Monday, October 28, 2024
HomeNEWSলোহাৰঘাটত কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্দ্ধনা

লোহাৰঘাটত কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্দ্ধনা

প্ৰকাশিত তাৰিখঃ ১৭ জুন, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট–

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাধীন বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় লোহাৰঘাটত ১৫ জুনত শিক্ষাৰ্থী সম্বৰ্দ্ধনাৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ২০২৩ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্দ্ধনা আগবঢ়ায়। সম্বৰ্দ্ধনা কাৰ্যসূচীৰ অন্তত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে।

উল্লেখ্য যে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ষষ্ঠ অনুসূচী দাবী সমিতি, মহিলা পৰিষদ, ৰাভা সাহিত্য সভা আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰে। ছাত্ৰ সংগঠনটোৰ সভাপতি কমলেশ্বৰ ৰাভাই সঞ্চালনা কৰা উক্ত সভাখনৰ আঁত ধৰে সম্পাদক দীপজ্যোতি বাৰ্চুঙে। উক্ত সম্বৰ্দ্ধনা সভাৰ আৰম্ভণিৰ ভাষণ প্ৰদান কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগে।

সম্বৰ্দ্ধনা অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ড সুভাষ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ শিক্ষা সচিব অনুপ ৰাভাই সন্মানীয় অতিথিৰূপে উপস্থিত থাকে। ড ৰাভাই সন্মানীয় অতিথিৰ ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, আমাৰ জীৱনটো খুব ধুনীয়া। ইয়াক আৰু ধুনীয়া কৰিব পাৰিম, যেতিয়া আমি নিজক ভালকৈ চিনি পাম। জীৱনৰ বাটত দায়িত্ব সমূহ ভালদৰে পালন কৰি গ’লেই দেখা পাবা জীৱনটো খুব ধুনীয়া হৈ পৰিছে।

উল্লেখনীয় যে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ ওপৰত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward