Friday, March 29, 2024
HomeUncategorizedঅসম–মেঘালয় সীমান্তৰ ৰাণীবাৰীত কাঠফলা মিল উচ্ছেদ

অসম–মেঘালয় সীমান্তৰ ৰাণীবাৰীত কাঠফলা মিল উচ্ছেদ

প্ৰকাশিত তাৰিখঃ ৯ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম–মেঘালয় সীমান্তৰ ৰাণীবাৰীত কাঠফলা মিলৰ যন্ত্ৰপাতিৰ সৈতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত তথা সীমান্তৱৰ্তী ৰাণীবাৰীত দীৰ্ঘদিনৰ পৰা চলি আছিল এই কাঠফলা মিলটো। ৮ জুনৰ পুৱা প্ৰায় ৮ বজাত অসম চৰকাৰৰ বন, ৰাজহ আৰু আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনী সহ বিশাল দল এটিয়ে উক্ত কাঠফলা মিলটোত হঠাতে অভিযান চলায়। অভিযানকালত দলটোৱে মিলটোৰ পৰা বিভিন্ন যন্ত্ৰপাতি, কাঠ লগতে অন্যান্য সা–সৰঞ্জাম জব্দ কৰি লোহাৰঘাটৰ বনাঞ্চলিক কাৰ্যালয়লৈ আনে।

উল্লেখ্য যে, অসম–মেঘালয় সীমান্ত অঞ্চলৰ অকল ৰাণীবাৰীতে নহয় পাটগাঁও, বাখালাপাৰা আদিতো কাঠফলা মিল চলি আছে আজি বহু বছৰ ধৰি।

লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চেমিম আখটাৰৰ নেতৃত্বত চলিছিল এই অভিযান। উক্ত অভিযানত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া, পলাশবাৰী আৰক্ষী থানাৰ পুলিচ, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, পশ্চিম কামৰূপ বন সংমণ্ডল এ চি এফ উত্তম বসুমতাৰী, বন বিষয়া দ্বীপন ডেকাৰ সৈতে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ দল, বামুণীগাঁৱৰ প্ৰটেকচন স্কোৱাড, অসম বন সংৰক্ষিত বাহিনীৰ সৈতে বকো বনাঞ্চলিক কাৰ্যালয়ৰ দল আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সমূহ বনকৰ্মীয়ে অংশ গ্ৰহণ কৰে। সেয়াই নহয় আখটাৰৰ অভিযানকালত মেঘালয় আৰক্ষীয়েও পূৰ্ণ সহযোগ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward