Thursday, April 25, 2024
Homeবাতৰিঅসম বিৰোধী অভিযোগেৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত নগা সংগঠন

অসম বিৰোধী অভিযোগেৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত নগা সংগঠন

প্ৰকাশিত তাৰিখঃ ১ অক্টোবৰ, ২০১৮

চি এন ডেক্স

অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত নাগালিমত অসমৰ এক ইঞ্চি ভূমি অন্তৰ্ভূক্ত নহয় বুলি মন্তব্য কৰি আহিছে যদিও ইয়াৰ বিপৰীত ছবি এখন দেখা গৈছে। সম্প্ৰতি ‘লিবাৰেশ্যন’ নামৰ নগা বেচৰকাৰী সংগঠন এটাই বৃহত্তৰ নাগালিমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে ৰাষ্ট্রসংঘত আবেদন দাখিল কৰিছে। উক্ত আবেদনত সংগঠনটোৱে প্ৰস্তাৱিত নাগালিম চুক্তিৰ শান্তি আলোচনাত চুবুৰীয়া ৰাজ্যসমূহে বিধি–পথালি দি অহাৰ লগতে সময়ে সময়ে শান্তি আলোচনাৰ বিৰোধীতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি অহা বুলি অভিযোগ উত্থাপন কৰে। ইতিমধ্যে নগা সংগঠনটোৱে ৰাষ্ট্ৰসংঘৰ ওচৰত অসমৰ নগা বসতিপূৰ্ণ অঞ্চল আৰু সম্পদৰ অধিকাৰ প্ৰস্তাৱিত নাগালিমত অন্তৰ্ভূক্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত আলোচনা কৰিবলৈ সক্ষম হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বৃহত্তৰ নাগালিম গঠনত দীৰ্ঘদিনৰ পৰাই বিৰোধিতা কৰি আহিছে অসমৰ বিভিন্ন দল–সংগঠন সমূহে। প্ৰতিবাদত ৰক্তাক্ত হৈ পৰিছিল ডিমা হাছাও জিলা য’ত এজন নিহত হোৱাৰ লগতে আহত হৈছিল বহু সংখ্যক প্ৰতিবাদী। নগা সংগঠনটোৱে ৰাষ্ট্ৰসংঘৰ মজিয়াত চুবুৰীয়া কোনোখন ৰাজ্যৰ নাম উল্লেখ নকৰাকৈ দীৰ্ঘদিনীয়া নগা সমস্যা নিৰপেক্ষভাৱে সমাধান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ প্ৰতি এই আহ্বান জনাইছে। তেনেক্ষেত্ৰত নগা সংগঠনটোৱে চুবুৰীয়া কোনো ৰাজ্যৰ নাম উল্লেখ নকৰিলেও বুজাই বুজে সেয়া যে অসমৰ কথাকে উল্লেখ কৰিছে।    

ইপিনে চুবুৰীয়া ৰাজ্যত বসবাস কৰা নগাসকলক বৃহত্তৰ নাগালিমত অন্তৰ্ভূক্তিৰ দাবীত অটল হৈ আছে শান্তি আলোচনাত অংশ গ্ৰহণ কৰা নগা সংগঠনবোৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰামতে নগা শান্তি আলোচনা শেষ পৰ্যায়ত, চুবুৰীয়া কোনো ৰাজ্যৰ ভৌগোলিক মানচিত্ৰ ইফাল–সিফাল নকৰাকৈ নগা সমস্যা সমাধান কৰা হ’ব। যিকোনো মুহুৰ্ততে নগা শান্তি চুক্তি স্বাক্ষৰ হ’ব, মাত্ৰ শান্তি আলোচনাত অংশ লোৱা নগা সংগঠনকেইটাই ঐক্যমতত উপনীত হোৱালৈ বাট চাই থকা হৈছে।   

শেহতীয়াভাৱে নগাসকলক বিশেষ মৰ্যাদা প্রদান কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান কৰিবলৈ সম্ভৱ হ’ব বুলি নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰবিৰ উদ্ধৃতিৰে কেন্দ্রীয় গৃহ বিভাগৰ সংসদীয় স্থায়ী কমিটীয়ে ৰাজ্য সভাত এক প্ৰতিবেদন দাখিল কৰিছিল। য’ত অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ভৌগোলিক মানচিত্ৰ সাল–সলনি নকৰাকৈ নগা শান্তি চুক্তি স্বাক্ষৰ কৰা হ’ব। মাত্ৰ চুবুৰীয়া ৰাজ্যকেইখনত বসবাস কৰা নগাসকলে বিশেষভাৱে কিছু অধিকাৰ লাভ কৰিব।

নগা শান্তি চুক্তিৰ ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবীত অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ পিচতো সেয়া আজিলৈ ৰাজহুৱা নকৰিলে কেন্দ্ৰীয় চৰকাৰে। আজিলৈ চুবুৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণ ৰহস্যৰ আৱৰ্ততেই থাকি গ’ল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward