Thursday, March 28, 2024
HomePHOTOGRAPHYসমন্বয়ৰ বাৰ্তাৰে অসম–মেঘালয় সীমান্তৰ মুদুকীত সুঁৱৰী উৎসৱ

সমন্বয়ৰ বাৰ্তাৰে অসম–মেঘালয় সীমান্তৰ মুদুকীত সুঁৱৰী উৎসৱ

প্ৰকাশিত তাৰিখঃ ২৭ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

সমন্বয়ৰ বাৰ্তাৰে অসম–মেঘালয় সীমান্তৰ মুদুকীৰ খেলপথাৰ প্ৰাংগনত যোৱা ২৬ এপ্ৰিলত আঞ্চলিকভাৱে সুঁৱৰী উৎসৱ উদযাপন কৰা হয়। পৰম্পৰাগতভাৱে চলি অহা এই সুঁৱৰী উৎসৱত মাংগলিক পৰ্ব শান্তি জলেৰে শুদ্ধিকৰণৰ পিছত গোসাঁইৰ থাপনা প্ৰতিস্থা কৰা হয়। প্ৰতিভা দাসে সুঁৱৰী উৎসৱৰ মুখ্য দ্বাৰ মুকলি কৰাৰ পিছত বিয়লি ভক্তি ৰসেৰে গোসাঁই স্থাপন কৰা হয়। সুঁৱৰী উৎসৱৰ লগত সংগতি ৰাখি বিয়লি হাতী আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা আয়োজন কৰে। গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা জয়ন্ত ৰাভাই ঘোঁৰা দৌৰ আৰু পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ডিম্পী বৰাই হাতী দৌৰ প্ৰতিযোগিতা উদ্ধোধন কৰে। সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তাৰে ২০১২ চনৰ পৰা হাতী আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা আয়োজন কৰি অহা বুলি সুঁৱৰী উদ্‌যাপন সমিতিৰ প্ৰাক্তন সভাপতি গোবিন্দ ৰাভাই প্ৰকাশ কৰে। উক্ত সুঁৱৰী উৎসৱত বিভিন্ন জাতি–জনগোষ্ঠীৰ নৃত্য–গীত–মাতেৰেও মুখৰ হৈ পৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward