Saturday, April 27, 2024
HomeARTICLEচানডুবি বিলৰ জলস্তৰ নিম্নগামীঃ জৈৱ–বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি স্বৰূপ

চানডুবি বিলৰ জলস্তৰ নিম্নগামীঃ জৈৱ–বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি স্বৰূপ

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১

চি এন ডেস্ক –

ঐতিহাসিক চানডুবি বিলৰ বয়স ১২৪ বছৰ। ভৰপূৰ পানীৰে উপচি থকা বিলখন এসময়ত প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ হৈ আছিল। মাছ, কাছ, চৰাই–চিৰিকটি, বিভিন্ন ধৰণৰ মেৰুদণ্ডি, অমেৰুদণ্ডি প্ৰাণীৰ আৱাসস্থল আছিল। তদুপৰি, বনৰীয়া হাতীৰো প্ৰধান বিচৰণভূমি আছিল এই চানডুবি বিল আৰু ইয়াৰ কাষৰীয়া বনাঞ্চলসমূহ।

সম্প্ৰতি, চানডুবি বিলখনত অন্য এক দুখজনক ছবি দেখা গৈছে। প্ৰকৃতিৰ ৰম্যভূমি চানডুবি বিলৰ পানীৰ গভীৰতা ক্ৰমাৎ হ্ৰাস পাব ধৰিছে। ভৰ বাৰিষা পানীৰে কাণভৰি থকা এসময়ৰ দৃশ্যবোৰ বিলখনত আজি দেখা পোৱা নাযায়। ইপিনে,পানীৰে পৰিপূৰ্ণ হৈ থকা সুঁতি সমূহো আজি সম্পূৰ্ণৰূপে শুকাই গৈ গো–চৰণীয়া পথাৰত পৰিণত হৈছে।  

উল্লেখযোগ্য যে, ল’কেয়া জান হ’ল চানডুবি বিলৰ মূল ধমণী স্বৰূপ। প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জানটো কলহী নদীত সংযোগ ঘটিছে। বিলৰ পানী বাঢ়ি গ’লে অতিৰিক্তখিনি এই জানটোৰে বৈ গৈ কলহী নদীত পৰে। যেতিয়া বিলৰ পানী হ্ৰাস পায় তেতিয়া কলহীৰ পৰা পানী বৈ আহে। এনেদৰেই চানডুবি বিলৰ পানীৰ ভাৰসাম্য বৰ্তি আছিল। কিন্তু কলহী নদীত পানীৰ গভীৰতা হ্ৰাস পোৱাত বিলৰ পানীভাগ ওলোটাকৈহে বৈ যাব ধৰিছে।

স্থানীয় লোকসকলে প্ৰকাশ কৰামতে– কলহী নদীত অবৈজ্ঞানিকভাৱে বালি খননৰ ফলত নদীৰ তলি দ’ হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ল’কেয়া জানটো ওপৰত আৰু কলহী নদী তলত বৈ থাকিল। সেয়ে বিলৰ পানীভাগ ল’কেয়া জানেৰে বৈ গৈ কলহীত পৰিছে।

অৱশ্যে, কলহী নদীক প্ৰাণ দিয়া মেঘালয়ৰ জুৰি, নিজৰা, নদী সমূহতো আজি পানী কমি যোৱা পৰিলক্ষিত হৈছে। মেঘালয়ৰ লোকসকলৰ প্ৰধান জীৱিকা ঝুম খেতিৰ ফলত সৰু সৰু বহু নিজৰাৰ মৃত্যু ঘটিছে। পাহাৰত সৰু সৰু নিজৰা সমূহৰ সমষ্টিয়ে একোটা নদীৰ সৃষ্টি কৰে। কিন্তু তেনেবোৰ নিজৰাৰ মৃত্যু ঘটাৰ লগেলগে নদীৰ পানীও কমি গৈছে।

এই ভৰ বাৰিষা কলহী নদী পানীৰে উপচি থাকিব লাগিছিল। কিন্তু বাৰিষা হিচাপত নদীখনত পানী নাই। কমি গৈছে। যিখিনি পানী আছে সেয়াও নদীটোৰ দ’ বুকুৰে বৈ আছে। সম্প্ৰতি, জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰকৃতিৰ এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ কুপ্ৰভাৱে জৈৱ–বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward