Friday, May 16, 2025
Homeবাতৰিঅসম-মেঘালয় সীমাঞ্চলৰ উমশ্ৰুত ৰবৰ পুলিৰ নাৰ্চাৰী পৰিদৰ্শন

অসম-মেঘালয় সীমাঞ্চলৰ উমশ্ৰুত ৰবৰ পুলিৰ নাৰ্চাৰী পৰিদৰ্শন

প্ৰকাশিত তাৰিখঃ ৬ মে’, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ অসম-মেঘালয় সীমাঞ্চলৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ উমশ্ৰুত ওমেগা গ্ৰীণ ছ’লিউচন নামৰ সংস্থাটিয়ে ৰবৰ পুলি উৎপাদনৰ বৃহৎ পৰিসৰৰ নাৰ্চাৰী এখন গঢ়ি তুলিছে। ৩০ এপ্ৰিলত অটোম’টিভ টায়াৰ মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন চমুকৈ এ টি এম এ’ৰ অধ্যক্ষ অৰুণ মামমেনৰ সৈতে ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক এম বসন্তগেছনৰ সৈতে এ টি এম এ’ৰ এটা দল উক্ত নাৰ্চাৰীখন পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত মেনুফেকচাৰিং সংস্থাটিৰ অধ্যক্ষ অৰুণ মামমেনে কয় যে ভাৰতীয় ৰবৰ ব’ৰ্ডৰ তত্বাৱধানত এই নাৰ্চাৰীখন স্থাপন কৰা হৈছে। ২০২১ চনত স্থাপন কৰা এই নাৰ্চাৰীখনত এ টি এম এ এম, আৰ এফ চি ই এ টি, এপল’ আৰু জে কে টায়াৰকে ধৰি চাৰিটা বিশাল কোম্পানীয়ে সমৰ্থন আগবঢ়োৱাৰ লগতে ১,১০০ কোটি বিনিয়োগ কৰিছে।

উল্লেখ যে ছিকিমৰ বাদে উত্তৰ-পূবৰ বেছিভাগ ৰাজ্যতে ৰবৰ গছ ৰোপণ কৰা বুলিও সংস্থাটিৰ অধ্যক্ষগৰাকীয়ে কয়। অসমৰ গাত লাগি থকা মেঘালয় হৈছে অন্যতম ৰাজ্য, সেয়েহে আমি ইয়ালৈ নাৰ্চাৰী আৰু বাগিচা পৰিদৰ্শন কৰিবলৈ আহিছো। ঘৰুৱা ৰবৰ উৎপাদনৰ ক্ষেত্ৰখন শক্তিশালী কৰাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে অসম সহ উত্তৰপূবত ৩ হাজাৰ হেক্টৰ মাটি ৰবৰ খেতিৰ অধীনলৈ অনা। ইয়াৰ ফলত দেশৰ স্বাৱলম্বী টায়াৰ উৎপাদনৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব।

আনহাতে, পৰিদৰ্শনকালত ভাৰতীয় ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক এম বসন্তগেছনে কয় যে নাৰ্চাৰীখনে ইতিমধ্যে বহু স্থানীয় যুৱকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে আৰু অঞ্চলটোত ৰবৰ খেতিৰ অনুঘটক হিচাপে কাম কৰি আছে। এইপদক্ষেপ গ্ৰাম্য অৰ্থনীতিৰ বাবে এক পৰিৱৰ্তনশীল পদক্ষেপ বুলিও তেওঁ অভিহিত কৰে।

উল্লেখ্য যে ওমেগা গ্ৰীণ ছলিউচনৰ ৰবৰৰ পুলি সাত বছৰৰ ভিতৰত পৰিপক্ক হৈ উৎপাদন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্থানীয় জনসাধাৰণৰ বাবে বহনক্ষম আয় আহৰণ আৰু স্বাৱলম্বীতাৰ পথ মুকলি হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward