Tuesday, April 23, 2024
HomeARTICLEকুলশী নদীৰ বুকু শুকান আৰু বাথা নদীৰো গতি সলনি

কুলশী নদীৰ বুকু শুকান আৰু বাথা নদীৰো গতি সলনি

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

মেঘালয়ৰ পাহাৰৰ সৰু–বৰ জুৰি–নিজৰাৰ সমষ্টিয়ে অসমত একো একোখন বিশাল নদীৰ সৃষ্টি কৰিছে। কলহীও তেনে এখন নদী যাৰ উৎপত্তিস্থল আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত। দক্ষিণ কামৰূপৰ অন্যতম ঐতিহাসিক অঞ্চল কুলশী। জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এই অঞ্চলতে বৃটিছসকলে সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছিল। কুলশীৰ সাপ্তাহিক বজাৰখনৰ কাষতে স্থাপন কৰিছিল বনাঞ্চলিক কাৰ্যালয়। নিৰ্মাণ কৰিছিল কলহীৰ পাৰত এটি স্বাস্থ্য নিৱাস (আই বি)। এই কুলশী অঞ্চলতে বৃটিছসকলে গঢ়ি তুলিছিল চেগুন গছৰ বৃহৎ বাগান। যিখন বাগান অসমৰ দ্বিতীয় সংখ্যকেই নহয় এছিয়া মহাদেশৰ ভিতৰতে বিখ্যাত। তদুপৰি অসমীয়া চলচ্ছিত্ৰ জগতৰ জ্যেষ্ঠ পৰিচালক জাহ্নু বৰুৱাই ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ‘সাগৰলৈ বহু দূৰ’ চিনেমাখনৰ বহু দৃশ্য এই কুলশীতেই ছুটিং কৰিছিল। উল্লেখনীয় যে, মেঘালয়ৰ পৰা বৈ অহা দ্ৰোণ, শ্ৰী আৰু ঘগা এই তিনি নদীৰ সমষ্টিয়েই হ’ল কলহী নদী। খাছি পাহাৰৰ বিভিন্ন দিশৰ পৰা বৈ অহা এই তিনিখন নদী আন্তঃৰাজ্যিক সীমান্তৰ উকিয়াম বজাৰৰ ওচৰত লগ লাগে। প্ৰথম লগ লাগে ঘগা আৰু শ্ৰী। এই দুয়ো নদীৰ সংগমস্থলক স্থানীয় লোকসকলে কেৰছাইমুখ বুলি কয়। ঘগা নৈখন কা–খ্ৰিং, দলমা আৰু ঘোগা চান্দনি এই তিনিটা পাহাৰীয়া নদীৰ সমষ্টি। কা–খ্ৰিং নদী পূব খাছি পাহাৰ জিলাৰ শ্বিলঙৰ ওচৰৰপৰা পশ্চিম খাছি পাহাৰ জিলাৰ নংডম আৰু ৰি–ভয় জিলাৰ ৱাৰমাচাও হৈ বৈ আহিছে। ইপিনে, পশ্চিম খাছি পাহাৰৰ লাউস্নিংত দলমা আৰু ৰাম কাঞ্চিত ঘোগা চান্দনিয়ে কা–খ্ৰিং নদীখনত মিলিছে। এই তিনি নদী মিলিত হৈ ঘগা নামেৰে বৈ আহিছে। শ্ৰী নদীৰ শাখা দুটা ক্ৰমে– শ্ৰী আৰু মৃ। গাৰো ভাষাত শ্ৰী মানে হ’ল তীব্ৰ বেগী কাঁড়। বাৰিষা পানীৰ সোঁত কাঁড়ৰৰ দৰে তীব্ৰতৰ হোৱা বাবে গাৰোসকলে নদীখনক শ্ৰী বুলিছিল। শ্ৰী শাখাটো পশ্চিম খাছি পাহাৰ জিলাৰ পূব–দক্ষিণ আৰু মৃ শাখাটো জিলাখনৰ দক্ষিণ কোণৰ পৰা ৰামৰাই পাহাৰ অতিক্ৰমী সৰুপানী নামৰ ঠাই একুটুৰাত লগ লাগিছে। সৰুপানীৰ পৰাই শ্ৰী নদী ৰূপে বৈ আহিছে। আনহাতে, দ্ৰোণ নদীখন পশ্চিম খাছি পাহাৰ জিলাৰ পশ্চিম দিশৰ নংডম পাহাৰৰপৰা বৈ আহিছে। নংডম পাহাৰৰপৰা নামি অহা নদীখন নংডম, নংদ্ৰোণ আৰু শেষত ই দ্ৰোণ নামে জনাজাত হৈ পৰে। ঘগা আৰু শ্ৰী নদী এক হৈ বৈ অহাৰ পথত উকিয়াম বজাৰৰ পৰা কিছু দূৰত অৱস্থিত মাকোডুবি নামৰ ঠাইখনত এই দ্ৰোণ নদীখনে লগ দিয়ে। যি ঠাইৰপৰা ঘগা, শ্ৰী আৰু দ্ৰোণ এই তিনি নদী এক শক্তিৰে মিলিত হৈ বৈ আহিছে তাৰপৰাই আৰম্ভ হৈছে কলহী নদীৰ। এই কলহী নৈখনে অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ উকিয়াম, ৰাণী খামাৰ, লাংখাৰ, ভেৰভেৰী, বাৰেগাঁও আৰু চানডুবি বিলৰ মূল ধমনীস্বৰূপ ‘লকেয়া’ মুখৰ কাষেৰে বৈ আহি কুলশী, ছয়গাঁও হৈ ব্ৰহ্মপুত্ৰত মিলিছে। কলহী নদীখন আকৌ কুলশীৰ সাপ্তাহিক বজাৰৰ দলংখনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত দুটা শাখাত বিভক্ত হৈছে। সোঁফালে বৈ যোৱা শাখাটোক মূল কলহী আৰু বাওঁফালৰটোক কুলশী নদী বুলি জনা যায়। কুলশী নদীখনেও কুকুৰমাৰা হৈ ব্ৰহ্মপুত্ৰত মিলিছে। কলহীখন কুলশীৰ মাজেৰে বৈ যোৱা কাৰণে নদীখনক কুলশী বুলি কোৱা হয়। কোনো কোনোৱে ছয়গাঁও হৈ যোৱা শাখাটোক পুৰণি কলহী আৰু কুকুৰমাৰাৰ হৈ বৈ যোৱা শাখাটোক নতুন কলহী বুলিও কয়।

স্থানীয় জনজাতীয় লোকসকলে কলহীক আগতে নীলা নদী বুলিহে কৈছিল। সম্ভৱতঃ বাৰিষাক বাদ দি বাকী সময়ছোৱা নৈখনৰ পানীৰ ৰং নীলা দেখা বাবে নীলা নদী বুলিছিল। তাৰপাছত নদীখনৰ নাম সলনি হৈ কলহী হ’ল। বাৰিষাকালত কলহৰ কাণেদি ঢালি দিয়াৰ দৰে পানী বৈ অহা বাবে কলহী নাম দিছিল। এইকথা অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া দিনমণি দাসদেৱেও বিভিন্ন ক্ষেত্ৰত উল্লেখ কৰিছে। আজিৰপৰা বহু বছৰ আগতে কুলশীৰ নলবাৰী অঞ্চলৰ এজন জ্যেষ্ঠলোকে দেউতাকৰ মুখৰপৰা শুনা বিভিন্ন কথা কৈছিল। উক্ত লোকজনে প্ৰকাশ কৰামতে, কুলশী–কুকুৰমাৰা নদীখন হেনো প্ৰকৃতি সৃষ্ট নহয়। ই মানুহে খন্দা এখন নদীহে। অঞ্চলটোৰ বিস্তীৰ্ণ খেতিপথাৰসমূহত কলহীৰ পানী যোগান ধৰি কৃষি উপযোগী কৰিবৰ বাবে সমগ্ৰ ৰাইজ লগলাগি এই নদীখন খান্দিছিল। প্ৰথম অৱস্থাত প্ৰায় দহ ফুট আকাৰৰ ডং এটা খান্দি মূল নদী কলহীৰ পৰা পানী বোৱাই নি সেই বৃহৎ অঞ্চলটোৰ কৃষিপথাৰ উৰ্বৰ কৰি তুলিছিল। কালক্ৰমত পানীৰ প্ৰৱল সোঁতে এই ডংটোক বৰ্তমানৰ বৃহৎ নদীলৈ ৰূপান্তৰ ঘটালে। যিটো নদী বৰ্তমান এছিয়াৰ বিখ্যাত ৰিভাৰ ডলফিনৰ প্ৰধান বিচৰণ আৰু আৱাসস্থলী হৈ পৰিল। সম্প্ৰতি ৰিভাৰ ডলফিন সমূহো আজি খাদ্য–বাসস্থানৰ সংকটত ভূগি ক্ৰমে হ্ৰাস পাব ধৰিছে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অন্য এক প্ৰতিবেদন যুগুত কৰিম।     

যিয়েই নহওক, এই নদীখনক কেন্দ্ৰকৰি অঞ্চলটোত গঢ়ি উঠিছে গ্ৰাম্য অৰ্থনীতি। কলহীৰ বালি অতি মূল্যবান। ৰাজ্যখনৰ বিভিন্ন নিৰ্মাণক্ষেত্ৰত কলহীৰ বালিৰ এটা সুকীয়া নাম আছে। নদীখনৰ বালি উঠাই অঞ্চলটোৰ বহু দুখীয়া পৰিয়াল পেট প্ৰৱৰ্তাই আছে। যুৱ চামৰ একাংশই বালি ব্যৱসায়ত জড়িত হৈ অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাত বালি কঢ়িওৱা সৰু–বৰ ট্ৰাকৰ লগতে অন্যান্য গাড়ীও ক্ৰয় কৰিবলৈ সক্ষম হৈছে। গাড়ীৰ মালিক, কৰ্মচাৰী, বালি উঠোৱা শ্ৰমিক উভয়ৰে পৰিয়াল বালি ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল। ইপিনে, চৰকাৰেও কম–বেছি পৰিমাণে বালিৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। একেদৰে, নদীখনত পোৱা বিভিন্ন প্ৰজাতিৰ মাছৰো এক সুকীয়া নাম আছে। নদীখনত প্ৰায় পঞ্চাশ বিধৰো অধিক মাছ পোৱা যায়। এই মাছ বিক্ৰী কৰিও একাংশই জীৱিকা মুকলি কৰিছিল। কলহী নদীৰ জীয়া–শুকান মাছৰো এক সুকীয়া সমাদৰ আছে। স্থানীয় জনজাতীয় লোকসকলে নৈখনত পোৱা মাছ শুকুৱাই কচুৰ সৈতে খুন্দি তৈয়াৰ কৰা সিন্দল (সিদল) যিয়ে এবাৰ সোঁৱাদ ল’বলৈ সক্ষম হৈছে সি জীৱনত পাহৰিব নোৱাৰে। নদীখনৰ পলসে উৰ্বৰতা বৃদ্ধি কৰা খেতিপথাৰসমূহত খেতিয়কে সোণালী সপোন ৰচে। ধানৰ লগতে ৰবি, খাৰিফ সকলো শস্যকে কৰি আহিছে। নদীৰ পাৰত শ শ বিঘা ভূমিত কল খেতি গঢ়ি তুলিছে। তদুপৰি বস্তিবোৰত ক’ল, পান–তামোল, জালুক, নাৰিকল আদি পৰম্পৰাগভাৱে কৰি অহা খেতি সমূহতো নদীখনে অৰিহণা যোগাইছে। পৰম্পৰাগতভাৱে কৰি অহা এইখেতিবোৰকে ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰি বৰ্তমান বহু পৰিয়াল অৰ্থনৈতিকভাৱেও সৱল হৈ পৰিছে।     

মাতৃয়ে নিজ সন্তানক তুলি–তালি ডাঙৰ–দীঘল কৰাৰ দৰে নদী সমূহেও মানুহ, পশু–পক্ষী আদিক জীৱনী শক্তি প্ৰদান কৰে। জীৱনী শক্তি প্ৰদান কৰা বাবে মানুহে নদীক মাতৃসম জ্ঞান কৰে। পিছে, জীৱন–জীৱিকাৰ প্ৰধানস্থলী কলহী নদীখনৰ বক্ষ আজি চাৰি বছৰমানৰ পৰা শুকাই যাবলৈ ধৰিছে। এবছৰ মূল কলহীখন শুকালে তাৰ পিছৰ বছৰ কুলশী নদীখন শুকাই। যোৱা বছৰ হেনো মূল কলহী নদীখন শুকাইছিল। এইবাৰ কুলশী–কুকুৰমাৰা নদীখন শুকাইছে। যদিও, মূল কলহী নদীখনত পানী বৈয়েই আছে। অৱশ্যে, নদীখনৰ শুকান বক্ষ জীপাল কৰি তুলিবলৈ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দ্বীবন ডেকাই অহৰহ চেষ্টা কৰিছে। সাপ্তাহিক বজাৰৰ কাষৰ দলংখনৰ আগত প্ৰায় দুশ মিটাৰ দূৰত্ব খাল খান্দি পানী বোৱাই আনিবলৈ চেষ্টা কৰিছে। এই কামত স্থানীয় ৰাইজেও পূৰ্ণ সহযোগ আগবঢ়োৱা বুলি বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। বন বিষয়াগৰাকীৰ উক্ত কাৰ্যই কিমানদূৰ সফলতা লাভকৰে সেয়া অন্য কথা, কিন্তু তেখেতে নদীখনৰ বক্ষ জীপাল কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাই।

আনহাতে, লোহাৰঘাট অঞ্চলৰ অন্য এখন নদী বাথাই। অঞ্চলটোত বাথাই নদী ‘বাথা’ বুলিয়েই জনাজাত। এই নদীখনৰো উৎপত্তিস্থল মেঘালয়। মেঘালয়ৰ গাৰোকুন্দি আৰু খেনাকুন্দি নামৰ দুখন পাহাৰীয়া নদীয়ে বাথাক প্ৰাণ দিছে। মেঘালয়ৰ ৰি–ভয় জিলাৰ পশ্চিম প্ৰান্তৰপৰা বৈ আহিছে খেনাকুন্দি আৰু পশ্চিম খাছি পাহাৰ জিলাৰ পৰা বৈ আহি ৰি–ভয় জিলাৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিছে গাৰোকুন্দি নদী। খেনাকুন্দি জিমিৰিগাঁও, বাখালাপাৰা, কুণ্ডিলমুখ হৈ আৰু গাৰোকুন্দি মেঘালয়ৰ ৱাৰমাচাও, মাউডেম, বেলাহাৰী হৈ পশ্চিম গুৱাহাটীৰ বেটলাংছি (লংচাই) গাঁওখনত মিলিছে। আন্তঃৰাজ্যিক সীমান্তৰ লংচাই গাঁওখনৰ যিঠাইত দুয়োখন নদী মিলিত হৈছে তাৰপৰাই বাথা নদীৰ আৰম্ভ হৈছে। নদীখনে বাথা হৈ বৈ অহাৰ প্ৰায় সাত কিলোমিটাৰ অন্তত ‘উবতি’ নামৰ অন্য এখন নদীয়ে লগ দিছে। উবতি ৰি–ভয় জিলাৰ মধ্যপ্ৰান্তৰ উমলিঙৰ নংখাল্লেম বন্যপ্ৰাণী উদ্যানৰ মাজেৰে জুৰি–নিজৰা–নৈ ৰূপে অসমলৈ বৈ আহিছে। পাহাৰে পাহাৰে বৈ অহা এই নদীখনক অসমৰ বশিষ্ঠ নদীৰ শাখা এটাইয়ো লগ দিছে। দুয়ো নদী লগলাগি পাহাৰে পাহাৰে বৈ আহি অসম–মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটীৰ উমচুৰ গাঁওখনত প্ৰৱেশ কৰিছে। অঞ্চলটোৰ নগাঁও, শালসেৰ, মাটাইখাৰ হৈ বৈ অহা উবতি নদীখনে গাড়ীলিক নামৰ ঠাইখনৰ পৰা প্ৰায় দুশ মিটাৰ আগত বাথাৰ সৈতে মিলিত হৈছে। বাথা আৰু উবতি নদীৰ সংযোগস্থলক স্থানীয় লোকসকলে ‘বান্দৰ হাগা’ বুলি কয়। প্ৰায় ৫৫কিলোমিটাৰ দৈৰ্ঘ্যৰ বাথা নদী বিভিন্ন গাঁও, কৃষিভূমি অতিক্ৰম কৰি কামৰূপ জিলাৰ কুকুৰমাৰাত কুলশী নদীৰ সৈতে মিলিত হৈছে।

কলহীৰ দৰে বাথা নদীও অঞ্চলটোৰ প্ৰায় পঞ্চাশ হেজাৰ কৃষিজীৱি পৰিয়ালক জীৱন–জীৱিকা প্ৰদান কৰি আহিছে। এসময়ত বয়োবৃদ্ধ লোকসকলে এষাৰ বচন মাতিছিল– ‘বাথাৰ পাৰত মাটি যাৰ– মেটমেটীয়া সোণগুটিৰ ভৰাল তাৰ’। সেই সময়ত বাথাৰ পাৰত যিসকলৰ খেতিবাতি আছিল তেওঁলোকৰ পৰিয়ালসমূহৰ অৱস্থা সঁচাকৈয়ে স্বচ্ছল আছিল। য’ত, ল’ৰা–ছোৱালীৰ বিয়া–বাৰুৰ ক্ষেত্ৰতো প্ৰাধান্য লাভ কৰিছিল। ল’ৰাই বাথাৰ পাৰত খেতিবাতি কৰে বা ছোৱালীৰ পৰিয়ালৰ বাথাৰ পাৰত খেতিবাতি আছে, এনেধৰণৰ প্ৰসংগ আলোচনা কৰি পৰিয়ালসমূহে গৌৰৱ অনুভৱ কৰিছিল। অতি দূৰ্ভাগ্যৰ কথা– সম্বন্ধ স্থাপনত প্ৰাণ দিয়া সেই বাথা নদীৰো আজি গতিপথৰ চৰিত্ৰ সলনি হ’ব ধৰিছে। লাহে লাহে ই ভয়ংকৰ সমস্যাৰ ৰূপ ল’ব ধৰিছে।

প্ৰায় ২০১৫ চনৰ কথা। লোহাৰঘাট অঞ্চলৰে এজন যুৱক প্ৰদীপ ৰাভা। শ শ লোকে স্থানীয় বাথা নদীত বালি উঠাই জীৱিকা নিৰ্বাহ কৰাৰ দৰে প্ৰদীপ ৰাভাইয়ো বালি উঠোৱা কাম কৰিছিল। অন্যান্য দিনৰ দৰে এদিন বালি উঠাবলৈ প্ৰদীপে নৈখনত নামিছিলহে মাত্ৰ। নমাৰ সয়ত একাঠু পানী থকা ঠাইখিনিত থিয় হৈ বালিৰ বিচাৰ–খোচাৰ কৰি থকা সময়তে হঠাৎ প্ৰদীপ গ’ললৈকে ডুব যায়। তাৰপাছত সমগ্ৰ মানুহজন বালিত ডুব গৈছিল। এনেদৰে জীৱন্তে সমাধিস্থ হৈ প্ৰদীপে তিলতিলকৈ মৃত্যু মুখত পৰিছিল।

ইয়াৰ মূল কাৰণ! নদীখনত বিজ্ঞান সন্মত পদ্ধতিক দলিয়াই জধে–মধে বালি উঠোৱা কাৰ্যকে ৰাইজে দোষাৰোপ কৰে। আজিৰপৰা বিশ বছৰ আগতে কলহী আৰু বাথা নদীত বালি তুলিবলৈ হাত নাওঁ, বাঁহৰ চাক, কলগছৰ ভূৰ আদি ব্যৱহাৰ কৰিছিল। এই নাঁও–ভূৰৰ সহায়তে নদীৰ পৰা বালি তুলি পাৰত মজুত কৰিছিল। সেই পদ্ধতিৰে এদিনত চাৰিজন মানুহে কোনোমতে এক ট্ৰাক বালি তুলি দিনটোৰ হাজিৰা মিলাইছিল। নদী দুখনত বালি তুলিয়েই জীৱন–নিৰ্বাহ কৰা বহু দুখীয়া পৰিয়ালৰ বেলচা–বাল্টি, হাত নাওঁ–কলগছৰ ভূৰ এইবোৰ সঁজুলি আজি অতীত হ’ল। আজি কেইবছৰ মানৰপৰা নদী দুখনত হাতেৰে বালি উঠোৱাৰ পৰিৱৰ্তে পানীতোলা মেচিনকে বিশেষ পদ্ধতি প্ৰয়োগ কৰি বালি উঠোৱা কাৰ্যত ব্যৱহাৰ কৰিবলৈ লৈছে। এসময়ত চাৰিজন মানুহে এক ট্ৰাক বালি উঠোৱা কাৰ্যও সহজ নাছিল। এতিয়া মেচিনৰ সহায়ত আঢ়ৈ ঘণ্টাৰ ভিতৰত এক ট্ৰাক বালি উঠাব পাৰে। ইয়াৰ ফলত সাধাৰণভাৱে বালি উঠাই যিসকল লোক পেট প্ৰৱৰ্তাই আছিল তেওঁলোকৰ জীৱিকা বন্ধ হৈ পৰিল। মানে– উৎকৃষ্ট বালি থকা স্থান সমূহ মেচিন সমূহে দখল কৰাৰ লগেলগে সাধাৰণ শ্ৰমিকখিনিয়ে কোনোফালে সুবিধা নোপোৱা হ’ল। বিপৰীতে, সাধাৰণ শ্ৰমিক চামৰ জীৱন–জীৱিকালৈ সংকট নামি আহিল আৰু মুষ্টিমেয় এচামৰ হাতত বৃহৎ পৰিমাণৰ ধন জমা হ’ল।  

উল্লেখ্য যে, মেচিনৰ তীব্ৰ গতিয়ে বালিৰ লেয়াৰ বহু দূৰলৈ ফোঁপোলা কৰি পেলায়। অকৰ্ত্ত্বশীলভাৱে বালি খননৰ কু–প্ৰভাৱৰ ফলত নদীৰ পাৰ ভয়াকভাৱে খহিবলৈ আৰম্ভ কৰিছে। নদীখন ঠায়ে ঠায়ে বহল হোৱাৰ বিপৰীতে ঠায়ে ঠায়ে ঠেক হৈ পৰাও দেখা গৈছে। বহু ঠাইত পাৰ খহি নদীৰ গতিপথ সলনি হোৱাত বালিয়ে খেতিপথাৰ পুতি পেলাইছে। নৈখনৰ জলস্তৰ হ্ৰাস পোৱা বাবে কৃষি ভূমিৰ আৰ্দ্ৰতাও কমি গৈছে। কৃষি ভূমিৰ আৰ্দ্ৰতা কমি যোৱা বাবে উৎকৃষ্ট খেতি–বাতিও নোহোৱা হ’ল। কেন্দ্ৰীয় চৰকাৰৰ Mining and Mineral (Development & Regulation) Act– 1957 মতে বালি ক্ষুদ্ৰ খনিজ সম্পদ। উক্ত আইনমতে– বৈধ অনুজ্ঞাপত্ৰ অবিহনে বালি খনন কাৰ্য অবৈধ। ৰাজ্য চৰকাৰৰ Mining and Mineral Concession Rule– 2013ৰ অধীনত এই মুহুৰ্তত– কলহী আৰু বাথা নদীত বৈধ বালি মহল কেইটা আছে সেয়া জানিবপৰা নাযায়। বিভিন্নলোকে কোৱামতে– বৈধতকৈ অবৈধ বালি মহলৰ সংখ্যা হেনো অধিক। হ’বও পাৰে। কাৰণ আজিৰপৰা দুবছৰ আগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত এটি সজাতি দলে অবৈধ বালি মহলৰ বিৰুদ্ধে এক অভিযান চলাইছিল। এই অভিযানকালতে দলটোৱে অবৈধ বালি মহল বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল। যদিহে– এমাহৰ ভিতৰত বৈধ নথি–পত্ৰ যুগুত কৰি নলয়। মুখ্যকাৰ্যবাহী গৰাকীৰ এই অভিযানৰ ফলত কিমানটা অবৈধ বালি মহলৰ নথি–পত্ৰ বৈধকৰণৰ ব্যৱস্থা কৰা হ’ল এইমুহুৰ্তত সঠিক তথ্য জনা নাযায়। 

আজি কেইবছৰমান আগৰ কথা। লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক এগৰাকীয়ে ব্যক্ত কৰিছিল– বাথা নদীত অবৈধ বালি তোলা মেচিন জব্দ কৰি হেনো তেওঁলোক ভাগৰি পৰিছে। আজি এঠাইত চাৰিটা জব্দ কৰিলে কালি আনঠাইত ছয়টা মেচিন ব্যৱহাৰ কৰে। যিহেতু মেচিনবোৰ চাৰি–পাঁচ হেজাৰ টকাত কিনিব পোৱা যায়। সেয়ে বন বিভাগে মেচিন জব্দ কৰিলেও পুনৰ কিনিবলৈ বেপাৰীসকলে বৰ বেছি চিন্তা নকৰে। কিয়নো– দুই ট্ৰাক বালি বিক্ৰি কৰিলেই এটা মেচিন কিনিবপৰাকৈ ধন আহে। গতিকে বন বিভাগে অবৈধ বালি তোলা মেচিন জব্দ কৰিলেও বেপাৰীয়ে পুনৰ কিনি আনে। ইপিনে, অঞ্চলটোত চলিথকা অবৈধ কাঠফলা কলৰ ক্ষেত্ৰতো একেই অৱস্থা। অৱশ্যে, মেচিনেৰে অ–বিজ্ঞানসন্মতভাৱে বালি উঠোৱা কাৰ্যৰ প্ৰতিবাদত অঞ্চল বিশেষে ৰাইজ ওলাই আহে। ৰাইজৰ প্ৰতিবাদত বেপাৰীসকলে বহু ঠাইত মেচিনেৰে বালি উঠোৱা কাৰ্য বন্ধ কৰিব লগাও হৈছে।

পদ্ধতিগতভাৱে কাম নকৰাৰ ফলত যদি নদী দুখনৰ গতিপথৰ ৰূপ সলনি হৈ যায় তেনেহ’লে সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈ পৰিব কৃষিজীৱিসকল। সেয়ে নহয়, চৰকাৰেও বালিৰপৰা ৰাজহ নাপাব আৰু ব্যৱসায়ী সকলো ক্ষতিগ্ৰস্ত হ’ব। ইপিনে– ভাতৰ সংকট হ’ব বালি তোলা শ্ৰমিকসকলৰো। বৰ্তমান বালি ব্যৱসায় অবৈধভাৱে চলি থকাত লাভ হৈছে কাৰ? চৰকাৰৰ নে ৰাইজৰ। বৰঞ্চ ইয়াৰ বাবে কৃষিজীৱি ৰাইজ বেছিকৈ ক্ষতিগ্ৰস্ত হ’বলগা হৈছে আৰু চৰকাৰেও উচিত ৰাজহ লাভৰ পৰা বঞ্চিত হৈছে। কিন্তু লাভ হৈছে এচামৰ, যিয়ে– প্ৰকৃতি ধ্বংস কৰি ধনী হ’ব খোজে। লাভ হৈছে সেইচামলোকৰ, যিয়ে– প্ৰকৃতি ধ্বংসৰে ধনী হোৱা প্ৰতিযোগিতাত দৌৰাৰ বাবে কুণ্ঠাবোধ নকৰি হেতা–ওপৰা কৰে। প্ৰায় পোন্ধৰ শতাংশ তেনেলোকৰ ভোগ–লালসাৰ বাবে পঁচাশী শতাংশলোকে সংকটৰ সন্মুখীন হোৱা কাৰ্য নিশ্চয় সমৰ্থনযোগ্য নহয়। ভাল–বেয়া সকলো সমস্যা সমাধানৰ সূত্ৰ চৰকাৰৰ হাততেই আছে। চৰকাৰে মন কৰিলে নিশ্চয় এই সমস্যাবোৰৰ সমাধান কৰিব পাৰে। গতিকে কলহী আৰু বাথা নদীৰ গতিপথৰ ৰূপ সলনি হ’বলৈ নিদিব। মানে– যিসমূহ অবৈধ কাৰকৰ বাবে নদী দুখনৰ গতিপথৰ চৰিত্ৰ সলনি হ’বলৈ ধৰিছে, সেই কাৰকসমূহ চৰকাৰে চিনাক্ত কৰি তৎকালে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward