Friday, April 19, 2024
Homeবাতৰিৰহবাহ গাঁৱৰ বাসিন্দাসকলৰ অভিনৱ পদক্ষেপ

ৰহবাহ গাঁৱৰ বাসিন্দাসকলৰ অভিনৱ পদক্ষেপ

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ৰহবাহ মেঘালয়ৰ এখন সৰু গাঁৱৰ নাম। দক্ষিণ পশ্চিম খাচি পাহাৰ জিলাৰ অন্তৰ্গত এই গাঁওখন মকৰৱাট চহৰৰ পৰা ১৪ কিমি দূৰত্বত অৱস্থিত। ২৫০ ঘৰ খাচি সম্প্ৰদায়ৰ পৰিয়ালে বসবাস কৰা এখন শান্তিপূৰ্ণ গাঁও। সম্প্ৰতি জিলা প্ৰশাসন আৰু ভূমি সংৰক্ষণ বিভাগৰ সহযোগত মাথাউপডাহ এৰিয়া ৰিলাং ফিছিং এচোশ্বিয়েচনে ‘নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন কমিউনিটি ৰিচৰ্ছ মেনেজমেন্ট প্ৰজেক্ট’ৰ অন্তৰ্গত পৰিবেশ সংৰক্ষণৰ এক দৃঢ় পদক্ষেপত গ্ৰহণ কৰিছে। মূখ্যতঃ পৰিৱেশ আৰু মানুহৰ ভাৰাসাম্য ৰক্ষাৰ বাবে গাঁওবাসীৰ এই পদক্ষেপ।

ৰহবাহ গাঁওখনত আছে ৱাহৰিলাং নামৰ ৩০০ মিটাৰ দৈৰ্ঘৰ প্ৰায় হাজাৰোধিক সৰু–বৰ মাছৰ সংখ্যা থকা এখন মৎস্য অভয়াৰণ্য। এই অভয়াৰণ্যখনে পাঁচ বছৰ আগতে স্বীকৃতি লভিছিল। এতিয়া গাঁওবাসীয়ে এই মৎস্য অভয়াৰণ্যখনত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰ পৰিৱৰ্তে বিলুপ্তপ্ৰায় বন্যপ্ৰাণী, গছ–গছনি সংৰক্ষণ লগতে মৎস্য অভয়াৰণ্যখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তুলিবলৈহে অধিক গুৰুত্ব প্ৰদান কৰিছে।

ৰহবাহ গাঁৱৰ বাসিন্দাসকলে গ্ৰহণ কৰা এনে আদৰ্শনীয় সিদ্ধান্তক ওচৰ চুবুৰীয়া গাঁওসমূহেও ব্যাপক সমৰ্থন আগবঢ়াইছে।

যি সময়ত অসমত এচাম লুভীয়া মানুহৰ হাতত প্ৰাকৃতিক সম্পদ সমূহ দিনক দিনে ধ্বংস হৈ আছে, হাতী–মানুহৰ সংঘাতত মৃত্যু হোৱা মানুহৰ সংখ্যা বাঢ়ি আছে তেনে সময়তে চুবুৰীয়া ৰাজ্য এখনৰ সৰু গাঁৱে এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ কাম–কাজৰ উৎসাহ–উদ্দীপনা জানি–শুনি আমাৰ অসমৰ গাঁওসমূহৰ কৰণীয় একো নাই নেকি? অসমৰ কোনো গাঁৱে এই বিষয়ৰ ওপৰত কিবা চিন্তা–চৰ্চা কৰিব নে?

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward