Friday, April 19, 2024
Homeবাতৰিআমেৰিকা যুক্তৰাজ্যৰ বিদ্যালয়ত অসম সন্তান যাদৱ পায়েঙৰ জীৱন ভিত্তিক পাঠ্যক্ৰম সন্নিবিষ্ট

আমেৰিকা যুক্তৰাজ্যৰ বিদ্যালয়ত অসম সন্তান যাদৱ পায়েঙৰ জীৱন ভিত্তিক পাঠ্যক্ৰম সন্নিবিষ্ট

অসম তথা ভাৰতবৰ্ষৰ সুযোগ্য সন্তান যাদৱ পায়েং

প্ৰকাশিত তাৰিখঃ ২ নৱেম্বৰ, ২০২০

চি এন ডেস্ক

অসম তথা ভাৰতবৰ্ষৰ সুযোগ্য সন্তান যাদৱ পায়েং। নিজৰ একানপতীয়া চেষ্টাত এক বিশাল অঞ্চল সেউজীয়া কৰি তুলিছে। নিজৰ ভোগ–বিলাসৰ স্বাৰ্থক জলাঞ্জলি দি প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি যোৱাৰ ক্ষেত্ৰতো তেখেত বহু বাধা–বিঘিনিৰ সন্মুখীণ হৈছিল। ব্যক্তিগত ভোগ–বিলাসৰ স্বাৰ্থ নাথাকিলে মানুহে এদিন জয়ী হোৱাতো নিশ্চিত, যাদৱ পায়েঙেও তেওঁৰ কামত জয়ী হৈছিল। যাদৱ পায়েঙৰ কৰ্মৰাজী এদিন সমগ্ৰ বিশ্ববাসীয়ে স্বীকৃতি দিছিল। ভাৰত চৰকাৰেও ‘ভাৰতৰ অৰণ্য মানৱ’ আৰু ‘পদ্মশ্ৰী বঁটা’ৰে বিভূষিত কৰিছিল।    

সভ্য মানুহে যোগ্যজনক সন্মান আগবঢ়াব জানে আৰু এনেদৰে সন্মান আগবঢ়াব পৰাটোৱেই হ’ল মানৱ সভ্যতাৰ প্ৰগতিৰ প্ৰথম চৰ্ত। নিজৰ জন্মগত ৰাজ্য তথা দেশখনত অনাদৰ হৈ থাকিলেও যাদৱ পায়েঙৰ কৰ্মৰাজী জিপাল কৰি তোলাৰ পদক্ষেপ লৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকা যুক্তৰাজ্যই। সম্প্ৰতি দেশখনৰ ব্ৰিষ্টলত অৱস্থিত কানেক্টিকাট গ্ৰীন বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত যাদৱ পায়েঙৰ কৰ্ম জীৱন ভিত্তিক এটি পাঠ্যক্ৰম সন্নিবিষ্ট কৰিছে। এয়া ৰাজ্য তথা দেশবাসীৰ বাবে গৌৰৱৰ বিষয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি দেশখনৰ যিখন বিদ্যালয়ত এই পাঠ্যক্ৰম সন্নিবিষ্ট কৰিছে সেইখন বিদ্যালয়ত অসমৰে জীয়ৰী এগৰাকী শিক্ষয়িত্ৰীৰূপে কৰ্মৰত। যোৰহাটৰ নৱমী শৰ্মা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ বিদ্যালয়খনত নিজৰ ৰাজ্যখনৰ প্ৰকৃতিকৰ্মীগৰাকীৰ কৰ্মজীৱন ভিত্তিক পাঠ্যক্ৰম সন্নিবিষ্ট কৰাত উৎফুল্লিত হৈ পৰিছে।

 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward