Thursday, April 18, 2024
HomeARTICLEঅসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশ অসমৰ জিলা হিচাপে শাসিত হৈছিল। ভৌগোলিকভাৱে অসমৰ লগত থকা সময়ত মিজোৰামক– লুচাই পাহাৰ জিলা, নগালেণ্ডক– নগাপাহাৰ জিলা, মেঘালয়ক– সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰো পাহাৰ জিলা আৰু অৰুণাচলক নেফা নামেৰে জনা গৈছিল। যদিও– ১৯৬০ চনৰ ১ ডিচেম্বৰত নগাপাহাৰক নগালেণ্ড হিচাপে দেশৰ ১৬সংখ্যক ৰাজ্যৰ স্বীকৃতি দিয়ে। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে– ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অসমৰপৰা পৃথক কৰা হৈছিল। সেই অনুসৰি মিজোৰামকো অসমৰপৰা পৃথক কৰিছিল। লগতে অসম–মিজোৰামৰ মাজত নতুনকৈ সীমা নিৰ্ধাৰণেৰে দুয়োপক্ষৰ মাজত চুক্তিও স্বাক্ষৰ কৰা হৈছিল। য’ত– উক্ত অঞ্চলসমূহ ন’মেনচ লেণ্ড হিচাপে ঘোষণা কৰা হৈছিল। লুচাইসকলে আশা কৰিছিল এই শান্তিপূৰ্ণ চুক্তিয়ে সীমা সমস্যা সমাধান কৰিব। কিন্তু আজিলৈকে দুয়ো ৰাজ্যৰ মাজৰ এই সমস্যা সমাধান নহ’ল।      

ভাৰত চৰকাৰে উত্তৰ–পূব অঞ্চল পুনৰ গঠন আইন– ১৯৭১ অনুসৰি সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা, লুচাই পাহাৰ জিলা আৰু নেফাক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিল। সেই অনুসৰি– সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলাক সামৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয় ৰাজ্য গঠন কৰে। ১৯৭২ চনৰ ২১ জানুৱাৰীত নেফাক অৰুণাচল নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আৰু ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰে। লুচাই পাহাৰ জিলাক ১৯৭২ চনৰ ২১ জানুৱাৰীত অসমৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে। ইয়াৰ লগেলগে লুচাই পাহাৰ জিলাৰ নাম অন্ত পৰিল আৰু মিজোৰাম নামেৰে নতুন নাম আৰম্ভ হ’ল। যি ১৯৭৮ চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে।

যোৱা ২৬ জুলাই, ২০২১ চনৰ ঘটনা। ঘটনাস্থলী অসম–মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ লাইলাপুৰ। মিজো আৰক্ষীৰ নিৰ্বিচাৰ গুলিবৰ্ষণত অসম আৰক্ষীৰ ৬জন বিষয়া–কৰ্মী আৰু এজন অসামৰিক লোক নিহত হোৱাৰ লগতে বহু সংখ্যকলোক আঘাতপ্ৰাপ্ত হয়। অৱশ্যে ২৬ জুলাইৰ ৰক্তাক্ত সংঘাতৰ ঘটনাটোৱে প্ৰথম নহয় এনেধৰণৰ বহুকেইটা সংঘাতত লিপ্ত হৈছে মিজোৰামে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ–পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে যোৱা ২৫ জুলাইত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত এক বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকত নগালেণ্ডক বাদ দি বাকীকেইখন ৰাজ্যই আলোচনা–বিলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু আলোচনাৰ পিছদিনাই অৰ্থাৎ ২৬ জুলাইত মিজোৰামে ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হয়। 

অসম–মিজোৰাম দুয়োখন ৰাজ্যৰ সীমা সমস্যা আজিৰ সৃষ্টি নহয় ই প্ৰায় ১৭৫ বছৰীয়া পুৰণি। ইমান পুৰণি সমস্যা এটা আজিও কিয় সমাধান হোৱা নাই। আন্তঃৰাজ্যিক সীমাক লৈ দুয়ো ৰাজ্যৰ মাজত সংঘটিত হোৱা ৰক্তাক্ত সংঘাতৰ ঐতিহাসিক কাৰণটোনো কি? তাক জানিবলৈ আমিও ১৮৭৩ চনলৈ পিছুৱাই যাব লাগিব।

ঐতিহাসিক অসম–মিজোৰাম দুয়ো ৰাজ্যৰ মাজত ১৬৪ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাজ্যিক সীমা সংলগ্ন হৈ আছে। বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সৈতে মিজোৰামৰ আইজল, কলাশিৱ আৰু মামিত জিলা আগুৰি থকা উক্ত ভূমি ভাগৰ সীমা মূলত দুটা ভাগত বিভক্ত। ব্ৰিটিছসকলে ‘বেংগল ইষ্টাৰ্ণ ফ্ৰণ্ট ৰেগুলেচন আইন– ১৮৭৩’ বলবৎ কৰি সীমা সন্দৰ্ভত ১৮৭৩ চনত প্ৰথমবাৰ আৰু ১৯৩৩ চনত দ্বিতীয়বাৰৰ কাৰণে ন’টিফিকেচন জাৰি কৰে। উক্ত আইন অনুসৰি– ১৮৭৩ চনত অসমৰ কাছাৰ জিলাৰ দক্ষিণে লুচাই জনজাতিসকলৰ বসতিস্থল সমূহক সামৰি লুচাই পাহাৰ জিলা গঠন কৰিছিল। ১৮৭৫ চনত সেই অঞ্চল সমূহকে অসম গেজেটত অন্তৰ্ভূক্ত কৰিছিল। সেই অধিসূচনা জাৰি কৰাৰ দুবছৰ পাছত অঞ্চলটোক Inner Line Reserve Forest হিচাপে ব্যৱহাৰ কৰিছিল। ১৯৩৩ চনত দ্বিতীয়বাৰ ন’টিফিকেচন জাৰি কৰি লুচাই পাহাৰ আৰু মণিপুৰৰ সীমা নিৰ্ধাৰণ কৰে। নতুনকৈ সীমা নিৰ্ধাৰণত পূৰ্বনিৰ্ধাৰিত সীমাৰ বহুখিনি লৰচৰ হৈছিল। বিশেষকৈ নতুন সীমা লুচাই পাহাৰৰ পিনে বেছি সোমাই যোৱা বুলি অভিযোগ উত্থাপন হৈছিল। তদুপৰি, ব্ৰিটিছসকলে সেই সীমা নিৰ্ধাৰণ কৰা সময়ত লুচাই পাহাৰৰ নাগৰিক সমাজৰ কোনো মতামত লোৱা হোৱা নাছিল। এনে কাৰণত লুচাইসকল অধিক ক্ষোভিত হৈ পৰিছিল। আনহাতে, অসম বা লুচাই পাহাৰেও দুই ধৰণৰ সীমা মানি চলাৰ সময়ত বহুখিনি জটিলতাৰ সন্মুখীণ হৈছিল। অসমে ১৯৩৩ চনৰ সীমাক মানি চলে যদিও– লুচাইসকলে ১৮৭৩ চনত নিৰ্ধাৰণ কৰা সীমাকহে অধিক অগ্ৰাধিকাৰ দি আহিছে। ৰাজ্য দুখনৰ মাজত চলি থকা সীমা কেন্দ্ৰীক সংঘাতৰ সেয়াই থুলমূল কাৰণ।  

সকলোৱে জনাকথা– পৃথিৱীৰ ভিতৰত চাহৰ প্ৰথম আৱিস্কাৰ হৈছিল অসমত। আৱিস্কাৰক আছিল ব্ৰিটিছসকলেই। বৃটিছসকলে ভাৰতৰ অন্যান্য ঠাইলৈ ৰাজ্য বৃদ্ধি কৰি থকাৰ সমান্তৰালভাৱে ইয়াৰ পৰিসৰ অসমলৈকো সম্প্ৰসাৰণ কৰিছিল। ৰাজ্য সম্প্ৰসাৰণৰ সময়ছোৱাতে অসমৰ কাছাৰ জিলাত প্ৰথম চাহগছৰ সম্ভেদ লাভ কৰিছিল। বহু পৰীক্ষা–নিৰীক্ষাৰ অন্তত কাছাৰ জিলাৰ ভূমি চাহখেতিৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণ হৈছিল। সেয়ে জিলাখনত চাহখেতি আৰম্ভ কৰিছিল। বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ উপযুক্ত ভূমিত চাহখেতিৰে পৰিপূৰ্ণ কৰি তুলিছিল। এটা সময়ত কাছাৰ জিলাৰ দক্ষিণাঞ্চল য’ত লুচাইসকলে বসবাস কৰে সেই পাহাৰ অঞ্চললৈকে চাহখেতিৰ সম্প্ৰসাৰণ ঘটিল। চাহখেতি অঞ্চলত অন্যলোকৰ প্ৰৱেশ একপ্ৰকাৰ নিষিদ্ধ বুলি ক’লেও ভুল নহয়। ব্ৰিটিছসকলেও চাহখেতি অঞ্চলত অন্যলোকৰ প্ৰৱেশ বন্ধ কৰিছিল। ইয়াৰ প্ৰভাৱ পোনপোটীয়াকৈ লুচাইসকলৰ ওপৰত পৰিছিল। কিয়নো লুচাইসকলে সেই অঞ্চলসমূহেৰে বিভিন্ন ঠাইলৈ যাতায়ত কৰিছিল। সেই অঞ্চলসমূহৰ ওচৰে–পাজৰে খেতিবাতি কৰিছিল। ব্ৰিটিছসকলে চাহখেতি আৰম্ভ কৰাৰ পাছত সেইবোৰ অঞ্চলত যিকোনো কাম কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিল। যাৰফলত লুচাইসকল বিভিন্ন ধৰণে সমস্যাৰ সন্মুখীণ হোৱাৰ লগতে অসন্তুষ্টও হৈ পৰিছিল। তদুপৰি, চাহখেতিৰ কাৰণে যোৱা বহিৰাগত ব্ৰিটিছ আৰু ভৈয়ামৰ লোকক সহজভাৱে গ্ৰহণ কৰা নাছিল। সেয়ে সুবিধা পালেই বহিৰাগত ব্ৰিটিছ আৰু ভৈয়ামৰ লোকসকলৰ ওপৰত লুচাই সকলে উপদ্ৰৱ চলাইছিল। ক্ৰমাগতভাৱে বাঢ়ি অহা লুচাই সকলৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে ১৮৩৫ চনত ব্ৰিটিছ চৰকাৰে Assam Levy (বৰ্তমান Assam Rifles) নামৰ এটি বাহিনী গঠন কৰি সেই স্থানতে সংস্থাপিত কৰিছিল।    

দেখা গৈছে– অসমৰ দৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য মহাৰাষ্ট্ৰ–কৰ্ণাটক আৰু হিমাচল–লাডাখৰ মাজতো সীমা বিবাদ আছে। যদিও– ৰাজ্যকেইখনৰ উভয়ৰ মাজত সীমা বিবাদে সংঘাতৰ ৰূপ লোৱা নাই। কিন্তু আমাৰ অসমৰ চাৰিসীমাত সম্পূৰ্ণ বিপৰীত ছবি এখন সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে। অসমৰ লগত নগালেণ্ড, মিজোৰাম, অৰুণাচল আৰু মেঘালয় এই চাৰি ৰাজ্যৰ কোনোবা নহয় কোনোবাখনে বছৰৰ প্ৰতিটো মাহত সীমা বিবাদক লৈ সংঘাতত লিপ্ত হয়। আটাইতকৈ বেছি আন্তঃৰাজ্যিক সীমা বিবাদত লিপ্ত হ’বলগীয়া অসমেই হ’ল দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য। এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ। দেশ স্বাধীনতাৰ ৭৫টা বছৰেও কেন্দ্ৰ, ৰাজ্য কোনো এখন চৰকাৰে সীমা সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰা দেখা নাই। তেনেহ’লে উত্তৰ–পূৰ্বাঞ্চলক ভাৰতীয় ৰাজনৈতিক দলসমূহে দলীয় ৰাজনীতিৰ আখৰা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰে নেকি? যেতিয়াই মন যায় তেতিয়াই নাটৰ আখৰা মেলিব! অসমৰ ৰাইজে আজি অন্ততঃ তেনেকৈয়ে ভাবিবলৈ লৈছে।

যিয়েই নহওক, সীমা সংঘাতৰ বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা নকৰি ৰক্তক্ষয়ী সংঘাতত লিপ্ত হোৱা মিজোৰামৰ কাৰ্য প্ৰণালীও সমৰ্থনযোগ্য হ’ব নোৱাৰে।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward