Saturday, April 20, 2024
Homeবাতৰিকাৰ্বি আংলঙৰ ছিক্‌দামাখালৈ পৰিচ্ছন্ন গাঁৱৰ স্বীকৃতি

কাৰ্বি আংলঙৰ ছিক্‌দামাখালৈ পৰিচ্ছন্ন গাঁৱৰ স্বীকৃতি

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ছিক্‌দামাখা কাৰ্বি পাৰ্বত্যভূমিৰ এখন দুৰ্গম গাঁৱৰ নাম। ১৯৫৩ চনত এই গাঁৱৰে বৰেণ্য ব্যক্তি প্ৰয়াত সুন্দৰ ছিং মাছলাইৰ প্ৰচেষ্টাত গাঁৱখনে গঢ় লৈ উঠিছিল। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালংছ’ সমষ্টিৰ এই গাঁওখনে সম্প্ৰতি লাভ কৰিছে ৰাজ্যৰ সবাতোকৈ পৰিচ্ছন্ন গাঁৱৰ স্বীকৃতি। এই স্বীকৃতি প্ৰদান কৰিছে অসম চৰকাৰৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে। যি স্বীকৃতিৰ বাবে চৰকাৰৰ পৰা লাভ কৰিছে নগদ ২.৫ লাখ টকা।

উল্লেখযোগ্য যে এই গাঁওখনে অঞ্চলটোৰ ছয় বৰ্গ কিলোমিটাৰ পাহাৰীয়া ভূমি আগুৰি আছে। ৮৯টা পৰিয়াল থকা এই গাঁওখনৰ জনসংখ্যা ৪৬৪ জন। ইয়াৰে ৮৩টা তিৱা আৰু ৬টা পৰিয়াল কাৰ্বি জনগোষ্ঠীৰ। গাঁৱখনৰ শিক্ষিতৰ হাৰ ৯৫শতাংশ। গাঁওখনৰ ১৭জন চৰকাৰীয়ালৰ মাজত দুগৰাকী চিকিৎসকো আছে। বাকীসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল।

২০১০ চনৰ কথা। এই গাঁওখনৰে শিক্ষিত ব্যক্তি ডাঃ ৰলিংছন মাছলাইৰ নেতৃত্বত কেইজনমান যুৱক গৈছিল শ্বিলঙৰ মাউলিনং গাঁৱলৈ। উদ্দেশ্য এছিয়াৰ ১নং পৰিচ্ছন্ন গাঁওখনৰ পৰিবেশ অধ্যয়ন কৰা। সেই গাঁওখনৰ পৰিবেশ সংৰক্ষণৰ কৌশল আয়ত্ব কৰি নিজৰ গাঁওখনকো একে পৰিবেশেৰে গঢ় দিবলৈ আৰম্ভ কৰিলে। সেই সময়ৰ পৰা ধাৰাবাহিক ভাবে চলি আছে স্বচ্চ অভিযান, সজাগতা অভিযান। যিয়ে এবাৰ মাউলিনং গাঁওখন দেখিছে একে ৰূপ দেখিবলৈ পাব এই গাঁওখনতো।

সততাৰ অভাৱ নঘটা গাঁওবাসীয়ে অৱশেষত সু–কৰ্মৰ ফল লাভ কৰিলে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গাঁওখনলৈ ৰাজ্যৰ শ্ৰেষ্ঠ পৰিচ্ছন্ন গাঁৱৰ স্বীকৃতি প্ৰদান কৰে য’ত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিদ্যাছিং ৰংপি, লিপচন বে’ উফিং মাছলাই, বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপি আদি ব্যক্তিসকল উপস্থিত আছিল।

এই স্বীকৃতি লাভ কৰি গাঁওবাসী উৎফুল্লিত যদিও সম্প্ৰতি এই গাঁওখনত আছে বহু সমস্যা। খোৱা পানীৰ সুব্যৱস্থা আৰু পৰ্যাপ্ত বিজুলী যোগানৰ ব্যৱস্থা নাথাকিলেও ৰৈ থকা নাই গাঁওবাসী। গাঁওখন পৰিস্কাৰ–পৰিচ্ছন্ন কৰি ৰাখিবলৈ সদা সচেতন গাঁওবাসী।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward