Friday, March 29, 2024
Homeবাতৰিঅসম গণ পৰিষদৰ তৎপৰতা বৃদ্ধিঃ দিল্লীত সাক্ষাৎ কৰিলে বিভিন্নজনক

অসম গণ পৰিষদৰ তৎপৰতা বৃদ্ধিঃ দিল্লীত সাক্ষাৎ কৰিলে বিভিন্নজনক

প্ৰকাশিত তাৰিখঃ ৪ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ডেক্স  

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অগপ দলৰ নেতৃবৃন্দই ক্ৰমাৎ তৎপৰতা বঢ়াই তুলিছে। দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দল দিল্লীলৈ উৰা মাৰে। যোৱা ১ ফেব্ৰুৱাৰী শুকুৰবাৰে নতুন দিল্লীত বিভিন্ন ৰাজনৈতিক দল আৰু ৰাজ্যসভাৰ বিৰোধী সাংসদৰ লগত আলোচনা কৰাৰ লগতে বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায়।

শুকুৰবাৰৰ সন্ধিয়া ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদক বিধেয়ক সন্দৰ্ভত সাক্ষাৎ কৰে। অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা দলটোৱে এই জাতিধ্বংসী বিধেয়কখন কোনো কাৰণতে সমৰ্থন নকৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে ভোটদানৰ বাবে অনুৰোধ কৰে।

সাক্ষাৎকালত বিৰোধী দলপতি গৰাকীয়ে প্ৰতিনিধী দলটোক জনায় যে– এইক্ষেত্ৰত কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে বিধেয়কখন বিৰোধীতাৰে এক প্ৰস্তাৱ গ্ৰহণৰ কথা উল্লেখ কৰে। যদি ৰাজ্যসভাত বিধেয়কখন গৃহীতৰ বাবে উত্থাপন কৰিলে দলে ইয়াৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব বুলি প্ৰতিনিধি দলটোৰ সন্মুখত প্ৰকাশ কৰে।

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী তথা জনশক্তি দলৰ নেতা ৰাম বিলাস পাছোৱান, সমাজবাদী দলৰ নেতা ৰাম গোপাল যাদৱ, আকালি দল তথা ৰাজ্যসভাৰ সাংসদ সুখদেৱ সিং ধিনছা লগতে শিৱসেনাৰ নেতা সঞ্জয় ৰাৱাটকো সাক্ষাৎ কৰে উক্ত প্ৰতিনিধি দলটোৱে।

ইপিনে, অগপৰ পিচতে উত্তৰ–পূবৰ বহুকেইটা দল–সংগঠনে নতুন দিল্লীত ভাগে ভাগে বিৰোধী নেতৃত্বক বিধেয়কখন বিৰোধীতাৰ বাবে সাক্ষাৎ কৰিছে।      

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward