Tuesday, April 29, 2025
HomeNEWSৰাণীত পুনৰ উদ্ধাৰ বনৰীয়া হাতীৰ শৱদেহ

ৰাণীত পুনৰ উদ্ধাৰ বনৰীয়া হাতীৰ শৱদেহ

প্ৰকাশিত তাৰিখঃ ২৪ মাৰ্চ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

পূব গুৱাহাটী বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাৱাসিং সংৰক্ষিত বনাঞ্চলৰ ডেউচটালত ২৩ মাৰ্চত বনৰীয়া হাতীৰ এটি শৱদেহ উদ্ধাৰ হয়। শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰৈত উদ্ধাৰ হোৱা হাতীটো প্ৰায় এমাহ আগতে মৃত্যু ঘটা বুলি অনুমান কৰা হয়। ইতিমধ্যে শুকাই যোৱা শৱদেহটোৰ গাত মাংস নাইকীয়া হৈ গৈছে।

এই সংবাদ লাভ কৰাৰ লগে লগে ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মন, সহকাৰী বন সংৰক্ষক আৰু পশু চিকিৎসকৰ দল এটি ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ যাবতীয় পদক্ষেপৰ পিছত পশু চিকিৎসকৰ দলটোৱে হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কেইবাটাও নমুনা সংগ্ৰহ কৰে।

উল্লেখ্য যে পশু চিকিৎসকৰ নমুনা সংগ্ৰহৰ পিছত বন বিভাগে হাতীটোৰ শুকান হৈ পৰা শৱদেহ ঠাইতে জ্বলাই থৈ আহে। বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মনে প্ৰকাশ কৰা মতে বনৰীয়া হাতীটোৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈ একো কাৰণ জানিবপৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহি পোৱাৰ পিছতহে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব।

এই অভিযানটোত শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া দুলু মহন্ত, জয়পুৰ বনগাঁৱৰ গাঁওবুঢ়া হেমন্ত কে মাৰাক লগতে বন বিভাগৰ কৰ্মচাৰীয়ে সহযোগ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward