয়োমুৰে থকা দুটা পৰিয়াল সুনীল ঠাকুৰীয়া আৰু পৰেশ দাসে। ইয়াৰ ফলত খেতিপথাৰখনত দীৰ্ঘদিন ধৰি প্ৰায় ৭ ফুটৰো অধিক গভীৰতাত পানীভাগ আৱদ্ধ হৈ পৰিছে। এতিয়া পথাৰখন একপ্ৰকাৰ সৰু আকাৰৰ বিল নতুনকৈ সৃষ্টি হোৱা বুলি ক’লেও মানি ল’ব পাৰি। পানীৰে ভৰপুৰ হৈ থকা পথাৰখনত এইবাৰ খেতিয়কে ধানখেতি কৰিব নোৱাৰিলে। তদুপৰি, চাপৰ বস্তি সমূহৰ গছ–গছনি সমূহো মৰহি যাবলৈ ধৰিছে। পুখুৰীত পালন কৰা মাছ সমূহ ওলাই যাব ধৰিছে। এতিয়া এজাক বৰষুণ আহিলেই যোগাযোগৰ একমাত্ৰ পথটো জলমগ্ন হৈ পৰাৰ ফলত বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছে।

চৰকাৰী পথটোৰ ওপৰত থকা কালভাৰ্টটো বন্ধ কৰি দিয়া কাৰ্যত অঞ্চলবাসী ৰাইজ, দল, সংগঠন আদিয়ে ক্ষোভিত হৈ পৰিছে। ক্ষোভিত ৰাইজে এই সন্দৰ্ভত বিভিন্ন সময়ত দাবী দি পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ ওচৰতো আবেদন জনাইছে। কিন্তু চক্ৰ বিষয়াগৰাকীৰ পৰা সমস্যটো সমধানৰ কোনো সুফল নোপোৱাত বিষয়টো হস্তক্ষেপৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰতো আবেদন জনায়। সেয়ে নহয় অঞ্চলটোৰ সচেতন নাগৰিক সমাজৰ ধ্ৰুৱজ্যোতি দাস, ধৰ্মকান্ত দাস, ৰামচৰণ চৌধুৰী, কল্প কলিতা আদি বিষয়ববীয়াই দুয়োমূৰৰ ভূমিৰ গৰাকী সুনীল ঠাকুৰীয়া আৰু পৰেশ দাসকো কালভাৰ্টটোৰ মুখ খুলি দিবলৈ পুনৰবাৰ আহ্বান জনাইছে।

ৰাইজে জনোৱা আবেদনৰ প্ৰতি পলাশবাৰী আৰক্ষী থানাৰ বিষয়া, কালভাৰ্টটোৰ দুয়োমুৰত থকা ভূমিৰ গৰাকী দুজনে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়তহে দেখা পোৱা যাব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward