Thursday, April 25, 2024
HomeARTICLEউদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ৭ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য গৱেষণা কেন্দ্ৰ গুৱাহাটী মহানগৰীৰ কাঁহিকুছিত অৱস্থিত। উত্তৰ–পূৰ্বাঞ্চলৰ উদ্যান শস্য গৱেষণাত একচেতীয়াভাৱে ব্ৰতী থকা একমাত্ৰ চৰকাৰী অনুষ্ঠান। উল্লেখ্য যে, আজি উত্তৰ–পূৰ্বাঞ্চলৰ উদ্যান শস্যৰ একমাত্ৰ গৱেষণা কেন্দ্ৰৰূপে খ্যাতি লাভ কৰা এই প্ৰতিষ্ঠানটো ১৯৫৭ চনত অসম চৰকাৰে ‘পাইনেপল প্ৰজেক্ট’ হিচাপে স্থাপন কৰিছিল। পৰৱৰ্তী পৰ্যায়ৰ ১৯৬০–৬১ এই প্ৰকল্পৰ নাম ‘ৰেজিঅ’নেল ফ্ৰুইটচ ৰিচাৰ্ছ ষ্টেচন’লৈ সলনি কৰে। ১৯৭৩ চনত অসম চৰকাৰে এই সংস্থাটোৰ দায়িত্বভাৰ অসম কৃষি বিশ্ববিদ্যালয়লৈ হস্থান্তৰ কৰে। তেতিয়াৰ পৰাই ‘উদ্যান শস্য গৱেষণা কেন্দ্ৰ’ৰূপে জনাজাত এই সংস্থাটোৱে আজি ৫০বছৰ পূৰ্ণ কৰিছে।

এই উপলক্ষে ৬ ফেব্ৰুৱাৰীত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান এক দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰটোৰ চৌহদত উদযাপন কৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড বিদ্যুৎ চন্দন ডেকাই। ভাষণ প্ৰসংগত তেখেতে কয় যে– ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ আৰ্থিক স্থিতি ক্ষিপ্ৰ গতিত টনকিয়াল কৰাৰ বাবে বিজ্ঞান সন্মত উদ্যান শস্য ভিত্তিক কৃষিকাৰ্যই হৈছে বৰ্তমান সময়ৰ আহ্বান। ইয়াৰ বাবে কৃষকসকলে নিজৰ সক্ষমতা বৃদ্ধিৰ প্ৰয়োজনীয়তা লগতে আধুনিক কৃষি প্ৰযুক্তি সমূহ গ্ৰহণৰ বাবে আগ্ৰহী হ’বই লাগিব। উপাচাৰ্য গৰাকীয়ে– ৰাজ্যখনৰ কৃষকসকলৰ বাবে উপযোগী আৰু লাভজনক উদ্যান শস্য ভিত্তিক কৃষি প্ৰযুক্তি উদ্ভাৱন তথা মূল্যায়নেৰে কৃষকসকলৰ উপকাৰ সাধন কৰা বাবে উদ্যান শস্য গৱেষণা কেন্দ্ৰটোৰ প্ৰতি শলাগ লয়।

 আনহাতে, গৱেষণা কেন্দ্ৰটোৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী তথা অসম কৃষি আয়োগৰ সদস্য ড নলীন কুমাৰ মহনে সভাত উপস্থিত থাকি কয় যে– অসম কৃষি বিশ্ববিদ্যালয়ে উৎপাদন প্ৰযুক্তিৰ গৱেষণাৰ উপৰিও শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু সুনিৰ্দিষ্ট উদ্যান শস্যৰ কৃষিকাৰ্যৰ গৱেষণাৰ জৰিয়তে বৰঙণি আগবঢ়াই আহিছে। ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ আৰ্থিক লাভৰ পথ সূচল কৰাৰ বাবে তেওঁলোকক কৃষক উৎপাদক সংস্থা হিচাপে একত্ৰিকৰণ কৰাৰ সময়ো আহি পৰিছে। এই পন্থাই কৃষকসকলৰ বজাৰ ব্যৱস্থাত এক সৱল স্থিতি গ্ৰহণ আৰু উৎপাদনৰ দৰদামত ক্ষমতা বৃদ্ধি কৰিব।

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড অশোক ভট্টাচাৰ্যই নিজৰ আদৰণি ভাষণত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ গৱেষণা কাৰ্যপন্থা তথা বৰঙণিৰ এক চমু আভাস দাঙি ধৰে।

উল্লেখযোগ্য যে, সোণালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচীৰ লগত সংগতি ৰাখি উদ্যান শস্য গৱেষণা কেন্দ্ৰ প্ৰাংগনত এখনি কৃষি ভিত্তিক প্ৰদৰ্শনীও অনুষ্ঠিত কৰে। প্ৰদৰ্শনীত চৰকাৰী, বেচৰকাৰী বহু অনুষ্ঠানে তেওঁলোকৰ কৃষি প্ৰযুক্তি, উৎপাদিত সামগ্ৰী, জৈৱ–সম্পদ আৰু উদ্ভাৱন সমূহ পৰদৰ্শন কৰে।

কৃষক আৰু বিজ্ঞানীৰ মতবিনিময় অনুষ্ঠানৰ আয়োজনেৰে দিনজোৰা কাৰ্যসূচী সমাপ্ত কৰা হয়। এই অনুষ্ঠানত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে কৃষক সকলৰ প্ৰশ্ন আৰু সমস্যা সমূহৰ যথাযথ উত্তৰ তথা সমাধান সূত্ৰ আগবঢ়ায়।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড বিদ্যুৎ চন্দন ডেকাই কামৰূপ জিলাৰ লোহাৰঘাটৰ মহিলা জালুক খেতিয়ক ঊষা ৰাভা, বোৰ্কা গাঁৱৰ অৰ্কিড ফুলৰ খেতিয়ক দ্বিজেন কলিতা আৰু গোৱালপাৰা জিলাৰ কল খেতিৰ ব্যৱসায়িক কৃষিকাৰ্যৰে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা কৃষক উৎপাদক সংস্থা ‘নাছিৰিবা প্ৰচিউচাৰ কোম্পানী লিমিটেড’ক একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে।

সামৰণি অনুষ্ঠানত কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰায় চাৰি শতাধিক কৃষকে অংশ গ্ৰহণ কৰে। উদ্যান শস্য গৱেষণা কেন্দ্ৰটোৰ পৰা ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা মুখ্য বিজ্ঞানীসকল– গুণেশ্বৰ মেধি, ড কেশৱ শৰ্মা, ড শৰৎ শইকীয়াই আজিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায় কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড যোগেশ চন্দ্ৰ নাথে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward