Saturday, April 20, 2024
Homeবাতৰিকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলচৰ পক্ষী আৰু দল হৰিণা গণনা   

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলচৰ পক্ষী আৰু দল হৰিণা গণনা   

প্ৰকাশিত তাৰিখঃ ২৪ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই  জলচৰ পক্ষীৰ গণনা– ২০১৮ যোৱা ১৯ আৰু ২০ ডিচেম্বৰত  সমাপন কৰে। উক্ত গণনা কাৰ্যত উদ্যান কৰ্তৃপক্ষক ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়া, কাজিৰঙা অধ্যয়ন কেন্দ্ৰ, বিশ্ব প্ৰকৃতি নিধি, কৰবেট ফাউণ্ডেচন, আৰণ্যক, ভূমি আদি বেচৰকাৰী সংস্থা সমূহে সহযোগ কৰে।

উল্লেখযোগ্য যে ২০ ডিচেম্বৰৰ পুৱা পাঁচ বজাৰ পৰা উদ্যানৰ অন্তৰ্গত কঁহৰা, বাগৰি, অগৰাতলি আদি ৮খন নিৰ্বাচিত জলাহ ভূমিত গণনা কাৰ্য আৰম্ভ হয়। এই গণনাত ৮০ প্ৰজাতিৰ ১০,৪১২ টা জলচৰ পক্ষী সন্ধান লাভ কৰাৰ বাতৰি প্ৰকাশ পাইছে। ১৯গৰাকী আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পক্ষী বিশেষজ্ঞ, আলোকচিত্ৰ গ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা গণনা কাৰ্যত ৩৮ গৰাকী বনকৰ্মী আৰু ৪৮গৰাকী স্থানীয় মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকে সহযোগ কৰিছিল।

জি পি এছ, দূৰবীন, ৰেঞ্জ ফাইণ্ডাৰ আদি উন্নত যন্ত্ৰপাতি ব্যৱহাৰ কৰা পক্ষী গণনা কাৰ্যত ১০জন পৰ্যবেক্ষকে সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিছিল। পিচৰ পৰ্যায়ত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগেৰে উদ্যানৰ অধিক সংখ্যক জলাহ ভূমিত জলচৰ পক্ষী গণনাৰ বাবে সিদ্ধান্ত লোৱা বুলি কৰ্তৃপক্ষৰ এক সূত্ৰত প্ৰকাশ।

আনহাতে, ২৭ আৰু ২৮ নবেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ হৈছিল দল হৰিণাৰ গণনা। ২৭ নবেম্বৰত গণনা সম্পৰ্কীয় প্ৰশিক্ষণ সমাপ্তিৰ পিচত ২৮ নবেম্বৰৰ পুৱাৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা ব্লকত গণনা চলিছিল। তাৰ ভিতৰত ২২টা পূব অসম বন্যপ্ৰাণী সংমণ্ডল আৰু ২টা বিশ্বনাথ বন সংমণ্ডলৰ অন্তৰ্গত। উক্ত গণনাৰ অন্তত ৯০৭টা দল হৰিণাৰ সন্ধান লাভ কৰিছিল য’ত ২৩৫টা মতা, ৫০৫জনী মাইকী আৰু ১৬৭টা পোৱালী আছিল। গণনা অনুসৰি– পূব বনাঞ্চলৰ অধীন ৪ ব্লকত ১৫৬টা, পশ্চিম বনাঞ্চলৰ বাগৰিৰ ৭ ব্লকত ৩২৩ টা, কেন্দ্ৰীয় বনাঞ্চলৰ কঁহৰাৰ ৮ ব্লকত ৩৫০টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩ টা ব্লকত ২২ টা, লগতে বিশ্বনাথ বন সংমণ্ডলৰ ২ টা ব্লকত ৫৬ টা দল হৰিণাৰ তথ্য লাভ কৰে।         

কাজিৰঙা বিশ্বৰ অন্যতম দল হৰিণাৰ আবাসক্ষেত্ৰৰূপে পৰিগণিত। অৱশ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যানও দল হৰিণাৰ অন্য এখন আবাসক্ষেত্ৰ। বিগত ২০১৫ চনৰ গণনাত ১০২৯টা আৰু ২০১৬ চনৰ গণনাত ১১৪৮টা দল হৰিণা কাজিৰঙা উদ্যানত পোৱা গৈছিল। এটা বৰ্ষৰ ব্যৱধানত হ্ৰাস পালে ২৪১টা দল হৰিণা। বানপানীৰ কৱলতেই হওক অথবা অন্য কাৰণতেই হওক  এটা বৰ্ষৰ ব্যৱধানত ইমান সংখ্যক দল হৰিণা হ্ৰাস পোৱা ঘটনা ৰাজ্যবাসীৰ বাবে মুঠেই সুখদায়ক খবৰ নহয়।       

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward