Friday, March 29, 2024
Homeবাতৰিউন্নত পদ্ধতিত ভোট জলকীয়াৰ খেতিও হ’ব পাৰে স্বাৱলম্বনৰ পথ

উন্নত পদ্ধতিত ভোট জলকীয়াৰ খেতিও হ’ব পাৰে স্বাৱলম্বনৰ পথ

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভাৰ সমষ্টিৰ ন-হোলা গাঁৱৰ যুৱক কৃষ্ঞ গগৈ। ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাই জৰ্জৰিত কৰি থকাৰ সসময়ত চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ নকৰি কৃষিকে জীৱিকা হিচাপে গ্ৰহণ কৰে। বৰ্তমান সেই কৃষিৰে স্বাৱলম্বন হ’বলৈ সক্ষম হৈছে।

২০১৩ চনৰ কথা। উদ্যোগী যুৱক কৃষ্ঞ গগৈয়ে ১বিঘা মাটিত জৈৱিক পদ্ধতিৰে উন্নত জাতৰ ভোট জলকীয়াৰ খেতি কৰে। গভীৰ আত্মবিশ্বাসেৰে কৰা খেতিদৰাৰ পৰা আশানুৰূপ ফচল লাভ কৰে। প্ৰথম বৰ্ষৰ লক্ষাধিক টকা উপাৰ্জনে ২য় বৰ্ষৰ বাবে অধিক মনোবল বৃদ্ধি কৰিলে। ক্ৰমান্বয়ে তেওঁ খেতিৰ পৰিসৰ বৃদ্ধি কৰি গৈ থাকিল। ১বিঘা মাটিত আৰম্ভ কৰা খেতিদৰা ২০১৫–১৬ বৰ্ষত ৪বিঘালৈ বঢ়াই নিলে। তেওঁ ১৯–২০ কুইণ্টল ভোট জলকীয়া উৎপাদন কৰাৰ লগতে কুইণ্টলে প্ৰতি ৩৪ হাজাৰ টকাকৈ লাভ কৰিবলৈ সক্ষম হয়।

কৃষ্ঞ গগৈ এতিয়া এজন সফল খেতিয়ক। তেওঁ সকলোৰে আদৰ্শ হওক। গগৈৰ আদৰশ্ত অনুপ্ৰাণিত হৈ ইচ্ছুক ব্যক্তিসকলে ব্যৱসায়িক ভিত্তিত ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিব পাৰে। গগৈ যেনেকৈ চাকৰিৰ পিচত দৌৰি নুফুৰি কৃষিকে একমাত্ৰ জীৱিকাৰ সম্বল হিচাপে নিৰ্বাচন কৰাৰ দৰে নিবনুৱা চামেও যদি এই খেতি আৰম্ভ কৰে তেনেহ’লে তেখেতে যি উন্নতি লাভ কৰা কৰিলে সেয়া এদিন সকলোৰে ক্ষেত্ৰত প্ৰতিফলিত হ’ব।

গগৈয়ে খেতিত প্ৰয়োজন হোৱা সাৰ-ঔষধপাতিসমূহ জৈৱিকভাৱে নিজ ঘৰতে প্ৰস্তুত কৰিছিল। জৈৱিকভাৱে প্ৰস্তুত কৰা কেঁচুসাৰ প্ৰয়োগৰ ফলত ভোট জলকীয়া গছবিলাক ভাল হোৱাৰ লগতে উৎপাদনো অধিক লাভ কৰিছিল।

অসমত সম্প্ৰতি জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ সুকীয়া বজাৰ এখন গঢ়ি উঠিছে। সম্পূৰ্ণ জৈৱিকভাৱে উৎপাদিত সামগ্ৰীসমূহৰ দামো অধিক পোৱা যায়। গতিকে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী বজাৰৰ অভাবত ৰৈ নাথাকে। আৰু এতিয়া জৈৱিক উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বজাৰ একমাত্ৰ সমস্যাৰ মূল কাৰক হৈ থকা নাই।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward