Thursday, March 28, 2024
HomeUncategorizedসোণালী জয়ন্তী বৰ্ষ উপলক্ষে অৰুণোদয় কালচাৰেল ক্লাৱ, শিকাৰহাটীৰ বিনামূলীয়া চিকিৎসা শিৱিৰ

সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অৰুণোদয় কালচাৰেল ক্লাৱ, শিকাৰহাটীৰ বিনামূলীয়া চিকিৎসা শিৱিৰ

প্ৰকাশিত তাৰিখঃ ১৯ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

চি এন ডেস্ক –

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অৰুণোদয় কালচাৰেল ক্লাব, শিকাৰহাটীৰ সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী চলি আছে। বিগত ২০২০ চনৰ ৫ ডিচেম্বৰৰপৰা আৰম্ভ হোৱা কাৰ্যসূচী চলিত বৰ্ষৰ ২৮ ডিচেম্বৰৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অন্ত পৰিব।

এই উপলক্ষে ১৯ নৱেম্বৰত অৰুণোদয় কালচাৰেল ক্লাৱে এখনি স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে। উক্ত চিকিৎসা শিৱিৰত  অসম চিকিৎসা সেৱা সংস্থা, কামৰূপ মহানগৰ জিলা গোট, সৰ্বভাৰতীয় চৰ্মৰোগ বিশেষজ্ঞ সন্থাৰ গুৱাহাটী শাখা আৰু যুটীয়া সঞ্চালক কামৰূপৰ ভ্ৰাম্যমান চিকিৎসা গোটৰ চিকিৎসক –কৰ্মীসকলে অংশ গ্ৰহণ কৰে।

ক্লাৱৰ বিষয়ববীয়া দীগন্ত তালুকদাৰে আতধৰা অনুষ্ঠানটোত উপস্থিত থকা ডা অনলজোতি বৰদলৈ, ডা বনজিত পাঠক, ডা অৰুণ কোৱঁৰ, ডা বিনয় তালুকদাৰ, ডা অনিতা বৰুৱা, ডা জাহ্নৱী গগৈ, ডা অৰুণা দেৱী, ডা চাজনী পুঞ্চী মান্তা, ডা তৰুণ চন্দ্ৰ দাস, ডা ইন্দ্ৰানী দে’, ডা কনক তালুকদাৰ, ডা লীজা মহন্ত আদি কেইবাজনো চিকিৎক, ফাৰ্মাচিষ্ট, নাৰ্চক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনাৰ অন্তত চিকিৎসা শিৱিৰ ৰাইজলৈ মুকলি কৰি দিয়ে শ্ৰীশ্ৰীকলীয়া ঠাকুৰ বিগ্ৰহ সত্ৰ, শিকাৰহাটীৰ সত্ৰাধিকাৰ যোগেন মহন্ত অধিকাৰীয়ে।

শিৱিৰত চিকিৎসকসকলে বিভিন্ন ৰোগৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ৰক্তপৰীক্ষা, ঔষধ আদি প্ৰদান কৰে। উক্ত চিকিৎসা শিৱিৰটোৰ জৰিয়তে অঞ্চলটোৰ দুখীয়া লোকসকলে উপকৃত হোৱা বুলি ব্যক্ত কৰে জেষ্ঠ চিকিৎসক কনক তালুকদাৰে। শিৱিৰত অংশ গ্ৰহণ কৰা প্ৰতিজন চিকিৎসক লগতে চিকিৎসা কৰ্মীৰ প্ৰতি অৰুণোদয় কালচাৰেল ক্লাৱে শলাগ লয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward