Friday, March 29, 2024
HomeNEWSৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

প্ৰকাশিত তাৰিখঃ ২৪ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰ কেন্দ্ৰীয় চৰকাৰৰ এটি সংস্থা। ৰাণীস্থিত এই কেন্দ্ৰটোৱেই হ’ল দেশৰ প্ৰথমটো গাহৰি গৱেষণা কেন্দ্ৰ। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত এই সংস্থাটি থলুৱালোকৰ উন্নয়নৰ বাবে গঠন কৰিছিল। নিয়ম মতে– সংস্থাটোৱে উন্নত জাতৰ গাহৰি পোৱালি উৎপাদন কৰি থলুৱা লোকসকলক অৰ্থনৈতিক শক্তিশালী কৰাত সহায় আগবঢ়োৱাৰ লগতে অসংখ্য গাহৰি পালক সৃষ্টি কৰিব লাগিছিল। কিন্তু বাস্তৱত সেয়া হোৱা নাই। সম্প্ৰতি সংস্থাটোৱে থলুৱালোকক উন্নয়নৰ বিপৰীতে ভাতেমৰা ষড়যন্ত্ৰতহে লিপ্ত হৈছে। এই অভিযোগ সংস্থাটোৰ লগত দীৰ্ঘদিন ধৰি জড়িত থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ। (ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট)

গুৰুত্বপূৰ্ণ কথাটো হ’ল– আজি পোন্ধৰ বছৰ ধৰি গৱেষণা কেন্দ্ৰটোত স্থানীয় অঞ্চলৰ ৪৮ জন কৰ্মচাৰী নিযুক্ত হৈ আছে। সেই কৰ্মচাৰীসকল আজি প্ৰাপ্যৰ পৰাও বঞ্চিত। প্ৰাপ্যৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰীয়ে আজি পুৱা ১০ বজাত কাৰ্যালয়ৰ মূল গে’টত এক অৱস্থান ধৰ্মঘট পালন কৰে। গাহৰি গৱেষণা কেন্দ্ৰটোত কৰ্মৰত শ্ৰমিকসকলক আইন মতে চৰকাৰী সা–সুবিধা প্ৰদান কৰা, বিনা কাৰণত কামৰ পৰা বৰ্খাস্ত কৰা শ্ৰমিকক পুনৰ নিযুক্তি প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি এই অৱস্থান ধৰ্মঘট পালন কৰিছিল। এই অৱস্থান ধৰ্মঘট চলি থকাৰ মাজতে শ্ৰমিকসকলৰ ৪জন প্ৰতিনিধিক কৰ্তৃপক্ষই আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। এই আলোচনাত শ্ৰমিক ইউনিয়নৰ সম্পাদক দ্বীজেন ৰাভা, উপদেষ্টা ক্ৰমে– সঞ্জীৱ বড়ো, অৰুণ ৰাভা, জীতু নাথে অংশ গ্ৰহণ কৰে। ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চাদ্দাম আনচাৰীৰ মধ্যস্থতাত ব্যক্তিগত চিকিউৰিটী সংস্থাটোৰ পৰিচালন সঞ্চালক শৰৎ কলিতাই এমাহৰ ভিতৰত ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ দাবী সমূহ পূৰণৰ বাবে প্ৰতিনিধি দলটোক আশ্বাস দিয়ে। কিন্তু শ্ৰমিক ইউনিয়নৰ প্ৰতিনিধিসকলে সাত দিনৰ ভিতৰত এই দাবী সমূহ পূৰণ কৰিবলৈ দাবী জনায়। অন্যথাই কৰ্তৃপক্ষৰ শোষণ নীতিৰ বিৰুদ্ধে পুনৰ ধাৰাবাহিক আন্দোলন চলাই যাব বুলি হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে, আৰম্ভণিকালত ঠিকা ভিত্তিক কৰ্মচাৰীসকলক গৱেষণা কেন্দ্ৰই নিয়ন্ত্ৰণ কৰিছিল আৰু সেই সময়ত শ্ৰমিকসকলে ভালদৰে মজুৰি লাভ কৰিছিল। কিন্তু আজি কেইবা বছৰ ধৰি এই কৰ্মচাৰীসকলৰ পৰিচালনাৰ দায়িত্ব ঠিকাদাৰৰ হাতত অৰ্পন কৰে। সেই অনুসৰি– বৰ্তমান নৰ্থ–ইষ্টাৰ্ণ চিকিউৰিটী চাৰ্ভিচ নামৰ ব্যক্তিগত সংস্থাটিয়ে এই দায়িত্ব লাভ কৰিছে। অতি দুখজনকভাৱে ব্যক্তিগত সংস্থাটোৱে আজি তিনি বছৰৰ পৰা ঠিকা ভিত্তিক কৰ্মচাৰী সকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। যোৱা ৫ ছেপ্টেম্বৰত প্ৰাপ্য সা–সুবিধা বিচাৰি যোৱাৰ বাবে ব্যক্তিগত সংস্থাটিৰ সঞ্চালক শৰৎ কলিতাই নৱ ঠাকুৰীয়া, গোলক দাস, লক্ষীৰাম ৰাভা, জয়ন্ত ৰাভা আৰু দিলীপ দাস নামৰ কৰ্মচাৰী কেইজনক কামৰ পৰা বৰ্খাস্ত কৰিছিল। সেয়াই নহয় বৰ্খাস্ত কৰা কৰ্মচাৰী কেইজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰি সংস্থাটিৰ গুৱাহাটীস্থিত কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। পৰিচালন সঞ্চালক শৰৎ কলিতাই কৰ্মচাৰী কেইজনক গীতা স্পৰ্শ কৰোৱাই তেনে কৰ্ম ভৱিষ্যতে নকৰিবলৈ ধমক দিয়ে আৰু ৪ ঘণ্টা সময় ধৰি প্ৰখৰ ৰ’দত থিয় কৰাই ৰাখে। এই কথা আজি কৰ্মচাৰী কেইজনে প্ৰকাশ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward