Friday, March 29, 2024
HomeARTICLEসাৰ্ব্বভৌম, বিজ্ঞানসন্মত স্বাধীন শিক্ষা

সাৰ্ব্বভৌম, বিজ্ঞানসন্মত স্বাধীন শিক্ষা

প্ৰকাশিত তাৰিখঃ ২০ ফেব্ৰুৱাৰী, ২০২৩

কল্প ৰঞ্জন গগৈ –

দৰ্শন–দাৰ্শনিক এজনৰ মতে একৈশ শতিকা হৈছে মনোবিজ্ঞানৰ শতিকা (Era of Psychology)। ই বৰ্তমানে কৃত্ৰিম মেধাৰ দ্বাৰা পৰিচালিত। ধনতন্ত্ৰৰ চৰম পতনৰ সময়। এই চৰম পতনৰ পৰা ৰক্ষা পাবলৈ বিজ্ঞাপন–প্ৰদৰ্শনীৰ আশ্ৰয়। ধনতন্ত্ৰৰ চৰম সংকট হৈছে অত্যাধিক উৎপাদন (Over Production)। সেয়ে অপসংস্কৃতিৰ সহায়ত জনগণৰ শোৱনী কোঠালৈকে ‘ভোগবাদৰ চিকৰা’ মেলি দিয়া হৈছে। বৈশ্য যুগত ভোগেই সাৰ– ধনেই সাৰ। জ্ঞান–প্ৰজ্ঞা মানে কৃত্ৰিম মেধা (Artificial Intelligence)।

সেয়ে যন্ত্ৰ বাদ দি কাৰো জীৱন নচলে। কিন্তু পৃথিৱী যি পথে গতি কৰিছে বা পৰিচালিত হৈছে তাৰ পৰিণাম ভয়ংকৰ। নিৰপেক্ষ হৈ থকা বুদ্ধিমান, সচেতন সু–সচেতনসকলৰ বাবে বিপদজ্জ্বনক। ইয়াতেই বিদ্বৎ সকলৰ লগতে পৰিয়াল আৰু সমাজৰ দায়িত্ব। সমাজখনত চৰ্চ্চা হ’ব লাগিব বিশ্বৰ শোকগাঁথাৰ লগতে মানুহৰ বীৰ গাঁথা। জনাব লাগিব শুদ্ধ আৰু সঠিক কোনবোৰ আৰু ভুল কোনবোৰ।

ৰূপান্তৰেহে জগত ধুনীয়া কৰে। সেয়ে বিদ্বৎ সমাজে কেৱল ব্যাখ্যা কৰাতে আৱদ্ধ নাথাকি ইয়াৰ পৰিৱৰ্তনৰ বাবে চেষ্টা চলাব লাগিব। ৰূপান্তৰ ঘটাব লাগিব পুৰণি বৰ্বৰ যুগৰ সকলোবোৰ ধ্যান ধাৰণা। অৱশ্যে পুৰণিৰ মাজৰ সুন্দৰ, প্ৰগতিশীল কথাবোৰ দলিয়াই পেলাব নোৱাৰি। ঠিক সেইদৰে নতুনৰ মাজত থকাবোৰৰো সকলো খিনিকে গ্ৰহণ কৰিব নোৱাৰি।

ইয়াৰ বাবে প্ৰথমে প্ৰয়োজন হ’ব ভোগবাদৰ পৰা মুক্ত হ’বলৈ অধ্যয়নৰ আন্দোলন– চিন্তা সংঘৰ্ষৰ। এই আন্দোলনৰ প্ৰথম কাম হ’ব প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰি যোৱা। ব্যক্তিৰ লগতে সমাজ চিন্তা অৱশেষত প্ৰশ্ন– কাৰ লাভ হ’ব বা হৈছে (Who stands to gain)?

আমাৰ জন্ম পুৰণি পিছপৰা এখন দৰিদ্ৰ সমাজত। সেয়ে সেই সমাজৰ সকলো বদ্‌ চৰিত্ৰ আমাৰ গাত লিপিট খাই আছে। সংবাদ মাধ্যমে আমাক নতুন সমাজ গঢ়িবলৈ এই বিচ্যুতি– বিসংগতিবোৰ অহৰহ দেখুৱাই আছে যাতে আৰু শুদ্ধ কৰ্মসূচীৰে ইয়াক পৰিস্কাৰ কৰিব পাৰি।

এটা কথা ঠিক– সমাজ নামৰ কেঁচুৱাটো ধুই–পখালি লেতেৰা পানীখিনিহে পেলাই দিব লাগিব। আমাৰ অধ্যয়নত ভুল আছে। সঠিক দৰ্শনৰ অভাৱ আছে বাবেহে নিজৰ ভিতৰৰ অবৈৰীমূলক দ্বন্দবোৰ বৈৰীমূলক কৰি থৈ দিছো। ফলত লাভ হৈছে আমাৰ শত্ৰপক্ষৰ।

বিদ্বৎ সকলে অধ্যয়নৰ বাবে সামগ্ৰী– কিতাপ দিয়েই আছে। তাৰ সহায়ত কুৰি শতিকাতে আমাৰ সমাজে পূৰ্ণতা পাব লাগিছিল। উন্নত গণতান্ত্ৰিক দেশবোৰো আজি একেই বেমাৰত ৰোগাগ্ৰস্ত। সমাজখনত পৰিমাণগতভাৱে বহু পৰিৱৰ্তন হৈছে। কিন্তু গুণগতভাৱে?

অৰ্থনীতিৰ পৰিৱৰ্তন হৈছে কিন্তু ৰাজনৈতিক– সাংস্কৃতিকভাৱে? অথচ সমাজখন আকাশৰ পৰা সৰি পৰা নাই– মানুহবোৰো সমাজৰে সৃষ্টি।

আমাৰ বাবে এটাই পৰীক্ষা– সংবিধানখনৰ প্ৰস্তাৱনা অনুসৰি ভাৰতবাসী আগবাঢ়িছে নে নাই? যদি নাই যোৱা দোষ শিক্ষাৰ নহয় জানো?

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward