Thursday, March 28, 2024
HomeARTICLEশিক্ষক দিৱস উপলক্ষে স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ উদ্যোগত লোহাৰঘাটত শৈক্ষিক সমাবেশ

শিক্ষক দিৱস উপলক্ষে স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ উদ্যোগত লোহাৰঘাটত শৈক্ষিক সমাবেশ

প্ৰকাশিত তাৰিখঃ ৬ চেপ্তেম্বৰ, ২০২২

প্ৰাথমিক শিক্ষাত মাধ্যম হিচাপে মাতৃভাষা-শীৰ্ষক আলোচনা অনুষ্ঠিত 

ৰত্ন দাস

শৈক্ষিক সামাজিক অনুষ্ঠান স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ উদ্যোগত আৰু বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত ৬চেপ্তেম্বৰ তাৰিখে লোহাৰঘাটস্থিত বাৰছুৰ কাৰ্যালয়ত অৰ্ধশতাধিক শিক্ষক-স্বেচ্ছাসেৱকৰ উপস্থিতিত এখনি শৈক্ষিক সমাবেশ অনুষ্ঠিত হৈ যায়। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই সমাবেশত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধাৰত প্ৰাথমিক শিক্ষাত মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে এখনি বিশেষ আলোচনা সভাও সুকলমে সম্পন্ন হৈ যায়। অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ আঁচনি শিক্ষা বিষয়া ছুইটি বেজবৰুৱা, অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড নৱমিতা দাসে। দক্ষিণ কামৰূপৰ  ৫০খন গাঁৱৰ প্ৰায় ৭০গৰাকী শিক্ষক তথা শৈক্ষিক স্বেচ্ছাসেৱকৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত বাৰছুৰ সভাপতি কমলেশ্বৰ ৰাভা আৰু শিক্ষক উত্তম দাসো উপস্থিত থাকে। মুখ্য সমল ব্যক্তি তথা আঁচনি শিক্ষা বিষয়া ছুইটি বেজবৰুৱাই শিশুৰ স্বাভাৱিক বিকাশৰ বাবে মাতৃভাষাৰ গুৰুত্ব সৰ্বাধিক বুলি মত পোষণ কৰাৰ লগতে শিশুৰ সামগ্ৰিক বিকাশত ইংৰাজী বা দ্বিতীয়-তৃতীয় ভাষা সমূহৰ প্ৰয়োজনীয়তাও অনস্বীকাৰ্য বুলি ভাষণ আগবঢ়াই। শিক্ষা বিষয়াগৰাকীয়ে লগতে কয় যে প্ৰাক্-প্ৰাথমিক পৰ্যায়তেই শিশু এজনৰ মগজুৰ বিকাশ নব্বৈ শতাংশ পৰ্যন্ত হ’ব পাৰে লগতে এই সময়চোৱাৰ পৰাই শিশুসকলকৰ একাধিক ভাষা শিকাৰ সক্ষমতা বৃদ্ধি পাবলৈ ধৰে আৰু সেয়েহে শিক্ষাব্যৱস্থাৰ উন্নীতকৰণৰ বাবে শিশুকালৰ পৰাই বহুভাষিক শিক্ষাৰ পৰিৱেশ তৈয়াৰ কৰা উচিত। মাতৃভাষাৰ সামাজিক মান, গৰিমা আৰু মাৰ্যাদা হানি নকৰাকৈ তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজী বা দ্বিতীয় ভাষা শিকাৰ বাবে শিশুসকলক সুযোগ দিয়া উচিত লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধাৰত স্থানীয় সমলৰ পূৰ্ণ ব্যৱহাৰেৰে শিশুসকলৰ লগতে স্থানীয় সমলসমূহৰো বিকাশ সাধন হ’ব বুলি মত পোষণ কৰে। ভাষণ প্ৰসঙ্গত শিক্ষা বিষয়াগৰাকীয়ে উপস্থিত স্পৰ্শ-অসমৰ স্বেচ্ছাসেৱকসকলে বিদ্যাঞ্জলী এপত পঞ্জীয়নৰ যোগেদি শৈক্ষিক সেৱাত চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’ব পাৰিব বুলি সদৌটিকে এইক্ষেত্ৰত আহ্বানো জনায়। শিক্ষা বিষয়াগৰাকীয়ে স্পৰ্শ-অসমৰ দৃষ্টান্তমূলক শৈক্ষিক কাম-কাজৰ শলাগ লয়। অনুষ্ঠানৰ শেষত চলিত বৰ্ষত স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ উদ্যোগত, প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ সৌজন্যত দক্ষিণ কামৰূপৰ ৫০খন গাঁৱত অনুষ্ঠিত গ্ৰীষ্মকালীন শৈক্ষিক শিবিৰৰ ৫০গৰাকী শৈক্ষিক স্বেচ্ছাসেৱকক প্ৰমাণ পত্ৰ আৰু ধন্যবাদ পত্ৰ বিতৰণ কৰা হয়। বাৰছুৰ সভাপতি কমলেশ্বৰ ৰাভাই কামৰূপ আৰু গোৱালপাৰা জিলাত কেতবোৰ বিদ্যালয়ত ৰাভা ভাষা শিকণৰ বাবে চৰকাৰে অঞ্চলটোৰ পৰা ৫০গৰাকী সমল ব্যক্তি নিয়োগ কৰাৰ প্ৰসংগ উল্লেখ কৰি উপস্থিত স্বেচ্ছাসেৱকসকলক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা ৰাভা ভাষা শিক্ষাৰ ছমহীয়া ডিপ্ল’মা পাঠ্যক্ৰমত অংশগ্ৰহণৰ বাবে আহ্বান জনোৱাৰ লগতে নতুন শিক্ষানীতিক সাফল্যমণ্ডিত কৰাৰ বাবে ৰাভা হাছং এলেকাত স্থানীয় ৰাভা ভাষা শিক্ষাই বিশেষ ভুমিকা ল’ব বুলি ইতিবাচক মন্তব্য প্ৰদান কৰে। আনহাতে গ্ৰীষ্মকালীন শৈক্ষিক শিবিৰ প্ৰকল্পৰ সমন্বয়ক শিক্ষক উত্তম দাসৰ সহযোগিতাৰ বাবে শিক্ষা বিষয়াৰ লগতে বাৰছুৰ সভাপতিয়েও ৰাজহুৱাভাৱে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটি পৰিচালনা কৰে স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ বিষয়ববীয়া ৰত্ন দাস আৰু মীনাক্ষী চৌধুৰীয়ে।

শিৰোনামৰ ফটোঃ ৰত্ন দাস

Title Pix: Ratna Das

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward