Saturday, April 20, 2024
HomeNEWSচৰ-চাপৰি সাহিত্য পৰিষদ, অসম’ৰ ৰাজ্যিক অধিবেশন

চৰ-চাপৰি সাহিত্য পৰিষদ, অসম’ৰ ৰাজ্যিক অধিবেশন

চৰ-চাপৰি সমন্বিতে সমগ্ৰ অসমত অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ, চৰ-চাপৰিবাসীৰ সংস্কৃতিৰ সংৰক্ষণ তথা এইসকললোকৰ আৰ্থ-সামাজিক তথা শৈক্ষিক সমস্যাৰাজি সমাধানাৰ্থে ২০০৪ চনৰ ২১ নবেম্বৰ তাৰিখে প্ৰতিষ্ঠিত চৰ-চাপৰি সাহিত্য পৰিষদে সংগঠনটোৰ ৰাজ্যিক অধিবেশন এইবেলি ২০২৩ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে মন্দিয়াত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অধিবেশনত চৰ-চাপৰিৰ কলা-সংস্কৃতিৰ ওপৰত বিভিন্ন প্ৰতিযোগিতা তথা প্ৰদৰ্শনী,অসমীয়া ভাষা-সংস্কৃতি সন্দৰ্ভত আলোচনা চক্ৰ, কবি সন্মিলন, গ্ৰন্থ মেলা, গ্ৰন্থ উন্মোচনী সভা আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰাৰ কথা চিন্তা কৰা হৈছে।

অধিবেশন উপলক্ষে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও এই অধিবেশনতে ২০২২ বৰ্ষৰ ‘ইছমাইল হোছেইন (জ্যেষ্ঠ)সোৱৰণী দ্বাদশ বাৰ্ষিক সম্প্ৰীতি বঁটা’, ‘ছহিদ ওমৰ আলী সোৱৰণী পঞ্চম বাৰ্ষিক ভাষা সন্মান’, ‘মাতৃ সোমজান নেছা সোৱৰণী লেখিকা বঁটা’ আৰু ১৯৪৭ চনত গোবিন্দপুৰৰ কৃষক বিদ্ৰোহৰ’ ছহিদ আলিফ উদ্দিন সোৱৰণী বঁটাও প্ৰদান কৰা হ’ব।

এই সকলোবোৰ কাৰ্যসূচী সফলভাবে ৰূপায়িত কৰি অধিবেশনখনি সাফল্যমন্ডিত কৰিবলৈ এখনি অভ্যৰ্থনা সমিতি গঠনৰ বাবে অহা ১১ ডিচেম্বৰ তাৰিখ,দেওবাৰে দিনৰ ১০ বজাত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। উক্ত দিনৰ সভাখনত সকলোৰে উপস্থিতি কামনা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward