Friday, April 19, 2024
Homeবাতৰিসেউজ ন্যায়াধিকৰণৰ বাধা আৰোপঃ দ্বিতীয়টো ৰে’লপথ নিৰ্মাণ কৰিব নোৱাৰিব দীপৰ বিলত

সেউজ ন্যায়াধিকৰণৰ বাধা আৰোপঃ দ্বিতীয়টো ৰে’লপথ নিৰ্মাণ কৰিব নোৱাৰিব দীপৰ বিলত

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৮

চি এন ডেক্স

ভাৰতীয় ৰে’ল বিভাগে সমগ্ৰ দেশৰ একক ৰে’লপথ সমূহ দ্বৈত ৰে’লপথলৈ উন্নিতকৰণৰ যি আঁচনি গ্ৰহণ কৰিছিল সেয়া পূৰণ কৰিব নোৱাৰিব দীপৰ বিলত। প্ৰকৃতি তথা জীৱকুলৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা দীপৰ বিলৰ মাজেৰে যোৱা পথছোৱা দ্বৈত ৰে’লপথলৈ উন্নীত কৰিব নোৱাৰিব। অলপতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে উত্তৰ–পূব সীমান্ত ৰে’লৱেক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

খাদ্যৰ সন্ধানত দীপৰ বিললৈ অহা–যোৱা কৰা বনৰীয়া হাতী আৰু অন্যান্য জীৱ–জন্তু সমূহক এই ৰে’লপথছোৱাই বাধাৰ সৃষ্টি কৰা বুলি পৰিৱেশ সচেতক ৰোহিত চৌধুৰীয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত এক আবেদন দাখিল কৰিছিল। উক্ত আবেদনৰ ভিত্তিত দীপৰ বিলত দ্বৈত ৰে’লপথ নিৰ্মাণত বাধা আৰোপ কৰিছে।

অৱশ্য বিষয়টো চোৱাচিতাৰ বাবে ন্যায়াধিকৰণে যোৱা জানুৱাৰী মাহত অসমৰ মুখ্য সচিবক অক্ষ্যক্ষ হিচাপে লৈ এখন গঠন কৰি দিছিল। পৰিৱেশ সচেতক ৰোহিত চৌধুৰীয়ে দাখিল কৰা আবেদনৰ বিষয়টো বিবেচনা কৰি এক প্ৰতিবেদন দাখিল কৰিবৰ বাবে এই কমিটিখনকে দায়িত্ব অৰ্পন কৰিছিল। যদিও উক্ত কমিটিখনে আজিলৈকে কোনো প্ৰতিবেদন দাখিল নকৰিলে। কমিটিখনে প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত উত্তৰ–পূব সীমান্ত ৰে’লৱেক ৰে’লপথ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল।

যোৱা ৮ অক্টোবৰত অনুস্থিত হোৱা এক শুনানি কালত ন্যায়াধিকৰণে পূৰ্বৰ ব্যৱস্থাকে বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। কিন্তু উত্তৰ–পূব সীমান্ত ৰে’ল বিভাগে সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ অমান্য কৰিছে। শুনানি কালত ন্যায়াধিকৰণক উত্তৰ–পূব সীমান্ত ৰে’লৱেই পাল মৰা যুক্তি প্ৰদান কৰাৰ বিপৰীতে বিভাগে ভিতৰি ভিতৰি ৰে’লপথ নিৰ্মাণ কাৰ্য চলাই থকা বুলি এক সূত্ৰত প্ৰকাশ। ৰে’ল বিভাগৰ এনে কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰি ন্যায়াধিকৰণে নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ পুনৰ কঠোৰ সকিয়নী জাৰি কৰে। যদি এই নিয়ম ভংগ কৰে তেনেহ’লে উত্তৰ–পূব ৰে’ল বিভাগে বিহীত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও সকিয়নি দিয়ে।     

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward