Friday, March 29, 2024
Homeবাতৰিৰাংছাপাৰা স্বচ্ছতাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম গাঁও

ৰাংছাপাৰা স্বচ্ছতাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম গাঁও

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ৰাংছাপাৰা গাৰো জনগোষ্ঠী অধ্যুষিত এখন গাঁও। গোৱালপাৰা জিলা সদৰৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাঁওখন। জিলাখনৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত এই গাঁওখনে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা ৰাজ্যখনৰ ভিতৰতে স্বচ্চতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে।

উল্লেখ্য যে ২০১১ চনৰ লোকপিয়লত প্ৰকাশিত তথ্য অনুসৰি ৰাংছাপাৰা গাঁওখনৰ মুঠ পৰিয়ালৰ সংখ্যা ৮৮ টা আৰু মুঠ জনসংখ্যা ৪৭৪ জন। পুৰুষ ২৩০ জন আৰু মহিলা ২৪৪ জনী। গাঁওখনৰ শিক্ষিতৰ হাৰ ৫০ শতাংশ। ব্যৱসায় আৰু চাকৰি কৰা লোকৰ সংখ্যা ১০ শতাংশ যদিও অধিকাংশ লোকে কৃষিকাৰ্যৰে জীৱন নিৰ্বাহ কৰে।

গাৰো সমাজ মাতৃপ্ৰধান যদিও সমাজ পৰিচালিত হয় পুৰুষৰ দ্বাৰা। গাঁওবুঢ়া (নক্মা) গাঁওখনৰ প্ৰধান প্ৰশাসক। তেওঁৰ অধীনত গাঁওখন পৰিচালিত হয়। ৰাংছাপাৰা গাঁওখনো গাঁওবুঢ়াৰ দ্বাৰা পৰিচালিত। গাঁওবুঢ়াৰ নেতৃত্বতে গাঁওখনক নিকা কৰি ৰাখিবলৈ ২০০২ চনৰ পৰাই প্ৰস্তুতি চলে। সেইমতে পৰিচালনা কমিটি এখনো গঠন কৰে। উক্ত কমিটিখনতে গাঁওখন পৰিচালনাৰ নীতি–নিয়ম সমূহ নিৰ্ধাৰণ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward