Friday, April 19, 2024
Homeবাতৰিঅসম–হংকঙৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদৃঢ়ঃ বৃদ্ধি পাব কৃষি ৰপ্তানিৰ

অসম–হংকঙৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদৃঢ়ঃ বৃদ্ধি পাব কৃষি ৰপ্তানিৰ

প্ৰকাশিত তাৰিখঃ ৪ মাৰ্চ, ২০১৯

চি এন ডেক্স

অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ সৈতে ব্যৱসায়িক সম্পৰ্ক সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰিছে হংকঙে। অলপতে গুৱাহাটীত হংকং ব্যৱসায় উন্নয়ন পৰিষদে এছ’চেম আৰু ফাইনাৰৰ সৈতে যুটীয়াভাৱে এক সন্মিলন আয়োজন কৰে। অসমৰ প্ৰায় শতাধিক চাহ, বস্ত্ৰ আৰু খাদ্য উদ্যোগৰ লগত জড়িত উদ্যোমীয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰে।

চীন অথবা অন্যান্য দেশৰ সৈতে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ হংকঙে হ’ল উত্তমস্থান। সেই বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ হংকং ব্যৱসায় পৰিষদে এই সন্মিনলৰ আয়োজন কৰে। ইয়াত মুখ্যতঃ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বিষয়ত স্থান লাভ কৰে।

অনুষ্ঠানত সংস্থাটোৰ দক্ষিণ এছিয়াৰ পৰামৰ্শদাতা ৰাজেশ ভগতে কয়, অসমৰ ব্যৱসায়ক আন্তঃৰাষ্ট্ৰীয় সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে হংকং ব্যৱসায় উন্নয়ন পৰিষদে। ইয়াৰ ফলত চাহ, খাদ্য, বস্ত্ৰ উদ্যোগৰ লগত জড়িত উদ্যোমীসকলৰ ব্যৱসায়ৰ দুৱাৰ মুকলি হ’ব।

সম্প্ৰতি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ পোনপোটীয়াভাৱে সামগ্ৰী ৰপ্তানি কৰিব পৰা ব্যৱস্থা আছে। স্পাইচজেট নামৰ ব্যক্তিগত বিমান পৰিবহন সংস্থাটোৱে এপেডা (এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ ফুড প্ৰডাক্টছ এক্সপৰ্ট ডেভেলপমেণ্ট অথ’ৰিটী)ৰ সহযোগত ৰপ্তানি সেৱা আৰম্ভ কৰিছে। এতিয়া অসমৰ বিভিন্ন জিলাত উৎপাদিত কৃষি উৎপাদনৰ ৰপ্তানি প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অংশস্বৰূপে ৰাজ্যখনত উৎপাদিত জৈৱিক কমলা, বিলাহী হংকঙৰ বজাৰত উপলব্ধ হৈছে। এপেডাই উদ্যোগ গ্ৰহণ কৰা এই ৰপ্তানি কাৰ্যত অসম–হংকঙৰ বাণিজ্যিক সম্পৰ্কই নতুন মাত্ৰা লাভ কৰিছে।  

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward