Friday, March 29, 2024
HomeARTICLEবন বিভাগৰ অৰ্কিড সংৰক্ষণ আৰু অধ্যয়ন ক্ষেত্ৰঃ ৰাভা ছাত্ৰ সংগঠন, প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া

বন বিভাগৰ অৰ্কিড সংৰক্ষণ আৰু অধ্যয়ন ক্ষেত্ৰঃ ৰাভা ছাত্ৰ সংগঠন, প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া

প্ৰকাশিত তাৰিখঃ ৭ জুন, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

বনানিকৰণ ক্ষতিপূৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ (Compensatory Afforestation Fund Management and Planning Authority) চমুকৈ ‘কেমপা’ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এটি সংস্থা। ২০০৮ চনত দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰাষ্ট্ৰীয় পৰ্যায়ত এই তদৰ্থ সংস্থাটো গঠন কৰিছিল। লগতে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহতো সংস্থাটোৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয় স্থাপন কৰা হৈছিল। উল্লেখ্য যে, কেমপা পৰিচালিত হয় ৰাজ্যৰ বন আৰু পৰিবেশ বিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰা।   

সংস্থাটোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল– অৰণ্য সুৰক্ষা, সংৰক্ষণ আৰু পুনৰ ব্যৱস্থাপনা কৰা। সুৰক্ষিত এলেকাবোৰ একত্ৰিত কৰি সেই এলেকাৰ ভিতৰ বা বাহিৰ অঞ্চল সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণীৰ বাসস্থান সুৰক্ষাৰ ব্যৱস্থা কৰা। ক্ষতিহোৱা বনাঞ্চল নতুনকৈ গঢ়ি তোলা। পাৰিপাৰ্শ্বিকৰ ক্ষেত্ৰত– ইন্ধনৰ বাবে কাঠ বিহীন বন সামগ্ৰী প্ৰস্তুত কৰা, পশু খাদ্য, পানীৰ ব্যৱস্থা কৰা, চৰণীয়া পথাৰ আৰু পৰ্যটনক্ষেত্ৰ সমূহ বন্যপ্ৰাণীৰ জীৱন সুৰক্ষাৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা। জলবায়ু, ৰোগ, বানপানী নিয়ন্ত্ৰণ, বিষমুক্তকৰণ, কাৰ্বন পৃথকীকৰণ কৰি মাটি–বায়ু–পানীৰ ব্যৱস্থা স্বাস্থ্য সেৱাৰ দৰে নিয়ন্ত্ৰণ কৰা। পৰিৱেশ তন্ত্ৰ, আধ্যাত্মিক, বিনোদনমূলক, নান্দনিক, অনুপ্ৰেৰণাদায়ক, শৈক্ষিক আৰু প্ৰতীকীৰ পৰা প্ৰাপ্ত অ–বৈষয়িক লাভালাভ। জৈৱ–বৈচিত্ৰ্য, পুষ্টি, চাইকেল চলোৱা আৰু প্ৰাথমিক উৎপাদনৰ বাবে পৰিৱেশ তন্ত্ৰৰ প্ৰয়োজনীয় অন্যান্য সেৱাসমূহক সমৰ্থন কৰা। গৱেষণা, প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ। এইক্ষেত্ৰত কেমপাৰ লক্ষ্য আৰু উদ্দেশ্য নিশ্চয় আদৰণীয়।

ঐতিহাসিক চানডুবি বিলৰ সমীপৱৰ্তী ৰাজাপাৰা গাঁও তথা খণ্ড বন কাৰ্যালয়টোৰ কিছু দূৰত সংস্থাটোৱে অৰ্কিড সংৰক্ষণ আৰু অধ্যয়ন ক্ষেত্ৰ গঢ়িবলৈ লোৱা কাৰ্য নিশ্চয় আদৰণীয়। পশ্চিম কামৰূপ বন সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত গাঁও হ’ল ৰাজাপাৰা। অৰ্কিডৰ অধ্যয়ন ক্ষেত্ৰ গঢ়ি তুলিবলৈ সংৰক্ষিত বনাঞ্চলখনৰ ৫ হেক্টৰ এলেকা সাঙুৰি লোৱা বুলি বিভাগীয়ভাৱে ছাইনব’ৰ্ড আঁৰি দিছে। কেমপাই পুঁজি যোগানধৰা অৰ্কিড ক্ষেত্ৰখনৰ পৰিচালনা কৰিব বন গৱেষণা বিভাগ (চিলভিকালচাৰ)ৰ বশিষ্ঠৰ মুখ্য কাৰ্যালয়ৰ পৰা। জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ চানডুবি বিলৰ আশে–পাশে অৰণ্য অঞ্চলত বিভিন্ন গছ–গছনি, জীৱ–জন্তু, চৰাই–চিৰিকটি, ফল–ফুল আদি পোৱা যায়। বিশেষকৈ বিভিন্ন প্ৰজাতিৰ অৰ্কিড সেই অঞ্চলত পোৱা যায়। সেই অঞ্চলটো হাতী, বাঘ, ভালুক, বান্দৰ, হৰিণ বিভিন্ন চৰাই–চিৰিকটিৰ মুক্ত বিচৰণ ভূমি। অতি আনন্দৰ বতৰা যে, অৰ্কিডৰ সংৰক্ষণৰ বাবে নিৰ্বাচিত এলেকাতে হলৌ বান্দৰৰ এটি পৰিয়াল বসবাস কৰি আছে আজি বহু বছৰ ধৰি। দীপৰ বিলৰ পৰা চানডুবি বিললৈ বনৰীয়া হাতী যাতায়তৰ পোনপোটীয়া দণ্ডি আছে। দীপৰ বিলৰ পৰা হাতীৰ জাক সমূহ যোৱাৰ সময়ত ৰাণী, জৰাশাল, কাৱাচিং সংৰক্ষিত বনাঞ্চল অতিক্ৰম কৰি বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল উপস্থিত হয়। যি ঠাইত অৰ্কিড অধ্যয়ন ক্ষেত্ৰৰ বাবে নিৰ্বাচন কৰিছে সেয়াও হাতী দণ্ডিৰ অন্তৰ্গত।

অৰ্কিড সংৰক্ষণ আৰু অধ্যয়ন ক্ষেত্ৰই মানুহৰ মাজত যেনেকৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ঠিক তেনেদৰে সন্দেহ, সংশয়ও আদিও কঢ়িয়াই আনিছে। কিয়নো– অৰ্কিড অধ্যয়নৰ কাৰণে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী আহিব, বিভিন্ন সংস্থাৰ পৰা দল, ব্যক্তি আহিব। অৰ্কিড অধ্যয়নৰ সঁচা অৰ্থত আহিলে ক’বলগা একো নাই। কিন্তু গৱেষকৰ বেশত আহি এচামে অসামাজিক কামত লিপ্ত হ’ব পাৰে। অপৰাধ জনিত ঘটনাও সংঘটিত হ’ব পাৰে। তদুপৰি, সেই অঞ্চলটোত আপুৰুগীয়া অৰ্কিড সংৰক্ষণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই। তেওঁলোকৰ প্ৰচেষ্টাতেই সেই এলেকাটোত বিভিন্ন অৰ্কিডে ইতিমধ্যে ঠন ধৰি উঠিছে। শেহতীয়াভাৱে চানডুবি ফটোগ্ৰাফিক ফ’ৰাম নামৰ সংগঠনটোৱেও পৰিৱেশ সংৰক্ষণৰ হ’কে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। লোহাৰঘাট, কুলশী আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত প্ৰকৃতি সুৰক্ষাৰ হ’কে প্ৰচাৰ কাৰ্য চলাই আহিছে। গৱেষকৰ ৰূপত আহি সেই অঞ্চলৰ মূল্যবান অৰ্কিডৰ চোৰাং সৰবৰাহত লিপ্ত হ’ব পাৰে বুলি সন্দেহ, সংশয় প্ৰকাশ কৰিছে সেয়া অমূলক নহয়। ইতিমধ্যে অঞ্চলটোত তেনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছেই।

অৰ্কিড সংৰক্ষণ আৰু অধ্যয়ন ক্ষেত্ৰ এখন গঢ়ি তুলি অঞ্চলটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দৰে আদৰণীয় কাম–কাজত আপত্তি কৰিবলগীয়া নিশ্চয় কাৰো নাই। বন বিভাগৰ যদি উদ্দেশ্য সৎ আৰু মহান হয় তেনেহ’লে অঞ্চলটোত বহু বছৰৰ পৰাই অৰ্কিড তথা প্ৰকৃতি সংৰক্ষণৰ হকে কামকৰি থকা ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু স্থানীয় লোকসকলৰ লগত এবাৰো আলোচনা কৰি চোৱাৰ পোষকতা নকৰিলে কিয়?

সন্দেহ এই কাৰণেও কৰে– বিগত বৰ্ষৰ ২০১১ চনৰ পৰা ২০১৯লৈকে ৰাজ্যখনৰ বিভিন্ন স্থানত কেমপাৰ পুঁজি ১৫০ কোটি টকা ব্যৱহাৰত ব্যাপক অনিয়ম হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই তথ্য অৰণ্য সুৰক্ষা সমিতি, অসমৰ সদস্য দিলীপ নাথে এক আৰ টি আই যোগে লাভকৰা। বন বিভাগে প্ৰদান কৰা তথ্যমতে, ২০১০–২০১১ বৰ্ষত ১০,৪৪,৮৭,০০০০ টকা, ২০১২–১৩ বৰ্ষত ১৫,০৫,৯২১০০ টকা, ২০১৩–২০১৪ত ১৩,০০০০০০০ টকা, ২০১৬–২০১৭ বৰ্ষত ৩০,০০০০০০০ টকা, ২০১৭–২০১৮ বৰ্ষত ৭০,০০০০০০০ টকা, ২০১৮–২০১৯ বৰ্ষত ৪৫,৮৪,০০০০০ টকাকে ধৰি সৰ্বমুঠ ১৮৪,৩৪,৭৯১০০ টকা বন বিভাগে ‘কেমপা’ৰ শিতানত লাভ কৰিছিল। তদুপৰি, বন বিভাগে প্ৰকাশকৰা তথ্যমতে– ৰাজ্যখনৰ ৪৪টা বন সংমণ্ডলত ১৯৮১.৯৯ হেক্টৰ ভূমিত গছপুলি উৎপাদন কৰা হয়। ২৯৯৮ হেক্টৰ ভূমিত নতুনকৈ বনাঞ্চল গঢ়ি তোলা হয়। নীতি অনুসৰি প্ৰায় ১০হেজাৰ হেক্টৰ ভূমিত নতুন বনাঞ্চল গঢ়ি উঠিব লাগিছিল যদিও ২৯৯৮ হেক্টৰ এলেকাতহে নতুন বনাঞ্চল গঢ়ি উঠিছে। দূৰ্ভাগ্যৰ কথা যে এনে বনাঞ্চলৰ নজিৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত এলেকাক বাদ দি ক’তো দেখিবলৈ পোৱা নাযায়।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত যোৱা ১০ মে’ ২০১৭ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বন বিভাগৰ উদ্যোগত ‘মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান’ৰ আধাৰশিলা স্থাপন কৰে। প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষৰে স্থাপন কৰা উদ্যানখন পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত দীপৰ বিলৰ পাৰৰ মিকিৰপাৰাত অৱস্থিত। কিন্তু, মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান বুলি বিভাগীয়ভাৱে যিঠাইত চাইন ব’ৰ্ডখন আঁৰি দিছে সেইখন এখন বহু পুৰণি চেগুন বাগান আছিল। তদুপৰি, আপুৰুগীয়া বৃক্ষ ৰোপনৰ নামতো পূব কামৰূপ সংমণ্ডলত ২০১৬–১৭ বৰ্ষত– ১৬,৫৭,০০০ টকা আৰু ২০১৮–২০১৯ বৰ্ষত একেই পৰিমাণৰ ধন খৰচ কৰাৰ কথা উল্লেখ কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward