Thursday, March 28, 2024
Homeবাতৰিঅসমৰ ডাইনী হত্যা প্ৰতিৰোধী বিধেয়ক ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে

অসমৰ ডাইনী হত্যা প্ৰতিৰোধী বিধেয়ক ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে

প্ৰকাশিত তাৰিখঃ ২৩ জুলাই’ ২০১৮

চি এন ডেক্স

অন্ধ বিশ্বাসৰ বলি সজাই নিৰীহক কৰা হত্যা প্ৰতিৰোধৰ বাবে অসম বিধান সভাই গৃহীত কৰা ডাইনী প্ৰতিৰোধ বিধেয়কখন অনুমোদন জনাইছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ২০১৫ চনৰ আগষ্ট মাহত অসম বিধান সভাই সৰ্বসন্মতি ক্ৰমে এই বিধেয়কখন গৃহীত কৰি অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল।  

ৰাষ্ট্ৰপতিয়ে এই বিধেয়কখন অনুমোদন জনোৱাৰ পিচত অসম চৰকাৰৰ ৰাজপত্ৰত অধিসূচনা জাৰিৰ বাবে ৰৈ আছে। এই অধিসূচনা জাৰিৰ পিচতে অসমত ই এখন সম্পূৰ্ণ আইনৰূপে প্ৰযোজ্য হৈ পৰিব।

ইতিমধ্যে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু মহাৰাষ্ট্ৰত ডাইনী–হত্যা বিৰোধী আইন প্ৰযোজ্য হৈ আছে যদিও অসমত তেনেধৰণৰ কোনো আইন নাছিল। উক্ত আইনত ডাইনী হত্যা এক অক্ষমনীয় অপৰাধ হিচাপে গণ্য কৰা হৈছে, য’ত এই ঘটনাত জড়িত অপৰাধীয়ে জামিন বিহীন শাস্তি ভোগ কৰিব লাগিব। কটকটীয়া ব্যৱস্থা সন্নিবিষ্ট কৰাত ই এক শক্তিশালী আইন হিচাপে পৰিগণিত হৈছে।

ডাইনীৰ নামত কোনো ব্যক্তিক হত্যা কৰিব নোৱাৰি, কোনো ব্যক্তিক ভাষা, কাম–কাজেৰে ডাইনী বুলি অভিহিত কৰিব নোৱাৰি আৰু ডাইনী হত্যা কৰিবলৈ উচতনি দিব নোৱাৰি। ইয়াৰ প্ৰমাণ পালে ৩০২ ধাৰাৰ অধীনত কেছ ৰুজু কৰিব। যি অভিযোগত এজন ব্যক্তিৰ যাৱজ্জীৱন কাৰাদণ্ড অথবা ৫লাখ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰে। ইয়াৰ বাবে পঞ্চায়তৰ সদস্য বা গাঁওবুঢ়াই সংশ্লিষ্ট থানাত খবৰ দিয়াটো বাধ্যতামূলক কৰিছে।   

২০১৩ চনত ৰাজীৱ কলিতা নামৰ এগৰাকী অধিবক্তাই ৰাজ্যখনত ঘটি থকা ডাইনী হত্যাৰ প্ৰতিৰোধ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে যুক্তি প্ৰদৰ্শন কৰা আবেদনখনত ২০০২ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ডাইনীৰ সন্দেহত ১৩০ জন লোকক হত্যা কৰা বুলি উল্লেখ কৰিছিল।

ডাইনী হত্যা প্ৰতিৰোধী আইনখন অসমত বলবৎ হোৱাৰ পিচত আৰক্ষীয়ে ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ যথেষ্ট সুযোগ পাব। সেয়ে ডাইনীৰ নামত সংঘটিত হোৱা ঘটনা সমূহ ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি ৰাজ্যৰ সমাজকৰ্মী, সচেতন ব্যক্তিসকলে মত প্ৰকাশ কৰে।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward