Friday, April 19, 2024
HomeARTICLEসীমান্তত কোনে বেছি আগ্ৰাসন চলাইছে? অঞ্চলটোত কাৰ নিৰ্দেশত পৰিচালিত হয় অসম বিৰোধী...

সীমান্তত কোনে বেছি আগ্ৰাসন চলাইছে? অঞ্চলটোত কাৰ নিৰ্দেশত পৰিচালিত হয় অসম বিৰোধী চক্ৰ 

প্ৰকাশিত তাৰিখঃ ২১ মাৰ্চ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

শান্তি পূৰ্ণভাৱে চলি থকা অঞ্চল এটাক অশান্ত কৰি তোলাত ব্যস্ত এটা অসম বিৰোধী চক্ৰ। এওঁলোক অসমৰে, একেই গাঁও, একেই জাতি, একেই ভাষা, একেই ধৰ্মৰ মানুহ। বছৰ বছৰ ধৰি একেখন গাঁৱতে সকলোবোৰে ককাই–ভাইৰ দৰেই চলি আহিছিল। কিন্তু অসম–মেঘালয় সীমা নিষ্পতিৰ বাবে দুয়ো ৰাজ্যৰ চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ লগে লগে সকলোবোৰ ওলট–পালট লাগি গ’ল। এশ শতাংশ অসমীয়া গাঁওখনৰ ভূমি অসম চৰকাৰৰ ৰাজহ বিভাগত নথিভূক্ত। কিন্তু তাৰ পিছতো মেঘালয়ত অন্তৰ্ভূক্তিৰ বাবে উঠি পৰি লাগিছে গাঁওখনৰে এটা অসম বিৰোধী চক্ৰই। পশ্চিম গুৱাহাটী সমষ্টিৰ একেবাৰে অন্তিম প্ৰান্তত অৱস্থিত এই বাখালাপাৰা গাঁওখন। গাঁওখনত অসম চৰকাৰে স্থাপন কৰা কেইবাটাও অনুষ্ঠান–প্ৰতিষ্ঠান আছে। তাৰ ভিতৰত এম ই, এল পি স্কুল, অংগৱাদী, উপ–স্বাস্থ্য কেন্দ্ৰও আছে। লগতে অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থসাহাৰ্যত নিৰ্মাণ হৈ উঠা কেইবাটাও সামাজিক অনুষ্ঠানো আছে। নিয়মীয়া বিদ্যুৎ যোগানৰ লগতে ৰাষ্টা–ঘাটবোৰ সুন্দৰভাৱে পকীকৰণ কৰা হৈছে। নিৰ্মাণ হৈছে কেইবাখনো কংক্ৰীটৰ দলং।

বিপৰীতে বাখালাপাৰাক মেঘালয় চৰকাৰেও ‘বাকলাপাৰা’ নামেৰে চৰকাৰী নথিত অন্তৰ্ভূক্তি কৰি লৈছে। গাঁওখনত এজন চৰ্দাৰ নিযুক্তি দিছে। চৰ্দাৰৰ নিজৰফলীয়া একংশ মানুহক ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি কৰি লৈ আধাৰ কাৰ্ড, জব কাৰ্ড, পানকাৰ্ড, ৰেচন কাৰ্ড সকলোবোৰ যোগান ধৰিছে। সেয়ে নহয় সীমান্তত মেঘালয়ে ভূমিৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে অঞ্চলটোত মেলি দিছে কেইবাখনো উন্নয়নমূলক আঁচনি। বিশেষকৈ এম জি এন ৰেগা আঁচনিৰ ধন ভাবিব নোৱাৰা ধৰণে মুকলি কৰি দিছে। জানিবপৰা মতে– মেঘালয়ৰ দ্বাৰা নিযুক্ত চৰ্দাৰজনে এই আঁচনিসমূহৰ কাম–কাজ চোৱাচিতা কৰি আছে। আৰু চৰ্দাৰজনেই কেইজনমান নিজাববীয়া মানুহ লগত লৈ এটি চক্ৰ গঠন কৰিছে, যি চক্ৰই গাঁওখনত অসম বিৰোধী কামকাজ সমূহ কৰি আহিছে। মেঘালয় চৰকাৰে এক আগ্ৰাসী মনোভাৱেৰে এই আঁচনি সমূহ ৰূপায়ণ কৰি আছে। সেয়ে চৰকাৰখনে আঁচনিত আৱণ্টিত ধন ব্যৱহাৰৰ ক্ষেত্ৰত খতিয়ান দাখিলৰ ক্ষেত্ৰত কোনো বাধা–বাধ্যকতা আৰোপ নকৰে। অঞ্চলটোত তেনেধৰণৰ কিমানটা কাম ৰূপায়ণ কৰি নাম ফলক আঁৰি দিয়া হৈছে তাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰে। এই আঁচনি সমূহৰ কামকাজ পৰিচালনা কৰা চৰ্দাৰজন মেঘালয় চৰকাৰৰপৰা ভাবিব নোৱাৰা ধৰণে লাভান্বিত হৈছে। তাৰে কিছু অংশ তেওঁৰ অনুগত চক্ৰটোৰ মাজতো বিলাই দিছে। সেয়ে চক্ৰটোৰ সেইলোকসকল মেঘালয়ৰ জাগ্ৰত প্ৰহৰীৰ দৰে দায়িত্ব পালন কৰি আহিছে। গতিকে তেওঁলোকৰ ব্যক্তিগত লাভালাভৰ কাৰণে মেঘালয় চৰকাৰক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই যোৱাৰ মূল কাৰণ সেইটোৱে।

বাখালাপাৰা গাঁওখনত এই চৰ্দাৰজনৰ নেতৃত্বতে বহুকেইখন আঁচনিৰ নামত কামকৰা দেখুৱাইছে। কামৰ বিপৰীতে মেঘালয় চৰকাৰৰ নাম ফলকো আঁৰি দিছে। কিন্তু অক্ষমণীয় অপৰাধটো হ’ল তেওঁলোকে সকলোবোৰ আঁচনিৰ কামকাজ অসমৰ ৰাজহ ভূমিত ৰূপায়ণ কৰিছে। অসমৰ ৰাজহ ভূমিত অৱস্থিত গাঁওখনৰ ৰাজহুৱা কৱৰস্থান আৰু গীৰ্জালৈ যোৱা পথছোৱাতো মেঘালয় চৰকাৰৰ নাম ফলক আঁৰি দিছিল। চৰকাৰী গাঁওবুঢ়া দীপাংকৰ ৰাভাই অসম বিৰোধী চক্ৰটোৰ এনে কাৰ্যত বাধা প্ৰদান কৰিছিল, যদিও ওলোটাই ধমকহে দিয়ে। যোৱা ১৯ মাৰ্চত কোনোলোকে সেই নাম ফলক দুখন ভাঙি দিয়ে। লগে লগে চৰ্দাৰজনে মেঘালয় পুলিচক খবৰ দিয়ে। চৰ্দাৰজনৰ খবৰৰ ভিত্তিত বিশাল বাহিনীৰ সৈতে মেঘালয় পুলিচ গাঁওখনত উপস্থিত হয়। গাঁওখনৰে দুজনলোক সবেন্দ্ৰ ৰাভা আৰু নকুল (মেৰেং) ৰাভাৰ নাম সাঙুৰ খাই পৰে কেৱল চৰ্দাৰজনৰ আক্ৰোশৰ বাবে। পুলিচে দুয়োজনকে বিচাৰ–খোচাৰ কৰিও লগ নোপোৱাত ২০ মাৰ্চত ৰাণীস্থিত মেঘালয় পুলিচৰ এণ্টি ডেক’ইট কেম্পত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

প্ৰকৃততে সীমান্তৰ ভূমি দখলৰ বাবে কোনে বেছি আগ্ৰাসী ভূমিকা পালন কৰিছে? অঞ্চলটোত অসম চৰকাৰে নিজৰ ভূমিত বসুন্ধৰা আঁচনি ৰূপায়ণৰ বাবে এলানী জৰীপ কাৰ্য চলাই পীলাৰ স্থাপন কৰিছিল। কিন্তু অসমত থাকি মেঘালয়ক সমৰ্থন কৰি যোৱা ব্যক্তিকেইজনৰ সহযোগত এদল খাছিলোক আহি উমচুৰ আৰু বাখালাপাৰাৰ কুণ্ডিল নগৰত দুটাকৈ পীলাৰ ভাঙি দিবলৈ সাহস কৰিছিল। সেয়ে নহয় মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অসমৰ এই পীলাৰ নিৰ্মাণ কাৰ্যত আপত্তিও দৰ্শাইছিল। যাৰ ফলস্বৰূপে ১৬ মাৰ্চত দুয়ো ৰাজ্যৰ প্ৰশাসনীয় বিষয়ববীয়াৰ উপস্থিতিত পীলাৰবোৰ উঠাবলগীয়া হৈছিল। যিহেতু দুয়ো ৰাজ্যৰ মাজত সীমা সমস্যা সমাধানৰ ব্যৱস্থা অব্যাহত আছে সেয়ে খাছিসকলে পীলাৰ ভঙা কাৰ্যত অসমৰ বাসিন্দাসকলে বাধা অথবা প্ৰতিবাদ কৰা নাছিল। কিন্তু অসমৰ ৰাজহ ভূমিত মেঘালয়ে স্থাপন কৰা নাম ফলক কোনোলোকে ভাঙি দিয়াৰ লগে লগে সেই ৰাজ্যখনৰ প্ৰশাসনীয় বিভাগ সমূহ কিয় ইমান সৰৱ হৈ পৰে? দৌৰি আহি সকলোবোৰ সীমান্তত উপস্থিত হয়! অসমে নিজৰ ভূমিত কামকাজ আৰম্ভ কৰোতে মেঘালয়ে আপত্তি কৰিবলগীয়া যুক্তি ক’ত? বিষয়টো আমি তৰলভাৱে চিন্তা কৰিলে নহ’ব। গাঁওবাসীয়ে জনোৱা মতে– অসম বিৰোধী চক্ৰটোৰ সকলোৰে ঘৰ–দুৱাৰ, মাটি–বাৰী অসমৰ ৰাজহ ভূমিত অৱস্থিত, মাতৃভাষা অসমীয়া, সকলো সা–সুবিধা অসমৰপৰাই গ্ৰহণ কৰিছে। মাত্ৰ কেইটামান টকাৰ বিনিময়ত মেঘালয়ৰ অন্ধ সমৰ্থক হৈ ককাই–ভাইৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। সেয়ে চৰ্দাৰজনেও ভবিষ্যত প্ৰজন্মৰ বাবে এনে অসাংবিধানিক কামকাজ, চিন্তা–ধাৰাৰ পৰা বিৰত থকা ভাল। 

বাখালাপাৰাত যিকোনো মুহুৰ্তত অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি গাঁওবাসীয়ে আশংকা প্ৰকাশ কৰিছে। আতংকত তেওঁলোকে সময়বোৰ পাৰ কৰিবলগা হৈছে। তেওঁলোকৰ মনৰ স্তুপীকৃত আশংকাবোৰ পলাশবাৰী থানাৰ বিষয়া, স্থানীয় বিধায়কৰ লগতে বিভিন্ন পক্ষক অৱগত কৰিছে। ৰাইজৰ দুখ–দূৰ্দশাৰ সময়ত কোনেও খা–খবৰ নকৰাত তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিছে। তাৰমাজতে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা সহিতে এটি প্ৰতিনিধিৰ দ’ল গাঁওখনত উপস্থিত হৈ ৰাইজৰ দুখ–দূৰ্দশাৰ খা–খবৰ লৈছে। ছাত্ৰ সংগঠনটোৰ বাদে বৰ্তমানলৈকে কোনো এটা দল–সংগঠনে উক্ত গাঁওখনত উপস্থিত হোৱা নাই। আনকি সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও এই মুহুৰ্তলৈকে ৰাইজৰ ওচৰত উপস্থিত হোৱা নাই। সীমা সমস্যা সমাধান সন্দৰ্ভত দুয়ো ৰাজ্যৰ মাজত আলোচনা অব্যাহত থকাৰ সময়ত মেঘালয় চৰকাৰে কেনেকৈ শক্তি প্ৰয়োগ কৰিব পাৰে(?) বুলি গাঁওবাসীৰ মনত প্ৰশ্ন জাগিছে। আজি কেইমাহ মানৰপৰা অসম বিৰোধী চক্ৰটোৰ সাহসত অঞ্চলটোত খাছিলোকৰ অতপালি বাঢ়িছে। অসম চৰকাৰে এই বিৰোধী চক্ৰটোৰ ওপৰত অতিসোণকালে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ’লে অঞ্চলটোত খাছিলোকৰ অতপালি বন্ধ নহ’ব। বৰঞ্চ ই দিনক দিনে জটিলতাৰ দিশেহে গতি কৰিব। অঞ্চলটোত হিংসাৰ দাবানল জ্বলি উঠাৰ আগতে অসম চৰকাৰৰ প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ কৰক। এইক্ষেত্ৰত ৰাইজে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপ বিছাৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward