Tuesday, May 7, 2024
HomeNEWSশিশু শিক্ষাৰ প্ৰতিষ্ঠান বেলিত গ্ৰীষ্মকালীন কৰ্মশালা 

শিশু শিক্ষাৰ প্ৰতিষ্ঠান বেলিত গ্ৰীষ্মকালীন কৰ্মশালা 

প্ৰকাশিত তাৰিখঃ ১০ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ শিশু শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান বৰিহাটস্থিত বেলিকিডছ এডুকেয়াৰত ৩জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ ৮জুলাইত সফল সমাপ্তি হয়। এই কৰ্মশালাত বেলিত অধ্যয়নৰত শিশুসকলৰ উপৰিও বৰিহাট, তিনিআলি, ঝাৰোবড়ী, মিৰ্জাকে ধৰি অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ শতাধিক শিশুৱে অংশগ্ৰহণ কৰে। ৪–১০ বছৰীয়া শিশুসকলৰ বাবে মুকলি থকা এই কৰ্মশালাত শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে প্ৰয়োজনীয় মুঠ ৯টা দিশৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়।

উল্লেখ্য যে, শিশুসকলৰ সহঃবিদ্যায়তনিক পাঠৰ চাহিদা পূৰণতো এই কৰ্মশালা ফলপ্ৰসু হ’ব বুলি আশা কৰিব পাৰি। বিশেষকৈ কৰ্মশালাৰ কিছু দিশে শিশুসকলক জাতীয় কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি সমাজৰ প্ৰতি দায়ৱদ্ধ হ’বলৈও অনুপ্ৰাণিত কৰিব বুলি আশা কৰিব পাৰি।

বেলি শৈক্ষিক গৱেষণা আৰু সাহিত্য ন্যাসে আয়োজন কৰা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে লোকগীতৰ ওজা তথা গৱেষক বংশীধৰ দাসে। বেলিৰ শিক্ষা পদ্ধতি শিশুৰ বাবে ফলদায়ক আৰু বিজ্ঞানসন্মত বুলি অভিহিত কৰাৰ লগতে সমাজৰ প্ৰগতিশীল সমল হ’ব পাৰে বুলিও তেখেতে মত প্ৰকাশ কৰে।

আনহাতে– ভাস্কৰ্যশিল্পী পৱন মহন্ত, চিত্ৰশিল্পী প্ৰাণজিৎ দাস, শিশু সংগীত শিল্পী মানস কমল আৰু প্ৰজ্ঞান চৌধুৰী, শিশু প্ৰতিভা স্নিগ্ধাহিয়া দাসৰ লগতে পুতলা নাচৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে তৃষ্ণা তালুকদাৰে। ইয়াৰ উপৰি অভিনয়ৰ, নৃত্যৰ লগতে আবৃত্তিৰ প্ৰশিক্ষণ আগবঢ়াই ৰত্ন দাস, মীনাক্ষী চৌধুৰী, বেলি’ৰ শিক্ষয়িত্ৰী মমতা দাস আৰু বনশ্ৰী মহন্তই।

ফটোঃ ৰত্ন দাসৰ সৌজন্যত

Pix Courtesy: Ratna Das

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward