Thursday, April 18, 2024
Homeবাতৰিঅসমত পক্ষী নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰ মুকলি

অসমত পক্ষী নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰ মুকলি

প্ৰকাশিত তাৰিখঃ ৭ জানুৱাৰী, ২০১৯

চি এন ডেক্স

নৱবৰ্ষৰ দ্বিতীয়টো দিনত জন্ম লভিলে ‘অসম পক্ষী নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰ’ নামৰ অনুষ্ঠানটোৰ। সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত স্থাপন কৰা অনুষ্ঠানটোৰ দ্বাৰা ৰাজ্যখনৰ পক্ষীকুলৰ ওপৰত প্ৰণালীবদ্ধভাৱে অধ্যয়নৰ ক্ষেত্ৰত আগ্ৰহীসকলৰ বাবে এক নতুন দিগন্তৰ সূচনা হ’ল। যোৰহাট জিলাৰ নিমাতীঘাটৰ ৰংদৈ–দলৌগুৰিত স্থাপন কৰা এই অনুষ্ঠানটোৰ সাৰ্থক ৰূপ দিলে জিলাখনৰ দুগৰাকী যুৱ সাংবাদিক তথা পক্ষী প্ৰেমী দীপজ্যোতি শইকীয়া আৰু সূৰ্য কুমাৰ চেতিয়াই।

অৰণ্যমানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙে ফিটাকাটি আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত বন বিষয়া গুণীন শইকীয়াৰ পৌৰোহিত্যত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত অংশ গ্ৰহণকালত পায়েঙে কয়– আমাৰ শিক্ষা ব্যৱস্থাই পুথিগত জ্ঞানহে দিয়ে, প্ৰকৃতি ভাল পাবলৈ শিক্ষা নিদিয়ে। গছৰ নাম আজিৰ ল’ৰা–ছোৱালীয়ে জানে যদিও গছজোপা চিনি নাপায়। প্ৰকৃতি ৰক্ষা কৰিবলৈ হ’লে আমাৰ শিক্ষা ব্যৱস্থা সলনি কৰিব লাগিব। সেয়ে যাদৱ পায়েঙে প্ৰকৃতিক সুক্ষিত কৰিব শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

কল্যাণজ্যোতি কলিতাই আতঁধৰা অনুষ্ঠানটোত সাংবাদিক দ্বীপজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা আৰু সূৰ্য চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰে। সভাত অংশগ্ৰহণ কৰা যোৰহাটৰ বন সংমণ্ডল বিষয়া দেবিন্দৰ সুমনে কয়– চৰাইকলৈ ইক’টুৰিজ’মৰ কথা চিন্তা কৰিব পাৰি। পক্ষীকুল সুৰক্ষাৰ বাবে পক্ষী আবাসৰ উপযোগী ক্ষেত্ৰসমূহ সংৰক্ষণত গুৰুত্ব দিব লাগিব। ইতিমধ্যে যোৰহাটত বন বিভাগে পক্ষী আবাস ক্ষেত্ৰৰ জৰীপ সম্পূৰ্ণ কৰা বুলি বিষয়াগৰাকীয়ে ব্যক্ত কৰে।

অনুষ্ঠানটোৰ মুকলি সভাত উপস্থিত থাকি ৱাইল্ড লাইফ ৱাৰ্ডেন জিতু কলিতা আৰু মিতালী শইকীয়াইয়ো ভাষণ প্ৰদান কৰে।

অসম পক্ষী নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰত পক্ষীতত্ব বিষয়টো প্ৰণালীবদ্ধ অধ্যয়নৰ প্ৰয়াস কৰাৰ লগতে এই দিশৰ অধ্যয়নত জড়িতসকলক একগোট কৰি এখন মঞ্চ তৈয়াৰ কৰিব বুলি উদ্যোক্তাদ্বয়ে প্ৰকাশ কৰে। তদুপৰি ইণ্টাৰনেট আলোচনী এখন প্ৰকাশৰ লগতে দুস্প্ৰাপ্য পক্ষীৰ কৃত্ৰিম পদ্ধতিৰে বংশবৃদ্ধিৰ প্ৰচেষ্টা লোৱা হ’ব বুলিও জনায়।

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward