Friday, April 19, 2024
HomeNEWSঝাৰোবড়ী আঞ্চলিক শাৰদীয় শ্ৰীশ্ৰীদুৰ্গা পূজা সোণালী জয়ন্তীবৰ্ষ উদযাপন

ঝাৰোবড়ী আঞ্চলিক শাৰদীয় শ্ৰীশ্ৰীদুৰ্গা পূজা সোণালী জয়ন্তীবৰ্ষ উদযাপন

প্ৰকাশিত তাৰিখঃ ২৪ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ‘ঝাৰোবড়ী আঞ্চলিক শাৰদীয় শ্ৰীশ্ৰীদুৰ্গা পূজা’ পলাশবাৰী আৰু পশ্চিম গুৱাহাটী দুয়োটা সমষ্টিৰ ৩৫খন গাঁৱে মিলিজুলি আয়োজন কৰি আহিছে। ১৯৭২ চনত স্থাপিত ঝাৰোবড়ী দুৰ্গা পূজাখন বৰ্তমান পঞ্চাশটা বৰ্ষ গৰকিছে। সেয়ে শাৰদীয় দুৰ্গা পূজাখন এইবাৰ সোণালী জয়ন্তীবৰ্ষ হিচাপে উদযাপন কৰিব।

সোণালী জয়ন্তীবৰ্ষ উপলক্ষে এইবাৰ ঝাৰোবড়ী আঞ্চলিক শাৰদীয় দুৰ্গা পূজা অহা ২৫ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ এঘাৰ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। আয়োজক সমিতিয়ে সোণালী জয়ন্তীবৰ্ষৰ সকলো কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্ব ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। পূজাস্থলীত সাংস্কৃতিক সন্ধিয়া আৰু বাণিজ্য মেলাৰো আয়োজন কৰিছে। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ কুমাৰ ভৱেশ আৰু সুৱাসনা দত্ত। লগতে পূজাৰ প্ৰতিটো নিশা নামৰীয়া, ঢুলীয়া, যাত্ৰা দলৰ ব্যৱস্থা ৰাখিছে।  

উল্লেখযোগ্য যে, দুৰ্গা পূজা আয়োজক সমিতিয়ে দুই অক্টোবৰত মুকলি সভা আয়োজন কৰিছে। উক্ত সভাত সোণালী জয়ন্তীবৰ্ষৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড জয়ন্ত মাধৱ বৰাই। অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটীস্থিত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদক ড গজেন্দ্ৰ অধিকাৰী, বিশ্ব ব্ৰাহ্মণ ফেডাৰেচন, অসম প্ৰান্তৰ সভাপতি সুনীল গোস্বামী, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক যোগেশ কুমাৰ কলিতাই নিৰ্দিষ্ট বক্তাৰূপত উপস্থিত থাকিব। সভাখনত বিশিষ্ট সমাজ সেৱক হিমাংশু শেখৰ বৈশ্যও নিমন্ত্ৰিত অতিথি ৰূপত উপস্থিত থাকিব।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward