Thursday, April 25, 2024
Homeবাতৰিকেন্দ্ৰৰ আঁচনিয়ে ঢুকি নোপোৱা অসমৰ কৃষকসকল

কেন্দ্ৰৰ আঁচনিয়ে ঢুকি নোপোৱা অসমৰ কৃষকসকল

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

অসম চৰকাৰে ২০২২ চনৰ ভিতৰত ৰাজ্যৰ কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধিৰ বাবে যি আঁচনি ঘোষণা কৰিছিল সেয়া আজি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। চৰকাৰে এই আঁচনি ঘোষণাৰে অসমত কৃষি বিপ্লৱৰ সুচনা কৰিব খুজিলেও দৰাচলতে এই আঁচনিৰ দ্বাৰা প্ৰকৃতভাৱে উপকৃত হোৱা নাই ৰাজ্যৰ কৃষকসকল।  

উল্লেখনীয় যে ধান উৎপাদনকাৰী ৰাজ্য হিচাপে দেশৰ ভিতৰত অসমেই প্ৰথম। অন্যান্য ৰাজ্যবোৰত চৰকাৰে কৃষকসকলৰ পৰা বৃহৎ পৰিমাণৰ ধান ক্ৰয় কৰে যদিও অসমত সেয়া বিপৰীত ছবি এখন দেখিবলৈ পোৱা যায়। অসমত কৃষকৰ পৰা উৎপাদনৰ সামান্য এটা অংশহে চৰকাৰীভাৱে ক্ৰয় কৰা দেখা যায়।

চলিত বিত্তীয় বৰ্ষটোত পঞ্জাৱত ভাৰতীয় খাদ্য নিগম আৰু ৰাজ্যখনৰ কেইবাটাও চৰকাৰী প্ৰতিষ্ঠানে কৃষকসকলৰ পৰা ১৮২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিপৰীতে অসমৰ কৃষকসকলৰ পৰা মাত্ৰ ৭৫ হাজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য বান্ধিছে ভাৰতীয় খাদ্য নিগমে। প্ৰতি বছৰে ৰাজ্যখনত ধানৰ উৎপাদন বৃদ্ধি পাই আহিছে যদিও চৰকাৰে উপযুক্ত পৰিমাণে কৃষকৰ ধান ক্ৰয় কৰা নাই। ৰাজ্যখনৰ প্ৰায় ৩৬ লাখ কৃষকে অতি কষ্টৰ মাজেৰে উৎপাদন কৰা ধানৰ উচিত মূল্য আজিও নাপায়। কেন্দ্ৰীয় চৰকাৰৰ অসমৰ কৃষকসকলৰ প্ৰতি কিমান অনিহা প্ৰদৰ্শন।

পঞ্জাৱত যোৱাটো বৰ্ষত চৰকাৰীভাৱে ১৬৭ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছিল। প্ৰায় ৫২ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা অসমত উৎপাদনৰ দুই শতাংশ ফঁচল ক্ৰয় কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে। আজি অসমৰ কৃষকে এটা জটিল পৰ্যায় অতিক্ৰম কৰাৰ পিচতহে ৰাষ্ট্ৰীয় বেংকৰ পৰা কৃষি ঋণ লাভ কৰিবলৈ সক্ষম হয়। সিয়ো সময়মতে লাভ কৰিবলৈ অসমৰ্থ। বেংকৰ ঋণ লৈ খেতিৰ আশা বাদ দি ব্যক্তিগত মালিকৰ পৰা উচ্চ সুদত ধাৰ লৈ কৰা খেতিৰ ফঁচল বিক্ৰীৰ বাবেও নাই উপযুক্ত বিপনন ব্যৱস্থা। 

অসমৰ কৃষকসকলৰ উৎপাদিত ফঁচল ভাৰতীয় খাদ্য নিগম আৰু অসম ৰাজ্যিক কৃষি বিপনন পৰিষদে উপযুক্ত মূল্যত ক্ৰয় নকৰাৰ ফলত কৃষকে মধ্যভোগী, দালালৰ ওচৰত অতি কম মূল্যত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে। কৃষকৰ প্ৰতি চৰকাৰে কৰা এনে প্ৰৱঞ্চনাৰ ফলত একপ্ৰকাৰ মধ্যভোগী, দালালবোৰ উপকৃত হৈছে। চৰকাৰৰ এনে নীতিৰ ফলত মধ্যভোগী, দালালবোৰে উপায়হীন কৃষকৰ পৰা পুৰ্ণ সুযোগ গ্ৰহণ কৰিছে। বৰপেটা আৰু খাৰুপেটীয়াৰ কৃষকসকলৰ উদাহৰণেই যথেষ্ট। এতিয়া অসমৰ কৃষকৰ বাবে কৃষি জীৱিকা নিৰ্বাহৰ চালিকা শক্তি হৈ থকা নাই। ৰাজ্যখনৰ বহু কৃষকে কৃষি–কৰ্ম ত্যাগ কৰি দিন মজুৰ কৰিবলৈ বাধ্য হৈছে।  

 

শিৰোনামৰ ছবিঃ চানডুবি নিউজ  

Photo Courtesy: Chandubinews

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward