Monday, May 6, 2024
Homeবাতৰিচান ফাৰ্মাৰ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা শিৱিৰ

চান ফাৰ্মাৰ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা শিৱিৰ

প্ৰকাশিত তাৰিখঃ ৬ ছেপ্টেম্বৰ, ২০২১

চি এন ডেস্ক–

ঔষধ প্ৰস্তুতকাৰী কোম্পানী চান ফাৰ্মাৰ সামূহিক স্বাস্থ্য সেৱা সংস্থাৰ ভ্ৰাম্যমান গোটে বিভিন্ন ঠাইত স্বাস্থ্যসেৱা আগবঢ়াই আহিছে। বৰ্তমান ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সংস্থাটোৰ এলানী সজাগতা শিৱিৰৰ আয়োজন চলি আছে। ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ বৰ্ষৰ সৈতে সংগতি ৰাখি যোৱা ৪ ছেপ্টেম্বৰৰ বিয়লি দক্ষিণ কামৰূপৰ গাঁও ৰামপুৰ–গোসাঁইপাৰাৰ আশাকৰ্মী ৰুমী কলিতাৰ বাসভৱনত এক শিৱিৰৰ আয়োজন কৰে।

বৰ্তমান আজিৰ প্ৰজন্মৰ মাজত বহুলভাৱে জনপ্ৰিয় খাদ্য বিধেই হ’ল ‘জাংক ফুড’। এইবিধ খাদ্যৰ প্ৰতি অকল শিশু কিয়, ডেকা, বুঢ়া সকলোৰে দূৰ্বলতা বাঢ়িছে। যদিও, এইবোৰ খাদ্য স্বাস্থ্যৰ বাবে হানিকাৰক। বিশেষকৈ শিশুসকলে এইবোৰ খাদ্য গ্ৰহণৰ ফলত ভাত, মাছ–মাংসৰ প্ৰতি আকৰ্ষন কমি গৈছে। সেয়ে ঘৰুৱাভাৱে প্ৰস্তুত কৰিবপৰা খাদ্য যেনে– বুট, মগু, চুজি, চয়াবিন, চিৰা, ডালিয়া, গুৰ, ঘি, মৌ আদি সামগ্ৰীৰ মিশ্ৰণত এক পুষ্টিকৰ তথা সোৱাদ যুক্ত আহাৰ তৈয়াৰ কৰিব পাৰি। য’ত– শিশুসকল এই আহাৰ খোৱাৰ কাৰণে আগ্ৰহ বাঢ়িব।

সজাগতা শিৱিৰত অংশ গ্ৰহণ কৰা শিশুৰ স্বাস্থ্য আৰু পুষ্টিকৰ আহাৰৰ বিষয়ে ব্যক্ত কৰে ডা ভৱেশ সোণোৱাল। লগতে, এ এন এম কৰ্মী– জুৰী নাথ, শেৱালী ডেকা আৰু সংস্থাটোৰ কৰ্মচাৰী জ্যোতিপ্ৰসাদ চৌধুৰীয়েও শিশুৰ পুষ্টিকৰ আহাৰ ঘৰুৱাভাৱে তৈয়াৰৰ ওপৰত বক্তব্য আগবঢ়ায়।

উক্ত শিৱিৰৰ সৈতে সংগতি ৰাখি আয়োজন কৰে এক কুইজ অনুষ্ঠানৰো। য’ত– দহগৰাকী মাতৃয়ে তেওঁলোকৰ শিশুসকলৰ লগত যোগদান কৰে।

চান ফাৰ্মাৰ সামূহিক স্বাস্থ্য সেৱা সংস্থাৰ ভ্ৰাম্যমান গোটে বিগত ২০১৯ বৰ্ষৰ এপ্ৰিল মাহৰপৰা দক্ষিণ কামৰূপ পলাশবাৰী অঞ্চলৰ বিভিন্ন গাঁৱত প্ৰায় ৮০ হেজাৰ লোকক সাধাৰণভাৱে স্বাস্থ্যসেৱা আগবঢ়াইছে। লগতে প্ৰসূতি, শিশু আৰু কিশোৰীৰ ৰক্তহীনতা দূৰ কৰিবলৈ ৩৫ হেজাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যস্থিৰ কৰা বুলিও সংস্থাটোৰ চিকিৎসক ডা সোণোৱালে ব্যক্ত কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward