Wednesday, April 17, 2024
Homeবাতৰিঅসমতো পক্ষীকুল সংৰক্ষণৰ সংকল্প গ্ৰহণ

অসমতো পক্ষীকুল সংৰক্ষণৰ সংকল্প গ্ৰহণ

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

অসমতো আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য পক্ষী সংৰক্ষণৰ সংকল্প গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উজনি অসমৰ বৰভূঁই চেতিয়া আৰু টেপৰচালিবাম গাঁৱৰ ভৰত বৰা আৰু সূৰ্য কুমাৰ চেতিয়া আদি কেইজনমান সমাজ সচেতক ব্যক্তিৰ উদ্যোগত এই কাম আৰম্ভ হৈছে। বৰ্তমান এই গাঁও দুখন ধনেশ পক্ষীৰ মুক্ত বিচৰণ আৰু নিৰাপদ আশ্ৰয়স্থলী ৰূপে খ্যাত হৈ পৰিছে।

সংবাদ মাধ্যমৰ সূত্ৰ মতে– ২০১৬ চনৰ ১৯জুনত ‘অসম বন্ধু’ নামৰ বেচৰকাৰী সংগঠনটোৰ নেতৃত্বত বৰভূঁই চেতিয়া আৰু টেপৰচালিবাম গাঁও দুখনৰ ৰাইজৰ মাজত পক্ষী সুৰক্ষা–সংৰক্ষণ সম্পৰ্কীয় এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সভাত গাঁও দুখনৰ ৰাইজে এই সম্পৰ্কীয় বিভিন্ন পৰিকল্পনা গ্ৰহন কৰে। গাঁও দুখনৰ বাসিন্দাসকলে ধনেশ পক্ষী লালন–পালনেৰে সংৰক্ষণ কৰিবলৈ এক প্ৰকাৰ দৃঢ় সংকল্পই গ্ৰহণ কৰিছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা পৰিলেহে জীৱ–জন্তু, পশু–পক্ষী আদি সকলোৱে ৰক্ষা পৰিব। এই পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাঁও দুখনৰ বাসিন্দসকলৰ প্ৰতিঘৰে ২০জোপাকৈ গছপুলি ৰোপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অধ্যাপক আৰু সমাজ সচেতক তথা ‘অসম বন্ধু’ নামৰ বেচৰকাৰী সংগঠনটোৰ মূৰব্বী সূৰ্য কুমাৰ চেতিয়াই ব্যক্ত কৰে যে– ধনেশ পক্ষীৰ বংশ বৃদ্ধি হ’বলগীয়া এই গাঁও দুখনক জাকত–জিলিকা এখন পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ ইচ্ছা। সেই ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ দৃঢ় প্ৰতিজ্ঞ তেওঁ। পক্ষীকুল–জীৱকুল সংৰক্ষণ সমপৰ্কীয় সজাগতা অভিযান ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ কৰি যোৱাৰ প্ৰতিশ্ৰুতিও ব্যক্ত কৰে।

ভৰত বৰা, বৰভূঁই চেতিয়া গাঁৱৰ এজন সমাজ সচেতক ব্যক্তি লগতে এজন পক্ষীপ্ৰেমীও। যিজন ব্যক্তি ধনেশ পক্ষী সংৰক্ষণ আৰু আহত পক্ষীক চিকিৎসা প্ৰদানেৰে সুস্থ কৰি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

বৰ্তমান বৰভূঁই চেতিয়া আৰু টেপৰচালিবাম গাঁও দুখনত কুৰিটাৰো অধিক ধনেশ পক্ষীয়ে মুক্ত বিচৰণ কৰা বুলি দুয়োখন গাঁওৰ বাসিন্দাসকলে ব্যক্ত কৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পক্ষীকুলৰ বৃদ্ধিৰ লগে লগে সিহঁতে আশ্ৰয় ল’ব পৰা ঠাইৰো প্ৰয়োজন হ’ব অধিক। সেয়ে পক্ষীকুলৰ বাসস্থান বৃদ্ধিৰ বাবে ওচৰ–পাজৰৰ গাঁৱকেইখনৰ লগতে সমগ্ৰ অসমৰ গাঁওৰ ৰাইজে অনুৰূপ কাৰ্যসূচী হাতত লৈ পক্ষী সংৰক্ষণৰ পৰিৱেশ এটি গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtsey: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward