Saturday, April 27, 2024
Homeপ্ৰবন্ধব্ৰহ্মপুত্ৰৰ বুকুৰপৰা পুনৰুদ্ধাৰ কৰা মাটিত কৰা কলখেতি পুনৰ খহনীয়াৰ সংকটত

ব্ৰহ্মপুত্ৰৰ বুকুৰপৰা পুনৰুদ্ধাৰ কৰা মাটিত কৰা কলখেতি পুনৰ খহনীয়াৰ সংকটত

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ, ২০১৭

 

কিশোৰ তালুকদাৰ –

চাৰি দশকৰ আগতে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কামৰূপ জিলাৰ বৰতাৰী, কন্দলপাৰা আৰু বেজাৰতাৰী গাৱঁৰ প্ৰায় ৩০০ পৰিয়ালৰ বিস্তীৰ্ণ খেতি-মাটি উটুৱাই নিয়াৰ ফলত এই পৰিয়ালকেইটি একেবাৰেই উপান্ত হৈ পৰিছিল। অৱশেষত এই পৰিয়ালকেইটাই নদীৰ বালিত কল খেতি কৰি নিজৰ দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছিল। ইতিমধ্যে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে সেই অংশত স্পাৰ নিৰ্মাণ কৰাৰ ফলত সেই অংশত গেদ জমা হৈ মাটিবোৰ খেতিৰ উপযোগী হৈ পৰিছিল। আৰু খেতিয়কসকলেও সকাহ অনুভৱ কৰিছিল।

কিন্তু ২০১৫ চনৰপৰা এলেকাটি পুনৰ খহনীয়াৰ কবলত পৰে আৰু খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত নদী পুনৰ আগুৱাই আহে। এতিয়া নদীৰ এই আগ্ৰাসনৰ বাবেই নদীৰ গেদ পৰি পাৰত জমা হোৱা ৭ কিলোমিটাৰ এলেকাৰ প্ৰায় ২০০০ বিঘা মাটিৰ কলৰ খেতি পুনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হৈছে। কলৰ খেতি কৰা এলেকাটোৰ প্ৰায় তিনি কিলোমিটাৰ এলেকা এই খহনীয়াৰ কবলত পৰিছে। সময় থাকোতেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে এই মাটিখিনি পুনৰ খহনীয়াই গ্ৰাস কৰিব বুলি গাঁওবাসীয়ে অহৰহ শংকাত ভূগিছে।

উল্লেখযোগ্য যে, কেইজনমান যুৱকৰ প্ৰচেষ্টাতেই এলেকাটিত কম পৰিমাণৰ মাটিত মালভোগ কলৰ খেতিৰ আৰম্ভণি হৈছিল। তেঁওলোক ব্যৱসায়িকভাৱে কৃতকাৰ্য হোৱাৰ লগে লগে আন বহুতো যুৱক অনুপ্ৰাণিত হয় আৰু বৰ্তমানলৈ প্ৰায় ২০০০ বিঘা মাটিলৈ এই খেতিৰ সম্প্ৰসাৰণ ঘটিছে।

খেতিয়কসকলে কয় যে গুৱাহাটীৰপৰা ৩৩ কিলোমিটাৰ নিলগৰ ফুটুৰী এলেকাটি ১৯৭৭ চনলৈকে প্ৰবল খহনীয়াৰ কবলত পৰাৰ পিছত লাহে লাহে ইয়াৰ প্ৰকোপ কমি আহে। ১৯৮৬-৮৭ চনত ইয়াতে এটা ৭২১ মিটাৰ দৈৰ্ঘ্যৰ স্পাৰ নিৰ্মাণ কৰা হয়। জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আক্তাৰুজ্জামান আজাদে জনোৱা মতে, ইয়াৰ ফলত বৰতাৰী গাৱঁৰ প্ৰায় “ চৰৰ মাজৰ সৰু সুঁতিবোৰকে ধৰি ৬,৮২২ হেক্টৰ মাটিৰ পুনৰ উদ্ধাৰ হয়।” ১৯৯২ চনৰপৰা এই গেদ পৰি চৰ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আজাদে কয়– “এলেকাটিত খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰস্তাৱ ইতিমধ্যেই দাখিল কৰা হৈছে আৰু বিষয়টো চৰকাৰৰ বিবেচনাধীন হৈ আছে।”

“২০১৫ চনত নতুনকৈ আৰম্ভ হোৱা খহনীয়াৰ বাবে ২০০ বিঘা মাটিৰ কলৰ খেতিৰ বিস্তৰ ক্ষতি হয়। সেয়েহে সময়মতে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা হাতত নললে সমগ্ৰ এলেকাটোৰ মাটি পুনৰ হেৰাই যাব। ইয়াৰ লগে লগে প্ৰায় ১০,০০০ গাঁওবাসীৰ জীৱনলৈ নামি আহিব জীৱন আৰু জীৱিকাৰ সংকট”– বুলি খহনীয়াত শংকিত হৈ পৰা গোবিন্দ কলিতা (৩৫) নামৰ কলৰ খেতিয়কজনে জনালে।

মাটি জমা হোৱাৰ ফলত তাত খেতি কৰি কেনেদৰে উপকৃত হৈছে সেই কথা ব্যক্ত কৰি তেখেতে নিজাইন ডট কমক জনালে যে– এমুঠি যুৱকে নিজস্ব উদ্যোগত কলৰ খেতি কৰি ব্যৱসায়িকভাৱে লাভজনক অৱস্থালৈ অহাৰ আগলৈকে তেঁওলোকে দিন-হাজিৰা কৰিয়েই জীৱন–নিৰ্বাহ কৰিব লাগিছিল। “কঠোৰ পৰিশ্ৰম কৰি আৰু কাৰো পৰা এপয়চাও সহায় নোলোৱাকৈ আমি দৰিদ্ৰতাক জয় কৰিছোঁ, যাৰ বাবে আন কৃষকসকলো উৎসাহিত হৈছে”– বুলি গোবিন্দ কলিতাৰ সুৰতে ভৱেশ কলিতা আকু দীপজ্যোতি কলিতা নামৰ খেতিয়ক দুজনেও ক’লে।

বান অধ্যুষিত এলেকাটিত খেতিয়কসকলৰ খেতি বাৰিষাৰ বতৰত প্ৰায়েই নষ্ট হয়। বছৰি হোৱা বানে খেতিৰ প্ৰায় ২০ শতাংশ নষ্ট কৰি পেলায় আৰু যাৰ ফলত গোটেই এলেকাটোত প্ৰতি বছৰে ১ কোটি টকাৰ লোকচান হয়। “পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আগেয়ে চৰকাৰে আগবাঢ়ি আহি ব্যৱস্থা গ্ৰহণ কৰা উচিত”– বুলি তেঁওলোকে দাবী কৰে।

গোবিন্দ কলিতাই জনোৱা মতে, মালভোগ কলৰ খেতি প্ৰচুৰ লাভজনক। এক বিঘা মাটিত মালভোগ কল খেতি কৰি প্ৰয়োজনীয় ১২,০০০ টকাৰ খৰছৰ উপৰিও ৩৫,০০০ মান টকাৰ লাভ থাকে। “মোৰ ২২ বিঘা মাটিত থকা তিনিখন কলৰ বাগিছাৰপৰা ৮.৫০ লাখ টকাৰ উপাৰ্জন কৰোঁ– যাৰপৰা লাভ থাকেগৈ প্ৰায় ৩.৫০ লাখ টকা।”– তেঁও কয়। খেতিয়কসকলে তেঁওলোকৰ উৎপাদিত ফচল গুৱাহাটীৰ বজাৰত বিক্ৰী কৰে। এলেকাটিৰপৰা গুৱাহাটীলৈ কল আনি বিক্ৰী কৰাৰ কামত নিয়োজিত হৈ আছে আন ২০ জন যুৱক।

“মই বছৰি চাৰিবাৰকৈ কৃষি বিজ্ঞান কেন্দ্ৰত কলৰ খেতিৰ সফলতাৰ ওপৰত ব্যৱহাৰিক জ্ঞানৰ শিক্ষা প্ৰদান কৰোঁ। আনহাতে, কলৰ খেতিৰ ব্যৱহাৰিক জ্ঞান লাভ কৰিবলৈ সমগ্ৰ অসমৰ খেতিয়কসকলে সময়ে সময়ে আমাৰ এলেকাটি ভ্ৰমণ কৰে”– বুলি কঠোৰ অধ্যয়সায়ৰ জৰিয়তে নিজকে কলৰ খেতিৰ এজন সমল ব্যক্তিলৈ উত্তৰণ ঘটোৱা গোবিন্দ কলিতাই কয়। তেঁও নিজে নিয়মিতভাৱে মাটিৰ পৰীক্ষা-নীৰিক্ষা কৰে।

“মাটিয়েই আমাৰ আত্মা আৰু সেয়ে মাটিৰ স্বাস্থ্যই সকলোতকৈ দৰকাৰী কথা। সেয়েহে মই কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ নিয়মিতভাৱে ভূমিৰ নমুনা লৈ যাঁও বিজ্ঞানীসকলৰদ্বাৰা পৰীক্ষা কৰোৱাবলৈ আৰু সেইমৰ্মে উপদেশ গ্ৰহণ কৰোঁ”– বুলি তেঁও দোহাৰে।,

কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰকল্প সমন্বয়ৰক্ষক ধীৰেন্দ্ৰ নাথ কলিতাই কয় যে, এলেকাটিত কলৰ খেতিৰ অধিক উন্নয়ন সাধন কৰা পুৰ্ণ সম্ভাৱনা আছে। প্ৰাৰম্ভিক অৱস্থাত খেতিয়কসকলে কলৰ লগে লগে সৰিয়হৰ দৰে খেতিও কৰিব পাৰে যাতে তেঁওলোকৰ উপাৰ্জন কিছু পৰিমাণে বাঢ়ে। সেইদৰে বাঁহৰ জেওৰাৰ পৰিৱৰ্তে নেমুৰ দৰে গছ ৰোপণ কৰি জৈৱ জেওৰাৰ ব্যৱস্থা কৰিলেও তাৰপৰা আৰ্থিকভাৱে লাভাম্বিত হব পাৰি। তেখেতে জনায় যে কেঁচুসাৰৰ প্ৰৱৰ্তন কৰি তেঁওলোকে কলৰ পেলনীয়া অংশ কামত লগোৱাৰো দিহা কৰিছে।

 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward