প্ৰকাশিত তাৰিখঃ ৮জুলাই, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা পলাশবাৰী ৰাজহ চক্ৰৰ বৰহেৰামদো কাঁহিগংগা পুথিভড়ালে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ আৰু প্ৰতিযোগীতামুলক পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ২০ গৰাকীকৈ কৃতী শিক্ষাৰ্থীক ৭জুলাইত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে পুথিভড়াল প্ৰাংগনত এক বিশেষ সভা আয়োজন কৰা হয়। বৰহেৰামদো ৰাইজ গয়ৰহৰ সভাপতি জীতেন মহন্তই সভাপতিত্ব কৰা সভাখনত আঁত ধৰে পুথিভড়ালৰ সক্ৰিয় সদস্য হীৰকজ্যোতি মহন্তই।
উল্লেখ্য যে, শেহতীয়াকৈ সৰ্বভাৰতীয় NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা জাগৃতি ঠাকুৰীয়া লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক গামোচা, জাপি, গ্ৰন্থ, কলম আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত পুথিভড়ালৰ সভাপতি জিতু দাস, উপ–সভাপতি ৰিতু বৰুৱা, সহকাৰী সম্পাদক শুভ্ৰজ্যোতি ঠাকুৰীয়া, পুথিভড়ালৰ সমূহ বিষয়ববীয়া–সদস্য, বৰহেৰামদো সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত, ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্ত, ৰাইজ গয়ৰহৰ বিষয়ববীয়া উপস্থিত থকা বুলি কাঁহিগংগা পুথিভড়ালৰ সম্পাদক মিতুমনি দাসে জনাইছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News