Friday, May 3, 2024
HomeNEWSকুলসীৰ শিহু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভা ‘বন্যবন্ধু’ৰ

কুলসীৰ শিহু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভা ‘বন্যবন্ধু’ৰ

প্ৰকাশি তাৰিখঃ ৫ জুন, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি কুলসী নৈৰ শিহু আৰু ইয়াৰ সংৰক্ষণৰ স্বাৰ্থত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ‘বন্যবন্ধু’ৰ উদ্যোগত আৰু ৰামপুৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা কামৰূপ জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাখনি আজি ৪জুন তাৰিখে অনুষ্ঠিত হৈ যায়। ৰামপুৰ আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ ৬৮শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন সমাপ্ত হোৱাৰ লগে লগে উপস্থিত শিক্ষাৰ্থী, অভিভাৱক আৰু ৰাইজৰ মাজত চমুকৈ কুলসী নদীৰ শিহু আৰু ইয়াৰ বাসস্থান সংৰক্ষণ আৰু এইবাৰ পৰিবেশ দিৱসৰ মূল বিষয় ‘প্লাষ্টিক প্ৰদূষণৰ সমাধান বিষয়ক সজাগতা’ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ একক শাখাত অনুষ্ঠিত কৰা চিত্ৰাংকন  প্ৰতিযোগিতাৰ ফলাফল সমূহ এনে ধৰণৰ- প্ৰথম স্থান লাভ কৰিছে নিহাৰ কাশ্যপ, দশম শ্ৰেণী, শংকৰদেৱ জাতীয় বিদ্যালয়, কুকুৰমাৰা। দ্বিতীয় স্থান লাভ কৰিছে ৰোহিত দাস, দশম শ্ৰেণী, ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুল, কুকুৰমাৰা আৰু তৃতীয় স্থান লাভ কৰিছে গুঞ্জন নাথ, অষ্টম শ্ৰেণী, জাতীয় বিদ্যালয়, ৰামপুৰ। (কুলসীৰ শিহু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভা ‘বন্যবন্ধু’ৰ)

উক্ত অনুষ্ঠানত ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীনমণি কলিতা, মহাবিদ্যালয়ৰ আই কিউ এ চি সঞ্চালক ড° মনোৱাৰ হুছেইনে উপস্থিত থাকে। লগতে আয়োজক সংগঠন বন্যবন্ধুৰ প্ৰসন্ন কলিতা, জ্যোতি কুমাৰ দাস, মাধৱ মেধি, কল্পজ্যোতি কলিতা, দীপাংকৰ ঠাকুৰীয়া, হিতেশ মালী, কিশোৰ নাথ, পৰশমনি ৰাভা আৰু ঋষভ জৈন, উদয় দাস, মানৱ দাস, প্ৰীতি দাস, ডা গৰ্গৰাম মালী, কমল মালী, হেমন্ত কলিতা, দেৱজিত চৌধুৰী আদি সন্মানীয় শুভাকাংক্ষীসকল উপস্থিত থাকে।

আজি ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত উদযাপিত পৰিবেশ দিৱসৰ অনুষ্ঠানত ৪জুনত আয়োজিত চিত্ৰাংকন  প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward