Saturday, April 20, 2024
Homeবাতৰিষ্ট্ৰ’বেৰী খেতিৰ সম্ভাৱনা বৃদ্ধি পাইছে অসমত

ষ্ট্ৰ’বেৰী খেতিৰ সম্ভাৱনা বৃদ্ধি পাইছে অসমত

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসমত এতিয়া ষ্ট্ৰ’বেৰী নামৰ ৰসাল ফলবিধৰ খেতিৰ সম্ভাৱনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনকি বহুকেইগৰাকী আগ্ৰহী খেতিয়ক এইবিধ ফলৰ খেতি আৰম্ভ কৰাৰ লগতে নতুনকৈ আৰম্ভণিৰ বাবেও খেতিয়ক আগ্ৰহী হোৱা দেখা গৈছে।

তেনে এগৰাকী সফল খেতিয়ক তথা জীৱনৰ ৬৭টা বসন্ত গৰকা গৌৰীকান্ত ডেকা। তেওঁৰ ঘৰ বৰপেটা জিলাৰ পাটাছাৰকুছিৰ বেজকুছি গাঁওত। এই কৃষকজনে কৃষিকে জীৱিকা হিচাপে গ্ৰহণ কৰি বিজ্ঞানসন্মতভাৱে মীনপালন, হাঁহ পালন আৰু বিভিন্ন ধৰণৰ উদ্যান শস্যৰ বাগিছা স্থাপনেৰে অঞ্চলটোত প্ৰতিস্থিতি লাভ কৰা এগৰাকী সফল খেতিয়ক। সেয়ে দিনটোৰ বেছি সময় নিজৰ কৃষি কৰ্মতে ব্যস্ত থাকে।

তেনে সময়তে জিলাখনৰ কৃষি বিষয়াই গৌৰীকান্ত ডেকালৈ যোগান ধৰিছিল কিছু সা–সুবিধাৰ সৈতে ষ্ট্ৰ’বেৰীৰ পুলি। অসমত অচিনাকী এইবিধ খেতি তদুপৰি ষ্ট্ৰ’বেৰী খেতি সম্পৰ্কে অনভিজ্ঞ সেয়ে তেওঁ বিমোৰত পৰিছিল। জলবায়ুৰ ওপৰত নিৰ্ভৰযোগ্য ফলবিধ উৎপাদন হ’লেও ইয়াৰ উপযুক্ত বজাৰ এখন পোৱা সম্ভৱ হ’বনে? তথাপিও নিজ সাহসত জৈৱিক সাৰ প্ৰয়োগ কৰি পুলিবোৰ ৰোপণ কৰিছিল। ঔষধীযুক্ত পলিথিনত ৰোপণ কৰা বহু পুলিয়ে মৰহি গৈছিল যদিও ডেৰকঠা মাটিত বৰ্তমান এহেজাৰ পুলি ঠন ধৰি উঠিছে। আৰু গছবোৰত লোমা লোমে ফল লাগিব ধৰিছে। ফলবোৰৰ আকাৰ ডাঙৰ আৰু সোৱাদযুক্ত হোৱাত গ্ৰাহকৰ বাবে সমস্যা নোহোৱা হৈছে। তিনি–চাৰিদিনৰ ভিতৰত ৮কেজিমান উৎপাদন হোৱা ষ্ট্ৰ’বেৰী কেজিয়ে প্ৰতি ৩০০টকাকৈ বিক্ৰী কৰিছে। ষ্ট্ৰ’বেৰী বিক্ৰী কৰি বৰ্তামান ২৫০০০ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

পিতৃৰ সাফল্যত তেখেতৰ পুত্ৰ খগেন ডেকায়ো সহযোগ কৰিছে। ষ্ট্ৰ’বেৰী খেতিৰ বৈজ্ঞানিক পদ্ধতি সমূহ ইণ্টাৰনেট যোগে আহৰণ কৰি সেইবোৰ খেতিত প্ৰয়োগ কৰিছে। ষ্ট্ৰ’বেৰী খেতিৰে লাভান্বিত হ’ব পাৰি বুলি তেওঁ এশ শতাংশই বিশ্বাসী সেয়ে খেতিবিধ সম্প্ৰসাৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে। আৰু উন্নত মানৰ কৃষি প্ৰশিক্ষণ গ্ৰহণৰ প্ৰতি আগ্ৰহী হৈ পৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward