Saturday, April 27, 2024
Homeবাতৰিক্ৰেম পুৰীঃ বিশ্বৰ দীৰ্ঘতম বালিয়া শিলৰ গুহা 

ক্ৰেম পুৰীঃ বিশ্বৰ দীৰ্ঘতম বালিয়া শিলৰ গুহা 

প্ৰকাশিত তাৰিখঃ ২৬ মাৰ্চ, ২০১৮

চি এন ডেক্স

প্ৰাকৃতিক সম্পদৰে চহকী মেঘালয়ত নতুনকৈ আৱিষ্কাৰ হৈছে বালিয়া শিলৰ গুহা। ক্ৰেম পুৰী নামেৰে নামাংকিত গুহাটো মৌচিনৰাম আৰু মাউলাংব্না অঞ্চলত অৱস্থিত। বিশ্বৰ দীৰ্ঘতমৰূপে স্বীকৃতি লাভ কৰা গুহাটোৰ আৱিষ্কাৰে ৰাজ্যৰ পৰ্যটন খণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰিব।

উল্লেখযোগ্য যে, মেঘালয়ৰ মাউলংব্না পূব খাছি পাহাৰ জিলাত অৱস্থিত। ৰাজ্যৰ দুঃসাহসিক ক্ৰীড়া সংগঠন (MAA)ৰ উদ্যোগত ২০১৬ চনৰ পৰাই এই গুহাটোত জৰীপ চলাইছিল। কিন্তু সেই বৰ্ষটোত ২৪ কিলোমিটাৰ দৈৰ্ঘ্য গুহাটোৰ ১২,৩৬৮ মিটাৰহে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। ২০১৭ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অভিযান সম্পূৰ্ণ কৰাত ইয়াৰ দৈৰ্ঘ্য ২৪,৫৮৩ মিটাৰলৈ বৃদ্ধি পায়।

মেঘালয়ত আৱিষ্কৃত ২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুহা ক্ৰেম পুৰীয়ে ভেনিজুৱেলাৰ ১৮.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘কুৱেভা ডেল ছামান’ক চেৰ পেলালে। ৰাজ্যখনৰ জয়ন্তীয়া পাহাৰ জিলাত আছে বিশ্বৰ দ্বিতীয় দীৰ্ঘতম ৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ চূণশিলৰ গুহা ‘ক্ৰেম লাইয়াট প্ৰাহ উমিম লাবিট’। ইয়াৰোপৰি পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌচিনৰাম এই ৰাজ্যখনতে অৱস্থিত।

মৌচিনৰামৰ লাইট্-ছহ্-উম’ৰ পৰা আৰম্ভ হোৱা গুহাটো ২৪ কিলোমিটাৰ দৈৰ্ঘ্য ওখ–চাপৰ, একা–বেকাকৈ গৈ  মাউলাংব্নাত শেষ হৈছে। এই গুহা আৱিষ্কাৰ অভিযানত ক্ৰীড়া সংগঠনটোৰ সৈতে ছুইজাৰলেণ্ড, নেডাৰলেণ্ড      ব্ৰিটেইন, ৰোমানিয়া, আয়াৰলেণ্ড, পোলেণ্ড, অষ্ট্ৰিয়া আদি ৰাষ্ট্ৰৰ অভিযানকাৰী সকলেও অংশগ্ৰহণ কৰে।

আজি কিছু বছৰ আগতে এই অঞ্চলতে ডাইন’ছৰৰ জীৱাশ্ম উদ্ধাৰ হৈছিল। তেনে পৰিপ্ৰেক্ষিতত ৬৬–৭৭ নিযুত বছৰ পূৰ্বে এই অঞ্চল ডাইন’ছৰৰ বিচৰণ ভূমি আছিল বুলি বিজ্ঞানীসকলে অনুমান কৰে।

(খাছি ভাষাত ‘ক্ৰেম’ মানে হ’ল গুহা/ নিজৰা)

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward