Tuesday, October 8, 2024
HomeNEWSলোহাৰঘাটত বাঁহ আৰু হস্ততাঁত শিল্পৰ কৰ্মশালা

লোহাৰঘাটত বাঁহ আৰু হস্ততাঁত শিল্পৰ কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ২০ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

আভা ক্ৰিয়েচন চ’ছিয়েল ইমপেক্ট ফাউণ্ডেচনে ৩৫ দিনীয়াকৈ আয়োজন কৰিছিল বাঁহ আৰু হস্ততাঁত শিল্পৰ কৰ্মশালা। দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাটত আয়োজন কৰা কৰ্মশালা দুটিত অংশ গ্ৰহন কৰা প্ৰশিক্ষাৰ্থীসকলক ১৬ মে’ত প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰা হয়। এই সন্দৰ্ভত  লোহাৰঘাটৰ বকদোভা প্ৰাথমিক বিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰে। আভা ক্ৰিয়েচনৰ সঞ্চালিকা অনু মণ্ডলে পৰিচালনা কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া হেমন্ত ৰাভাই।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়ে অৰ্থসাহাৰ্য আগবঢ়োৱা উক্ত কৰ্মশালা ৰূপায়ন কৰে গুৱাহাটীৰ লালমাটিত অৱস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে। কৰ্মশালাৰ বাঁহ শিল্পত ২৭গৰাকী আৰু হস্ততাঁত শিল্পত ২৮গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল। বাঁহ শিল্পত মাটিৰাম ৰাভাই মুখ্য প্ৰশিক্ষক, পল্লৱ ৰাভা, পাৰ্থপ্ৰতিম ৰাভাই সহকাৰী হিচাপে আৰু হস্ততাঁত শিল্পত ববিতা কলিতা, বাবুল ডেকাই প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰে। আভা ক্ৰিয়েচনৰ সঞ্চালক অৰূপ কুমাৰ বৈশ্যই কয় যে, দা, কটাৰী, বটালি আদি ঘৰুৱা সঁজুলি ব্যৱহাৰ কৰি এডাল বাঁহৰ পৰা অতি কমেও চাৰি–পাঁচ হেজাৰ টকা উপাৰ্জন কৰিব পাৰে। এই পথ মুকলি কৰাৰ বাবে আমাৰ সংস্থাই চেষ্টা চলাই আহিছে। আমাৰ চেষ্টাই সাৰ্থকতা লাভ কৰিলে বিশেষকৈ জনজাতীয় মানুহখিনি আৰ্থিকভাৱে সৱল হ’ব। আমাৰ বিশ্বাস মানুহখিনিক এইদৰে স্বাৱলম্বী কৰি তুলিব পাৰিলে নিশ্চয় প্ৰকৃতিৰ হানি–বিঘিনি হ’ব পৰা কামবোৰো বন্ধ হ’ব।

আনহাতে, বাঁহ শিল্পৰ মুখ্য প্ৰশিক্ষক মাটিৰাম ৰাভাই কয় যে, বাঁহ শিল্পৰ ভৱিষ্যৎ সম্ভাৱনা খুবেই উজ্বল। কিয়নো, আজি বিশ্বৰ বিভিন্ন কোণত মানুহে প্ৰদূষণ সৃষ্টিকাৰী সামগ্ৰী সমূহ এৰাই চলিবলৈ চেষ্টা কৰি আহিছে। তাৰ সলনি বাঁহেৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লৈছে। তেখেতে বাঁহ শিল্পৰ প্ৰতি ৰাপ থকা অঞ্চলটোৰলোক সকলক সংগঠিত কৰাৰ পোষকতাও কৰে। লগতে সকলো সময়তে সহায়–সহযোগ আগবঢ়াই যাব বুলিও ব্যক্ত কৰে। আজিৰ অনুষ্ঠানত বাঁহ শিল্পৰ ওপৰত বিশেষ প্ৰশিক্ষন গ্ৰহণ কৰি থকা অসমৰ বাহিৰৰ এগৰাকী যুৱতী আয়েচা ৰয়, গ্ৰাম্য পৰ্যটনৰ সৈতে জড়িত অজয় চিনালে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward