Tuesday, March 19, 2024
Homeবাতৰিগভীৰ সমস্যাৰ গৰাহত বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়ক

গভীৰ সমস্যাৰ গৰাহত বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়ক

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

চাহ খেতিৰ ক্ৰমাগতভাৱে উৎপাদন বৃদ্ধি হোৱাত গভীৰ সমস্যাত পৰিছে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। প্ৰায় এমাহৰো অধিককাল বৰষুণ হৈ থকাত ক্ষুদ্ৰ–বিশাল সকলোবোৰ চাহ বাগিচাৰে সেউজীয়া পাতৰ উৎপাদন বৃদ্ধি পাইছে। এই উৎপাদন বৃদ্ধিৰ ফলত বিহালী সমষ্টিৰ চাহ কোম্পানীৰ ফেক্টৰীসমূহে ক্ষুদ্ৰ খেতিয়কসকলৰ কেঁচাপাত ৰাখিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৃহৎ লোকচানৰ ভাৰ বহন কৰিব লগা হৈছে।

জিলাখনৰ বিহালী অঞ্চলত প্ৰায় পাঁচ সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে। অঞ্চলটোত মালিকীস্বত্বৰ অধীনত থকা বাগিচাৰ চাহ প্ৰস্তুতকৰণ কাৰখানা থকাৰ লগতে কেইবাটাও বটলিফ্‌ট চাহ কোম্পানী গঢ়ি উঠিছে। কিন্তু কেঁচাপাত উৎপাদনৰ বিপৰীতে ফেক্টৰী তেনেই নগন্য বুলি বিভিন্ন ক্ষেত্ৰত জানিব পৰা গৈছে। তদুপৰি বৃহৎ বাগিচাসমূহৰ পাতৰ উৎপাদন অধিক হোৱাত বেলেগ বাগিচাৰ পাত ক্ৰয় কৰিবলৈ অক্ষম হৈছে। মালিকীস্বত্বৰ বাগিচাৰ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত ক্ৰয় কৰিব নোৱাৰাত অন্য বাগিচাৰ পাতৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হোৱা বটলিফ্‌ট কোম্পানীসমূহেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা অতিৰিক্ত কেঁচাপাত ক্ৰয় কৰিব নোৱাৰা হৈ পৰিছে।

গাঁঠিৰ ধন ভাঙি, ধাৰ–ঋণেৰে ক্ষুদ্ৰ চাহ বাগিচা স্থাপন কৰা খেতিয়কসকলৰ এতিয়া মূল অভাৱ হ’ল কেঁচাপাত উপযুক্ত দামত বিক্ৰি কৰিব পৰা এখন বজাৰৰ। অতি কষ্টৰে গঢ়ি তোলা বাগিচাখনৰ কেঁচাপাত বেচিব নোৱাৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ট্ৰাকে ট্ৰাকে পেলাই দিবলগীয়া হৈছে। কেঁচাপাতৰ অধিক উৎপাদনে ইয়াৰ দামৰো তাৰতম্য ঘটাইছে। যি পাতৰ দাম প্ৰতি কেজিত ২২টকা আছিল কমি হ’লগৈ ১৪.৫০ টকা। এই দাম উৎপাদন খৰচৰ সমান। সেয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকল গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে সেইবোৰ বাগিচাৰ ওপৰত নিৰ্ভৰশীল শ্ৰমিক পৰিয়ালসমূহৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে।

সমষ্টিটোৰ অন্তৰ্গত সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত বিক্ৰিৰ সমস্যাটো দূৰ কৰিবলৈ অঞ্চলটোত আৰু অধিক কাৰখানাৰ নিৰ্মাণৰ প্ৰয়োজন। ৰাজ্য চৰকাৰ তথা উদ্যোগমন্ত্ৰীয়ে এই বিষয়ত এক যোগাত্মক পদক্ষেপেৰে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা দুৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অঞ্চলবাসী ৰাইজ গভীৰ আশাবাদী।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward