Saturday, April 20, 2024
Homeবাতৰিচিটাগং পাৰ্বত্য এলেকা ভাৰতত অন্তৰ্ভূক্তিৰ দাবীত ক’লা দিৱস পালন

চিটাগং পাৰ্বত্য এলেকা ভাৰতত অন্তৰ্ভূক্তিৰ দাবীত ক’লা দিৱস পালন

প্ৰকাশিত তাৰিখঃ ২০ আগষ্ট, ২০১৮

চি এন ডেক্স

চিটাগং পাৰ্বত্য এলেকা ১৯৪৭ চনত জোৰপূৰ্বক পূব পাকিস্তানত অন্তৰ্ভূক্তিৰ বিৰোধীতাৰে ক’লা দিৱস প্ৰতিবাদী শোভাযাত্ৰাৰ আয়োজন কৰে ‘চাকমা নেশ্যনেল কাউঞ্চিল অৱ ইণ্ডিয়া’ই চমুকৈ (চি এন চি আই )। বৰ্তমান বাংলাদেশৰ অধীনত থকা চিটাগং পাৰ্বত্য এলেকা ভাৰতত অন্তৰ্ভূক্তিৰ দাবীত সংগঠনটোৱে যোৱা ১৭ আগষ্ট শুক্ৰবাৰে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত এই প্ৰতিবাদী ক’লা দিৱস পালন কৰে। এই প্ৰতিবাদী ক’লা দিৱসৰ কাৰ্য্যসূচীত ত্ৰিপুৰা চাকমা ছাত্ৰ সংগঠনেও পূৰ্ণসহযোগ আগবঢ়ায়।

উল্লেখ্য যে, চিটাগং পাৰ্বত্য এলেকা চাকমা, টিপ্পেৰাছ, মাৰ্মা, চাক, লুছি, মুৰুং, ব’ম, খুমি, ম’গ আৰু পাংখো এই ১০টা জনগোষ্ঠীৰ আবাসভূমি। প্ৰায় ৫,১৩৮ বৰ্গ মাইল মাটিকালিৰে আগুৰি থকা এলেকাটোৰ উত্তৰে– ত্ৰিপুৰা, দক্ষিণে– ম্যানমাৰৰ আৰাকান পাহাৰ, পূবে– মিজোৰামৰ লুচাইপাহাৰ আৰু ম্যানমাৰৰ আৰাকান পাহাৰ, পশ্চিমে– চিটাগং জিলা। 

ভাৰত–পাকিস্তান বিভাজনৰ সময়ত চিটাগং পাৰ্বত্য এলেকাক অন্যায়ভাৱে চামিল কৰিছিল পূব পাকিস্তানৰ লগত। এই কথা চি এন চি আইৰ উপ–সভাপতি অনিৰুদ্ধ চাকমাই উল্লেখ কৰে। ১৯৪৭ চনত ইংৰাজৰ পৰা ভাৰতে স্বাধীনতা লাভৰ পিচত হিন্দু–মুছলমান জনসংখ্যাৰ ভিত্তিত পুনৰ দেশ বিভাজন কৰা হৈছিল। মুছলমান সংখ্যাগৰিষ্ঠতাৰ বাবে জন্ম হৈছিল পাকিস্তানৰ। অথচ ৯৭.৫ শতাংশ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ সংখ্যাগৰিষ্ঠতা থকা চিটাগং পাৰ্বত্য এলেকা চামিল কৰিছিল পূব পাকিস্তানৰ লগত। এটাই কাৰণ, সেয়া হ’ল– ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা বহু দূৰৈত চিটাগং পাৰ্বত্য এলেকা। গতিকে এই চিটাগঙক ভাৰতৰ লগত চামিল কৰিলে দেশখনৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হ’ব। সেয়ে ব্ৰিটিছ অধিবক্তা তথা সীমা আয়োগৰ মূৰব্বী চিৰিল ৰেড’ক্লিফে চিটাগং পাৰ্বত্য এলেকা ভাৰতৰ সলনি পূব পাকিস্তানৰ লগতহে চামিল কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। এই চিটাগং পাৰ্বত্য এলেকাৰ চাকমাসকল আজি বিভিন্ন সমস্যাৰে জৰ্জৰিত। নিজ ভূমিৰ পৰা বঞ্চিত হৈ গৃহহীন হোৱা চাকমাসকল আজি আত্ম–পৰিচয় বিহীন। ১৯৪৭ চনত ৰেড’ক্লিফে দি যোৱা পৰামৰ্শ প্ৰকৃতাৰ্থত আজি ভুল বুলি প্ৰমাণিত হৈছে।

১৯৪৭ চনত প্ৰথম পূব পাকিস্তানৰ অধীনত আৰু ১৯৭১ চনৰ পিচত বৰ্তমান বাংলাদেশৰ অধীনত থকা চিটাগং পাৰ্বত্য এলেকাৰ চাকমাৰ লগতে অন্যান্য জনজাতিসকল ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত অভিভাৱকহীন হৈ পৰিছিল। পূব পাকিস্তানৰ সেনাবাহিনীয়ে বলপূৰ্বক চিটাগং অধিগ্ৰহণ কৰাৰ পিচত তাত থকা চাকমাৰ লগতে অন্যান্য জনজাতি লোকসকল বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিছিল। তদুপৰি পূব পাকিস্তানৰ সামৰিক নায়কসকলৰ পৰামৰ্শত এলেকাটোৰ মাজত বহুসংখ্যক মুছলিম মানুহৰ প্ৰব্ৰজন ঘটায়। যাৰ ফলত তাত থকা চাকমা তথা অন্যান্য জনগোষ্ঠীৰ লোকসকল সংখ্যালঘু হৈ পৰিছিল। সেয়ে এই অবিচাৰৰ বিৰোধিতা কৰি চিটাগং পাৰ্বত্য এলেকা ভাৰতৰ সৈতে চামিল কৰিবলৈ দাবী উত্থাপন কৰাৰ কথা প্ৰকাশ কৰে সংগঠনটোৰ উপ–সভাপতি অনিৰুদ্ধ চাকমাই।

চি এন চি আই’ৰ ত্ৰিপুৰা শাখাৰ সভাপতি উদয়জ্যোতি চাকমাই ব্যক্ত কৰে যে– ১৯৪৭ চনৰ ১৫ আগষ্টত সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা দিৱস উদ্‌যাপন কৰি থকাৰ সময়ত চাকমা নেতা শ্ৰেয়া কুমাৰ চাকমায়ো চিটাগং পাৰ্বত্য এলেকাৰ জিলা সদৰ ৰঙামাটিত ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰে। কিন্তু ১৯৪৭ চনৰ ২১ আগষ্টত পাকিস্তানী সেনা বাহিনীয়ে উক্ত পাৰ্বত্য এলেকা আক্ৰমণ কৰি জিলা সদৰত উৰি থকা ত্ৰিৰংগ ভাৰতীয় পতাকা আজুৰি আনি দলিয়াই পেলায়। দেশ বিভাজনৰ ফলত সীমান্তৰ ইপাৰে–সিপাৰে থকা ক্ষতিগ্ৰস্ত চাকমাসকলৰ বাদেও, বৌদ্ধ, সিন্ধ, পাঞ্জাবীসকলৰ প্ৰতিও ক’লা দিৱস পালন কৰা বুলি তেখেতে ব্যক্ত কৰে।      

 

শিৰোনামৰ ফটোঃ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward