Thursday, April 25, 2024
HomeARTICLEদক্ষিণ কামৰূপত খাছি মাণ্ডাৰিন প্ৰজাতিৰ কমলা খেতিঃ খেতিয়কৰ আগ্ৰহ বাঢ়িলেই মানবিশিষ্ট কমলা...

দক্ষিণ কামৰূপত খাছি মাণ্ডাৰিন প্ৰজাতিৰ কমলা খেতিঃ খেতিয়কৰ আগ্ৰহ বাঢ়িলেই মানবিশিষ্ট কমলা উৎপাদনৰ সম্ভাৱনা

প্ৰকাশিত তাৰিখঃ ২৬ ডিচেম্বৰ, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

খাছি মাণ্ডাৰিন প্ৰজাতি কমলা ই এক আপুৰুগীয়া সম্পদ। এই প্ৰজাতিৰ কমলা দেশৰ ভিতৰত অকল অসম আৰু মেঘালয়তে পোৱা যায়। অতি ৰসাল আৰু সু–মিষ্ট এইবিধ কমলাৰ বাকলি পাতল আৰু সুন্দৰকৈ এৰি যায়। তদুপৰি চুগাৰ আৰু এচিডৰ পৰিমাণ সমপৰ্যায়ত থকা বাবে এইবিধ কমলাৰ সোৱাদ অনন্য। যিকোনো বেমাৰীয়ে এইবিধ কমলা খালেও অনিষ্ট নহয়। অসমৰ খাছি মাণ্ডাৰিন প্ৰজাতিৰ লগত কোনো উন্নত জাতৰ কমলাই ফেৰ মাৰিব নোৱাৰে। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলতো খাছি মাণ্ডাৰিন প্ৰজাতিৰ কমলা প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বিশেষকৈ, পশ্চিম গুৱাহাটী সমষ্টিৰ জিমিৰিগাঁও, বাখালাপাৰা, উমচুৰ গাঁওকেইখনত এই প্ৰজাতিৰ কমলা খেতিৰ বাবেই বিশেষ ধৰণে জনাজাত হৈ পৰিছে। প্ৰায় এশ বছৰ আগতে জিমিৰি গাঁও, বাখালাপাৰাত এই প্ৰজাতিৰ কমলা খেতি আৰম্ভ কৰিছিল। সেয়ে গাঁওকইখনক অঞ্চলটোৰ কমলা খেতিৰ বাটকটীয়া বুলিও অভিহিত কৰা হয়। বৰ্তমান মাটাইখাৰ, বাটাবাৰী, শালসেৰ আদি গাঁৱত কমলাৰ শ শ বাগিচা গঢ়ি উঠিছে। লগতে ঐতিহাসিক চানডুবি বিলৰ আশে–পাশেও কমলা খেতি আৰম্ভ কৰিছে। এসময়ত বকো, হাহিমৰ কমলাই গুৱাহাটীৰ বজাৰত সমাদৰ লাভ কৰিছিল। এই সমাদৰ এতিয়াও অক্ষত ৰূপত আছে। এতিয়াও হাহিমত ৰসাল আৰু সু–মিষ্ট কমলাৰ অধিক পৰিমাণে উৎপাদন হয়। আমাৰ চুবুৰীয়া মেঘালয় ৰাজ্যৰ ৰাণী–জিৰাং এলেকাতো কমলাৰ খেতি আৰম্ভ কৰিছিল। অৱশ্যে সেয়াও এশ বছৰৰ কাহিনী। জিৰাং এলেকাৰ ৰজা লকেন্দ্ৰ চিয়েমে আৰম্ভ কৰা এই বাগিচাৰ আজি কোনো চিনচাব নাই। যদিও, নিউ জিৰাং এলেকাত পুনৰ কমলা খেতি আৰম্ভ কৰিছে। প্ৰকৃততে অসম কমলা খেতিৰ বাবেই নহয়, কমলাৰ জাত উদ্ভাৱনৰ ক্ষেত্ৰতো চহকী। ৰাজ্যখনৰ তিনিচুকীয়া জিলাত থকা কমলা গৱেষণা কেন্দ্ৰই প্ৰায় ৫০০ বিধ উন্নত জাতৰ কমলা উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। যি কাম দেশৰ কোনো ৰাজ্যৰ গৱেষণা কেন্দ্ৰই কৰিব পৰা নাই। তদুপৰি ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক কমলা উৎপাদন কৰা প্ৰথমখন জিলা হিচাপে আমি তিনিচুকীয়াকে বুজো। তাতোকৈ আশাৰ সংবাদ– উক্ত গৱেষণা কেন্দ্ৰটোত উদ্ভাৱন কৰা ৫০০ বিধ কমলাৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰা কমলা বিধেই হ’ল খাছি মাণ্ডাৰিন প্ৰজাতিৰ। 

কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী বৰ্তমান অসম কৃষি আয়োগৰ সদস্য ড নলীন কুমাৰ মহন আৰু খানাপাৰাস্থিত অসম কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক কল্প ৰঞ্জন গগৈয়ে এই প্ৰতিবেদকক লগত লৈ যোৱা ২৫ নৱেম্বৰত জিমিৰিগাঁৱলৈ গৈছিল। উদ্দেশ্য আছিল কমলা খেতিৰে জনাজাত হৈ পৰা গাঁওখন চোৱা লগতে খেতিয়কসকলৰ সৈতে কিছু মতবিনিময় কৰা। বৰ্তমান ধানখেতি চপোৱাৰ সময় সেয়ে খেতিয়কসকল পথাৰতেই ব্যস্ত আছিল। যদিও, গাঁওখনৰে দুৰ্গেশ্বৰ ৰাভাই আমাক যথেষ্ট সময় দিছিল। এসময়ৰ ৰাভা জাতীয় সংগ্ৰামৰ সক্ৰিয় কৰ্মী দূৰ্গেশ্বৰে বৰ্তমান খেতিবাতিৰে জীৱিকা নিৰ্বাহ কৰে। তেখেতৰো এখন কমলাৰ বাগিচা আছে যদিও অৰ্থৰ অভাৱত সময়ৰ পূৰ্বেই কমলাবোৰ বিক্ৰী কৰিবলগীয়া হৈছে। অতি গুৰুত্বপূৰ্ণ সংবাদ যে, পূৰ্বতে জিমিৰিগাঁও, বাখালাপাৰা, উমচুৰত উৎপাদিত কমলা ৰসাল, সু–মিষ্ট আৰু উজ্বল বৰণৰ আছিল। কিন্তু কমলাবোৰৰ পূৰ্বৰ সেই গৰিমা আজি লাহে লাহে কমি আহিছে। কমলাবোৰ ৰসাল হয় যদিও ইয়াৰ টেঙা গুণটো ক্ৰমাৎ বাঢ়িবলৈ লৈছে আৰু বাকলিৰ ৰংবোৰ অনুজ্বল হৈ পৰিছে। মাটিৰ গুণাগুণ সলনি হোৱাৰ বাবে এনে হ’ব পাৰে বুলি কৃষি বিজ্ঞানী ড মহনে মত প্ৰকাশ কৰে। বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰা মতে– বাগিচাৰ কমলাবোৰ ‘চি কেটেগৰী’ৰ উৎপাদন।

সম্প্ৰতি দক্ষিণ কামৰূপৰ কমলা খেতিয়কসকলে বাগিচাসমূহৰ পৰা এক বুজন পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। বাগিচাৰ পৰিসৰ অনুসৰি এজন খেতিয়কে কমলা বিক্ৰী কৰি সৰ্বনিম্ন ১০ হেজাৰৰ পৰা সৰ্বোচ্ছ ৩লাখ পৰ্যন্ত উপাৰ্জন কৰিছে। ই গ্ৰাম্য অৰ্থনীতিৰ ভৰাল শক্তিশালীৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি। যদিও, এই কমলা খেতি পুৰণিকলীয়া পদ্ধতিতেই সীমাবদ্ধ। সেয়ে খেতিবিধৰ পৰা বাণিজ্যিকভাৱে অধিক উৎপাদন লাভ কৰিবলৈ আৰু বহুখিনি কৰণীয় আছে। বিপৰীতে, এই পৰ্যন্ত খেতিয়কসকলে ৰাজ্যৰ কৃষি তথা উদ্যান শস্য বিভাগৰ ওচৰ চাপিবলৈও সক্ষম হোৱা নাই। সেয়ে কমলা খেতিয়কসকল বৈজ্ঞানিক পদ্ধতি সমূহৰ পৰা এতিয়াও বহু দূৰৈত থকা বাবে পৰম্পৰাগত পদ্ধতিকে সাৰথি কৰিবলগীয়া হৈছে।

দৰাচলতে বিভাগীয় কৰ্তৃপক্ষই খেতিয়কৰ ওচৰ চাপিবলৈ নিবিচাৰে নে খেতিয়কে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰ চাপিবলৈ নিবিচাৰে! সেয়া অন্য কথা যদিও– কমলাৰ বাণিজ্যিক উৎপাদনৰ বাবে খেতিয়ক আৰু বিভাগীয় কৰ্তৃপক্ষৰ মাজত যোগসূত্ৰৰ বাৰুকৈয়ে প্ৰয়োজন। য’ত প্ৰযুক্তিগত কৌশল আৰু ভাৱৰ আদান–প্ৰদান চলিব। আজি খেতিয়কসকলে কোনো ৰাসায়নিক সাৰ–ঔষধ অবিহনে কমলা উৎপাদন কৰি আহিছে। এয়া সম্পূৰ্ণ জৈৱিক পদ্ধতি যদিও ই পৰম্পৰাগত স্তৰতে ৰৈ আছে। জৈৱিক পদ্ধতিৰো যে বৈজ্ঞানিক ফৰ্মূলা আছে সেয়া খেতিয়ক সকলে জানিব লাগিব। এতিয়াও ৰপ্তানি মানবিশিষ্ট কমলা উৎপাদন কৰিব নোৱাৰাত স্থানীয় বজাৰতে বিক্ৰীৰ সমাপ্তি ঘটিছে। ইয়াৰ লগে লগে খেতিয়কসকলে আশা ব্যঞ্জক লাভালাভৰ পৰা বঞ্চিত হৈছে। স্থানীয় খেতিয়ক এগৰাকীৰ ভাষ্য– ‘মাটি আছে কমলা পুলি লগাইছো, সময়ে সময়ে আল–পৈচান ধৰি থাকোতে এদিন গছত ফল ধৰিল। ফল বিক্ৰী কৰি যি টকা পালো সেয়াই আমাৰ লাভ’। সাধাৰণ খেতিয়কৰ সহজ–সৰল কথা। বোধহয়– বাণিজ্যিক হিচাপ–নিকাচৰ সলনি ওপৰোক্ত খেতিয়কজনৰ দৰেই সকলোবোৰে এনেধৰণেই চলি আহিছে। কিন্তু বাণি্জ্যিক সফলতা লাভ কৰিবলৈ হ’লে বাগিচা সমূহ সেই পদ্ধতিৰে চলাই থাকিলে নহ’ব। ৰপ্তানি মানবিশিষ্ট কমলা উৎপাদনৰ লক্ষ্য স্থিৰ কৰিবই লাগিব। আজি নিজা ব্যৱস্থাৰে যিধৰণে কমলা উৎপাদন কৰি আহিছে তাৰ লগত আৰু অলপ প্ৰযুক্তিগত কৌশল প্ৰয়োগ কৰিলেই খেতিয়কসকল অধিক লাভবান হোৱাৰ সম্ভাৱনা আছে। তাৰ বাবে চৰকাৰী অনুদান বিচাৰি বিভাগীয় কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি সময় অতিবাহিত কৰাৰ কোনো প্ৰয়োজনেই নাই। মাত্ৰ প্ৰযুক্তিগত পদ্ধতি আহৰণৰ বাবে কিছু সময় খৰচ কৰক।

আমাৰ বাবে এক আশাৰ সংবাদ– কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী কুসুম ডেকাই খাছি মাণ্ডাৰিন প্ৰজাতিৰ কমলা গ্ৰাফটিং কৰি সাফল্য অৰ্জন কৰিছে। য’ত দুবছৰৰ ভিতৰত বাণিজ্যিক উৎপাদন লাভ কৰিব পাৰে। তদুপৰি এই গ্ৰাফটিং পুলি পাহাৰ–সমতল সকলোতে ৰোপণ কৰিব পাৰি। পুৰণি পদ্ধতিত কমলা পুলি ৰোপণ কৰিলে ৭ বছৰৰ আগত উৎপাদন আশা কৰিব নোৱাৰি বিপৰীতে গ্ৰাফটিং পদ্ধতিত ২বছৰতে উৎপাদন সম্ভৱ হয়। অৱশ্যে, এই কৌশল শিকাৰ কাৰণেও খেতিয়কসকলৰ আগ্ৰহ, হেপাহ থাকিব লাগিব। খেতিয়কসকলৰ এই আগ্ৰহ নাথাকিলে বিজ্ঞানী সকলৰ হাজাৰ চেষ্টাও যে এসময়ত বিফল হ’ব ই দিনৰ দৰে সত্য কথা।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward