Friday, March 29, 2024
Homeবাতৰিচীন দেশলৈ ৰপ্তানি হ’ব যোৰহাটৰ চাহ

চীন দেশলৈ ৰপ্তানি হ’ব যোৰহাটৰ চাহ

প্ৰকাশিত তাৰিখঃ ২৬ নবেম্বৰ, ২০১৮  

চি এন ডেক্স

অসমৰ চাহ চীন দেশলৈ ৰপ্তানি হ’ব। চীনৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাই যোৰহাটৰ আইদেউবাৰী টি ইষ্টেটৰ সৈতে অলপতে চুক্তিবদ্ধ হৈছে।

উল্লেখযোগ্য যে, চীনৰ য়ুনান প্ৰদেশৰ গুইজ’ লিংফেং টেক্‌ন’লজী ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কোম্পানী লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে অসমৰ যোৰহাটৰ আইদেউবাৰী টি ইষ্টেট প্ৰাইভেট লিমিটেডৰ সৈতে চাহ আমদানি সম্পৰ্কত এক চুক্তি সম্পাদন কৰিছে। এই চুক্তি নৱেম্বৰ মাহত ছাংহাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আমদানি এক্সপ’ত সম্পাদন কৰা হৈছিল।

চীনৰ প্ৰতিষ্ঠানটোৱে অসমৰ লগত বাণিজ্যিক সম্পৰ্ক সুদৃঢ় আৰু দীৰ্ঘকালীন লেনদেনৰ প্ৰতিশ্ৰুতিৰে চুক্তিবদ্ধ হোৱা বুলি আইদেউবাৰী টি ইষ্টেট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাজ বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰথম পৰ্যায়ত প্ৰতিষ্ঠানটোক ১০০ টন চি টি চি ৰপ্তানি কৰিব যদিও পৰৱৰ্তী সময়ত গ্ৰীন টি ৰপ্তানিৰ পৰিকল্পনাও গ্ৰহণ কৰা বুলি সঞ্চালক বৰুৱাই ব্যক্ত কৰে।

সম্প্ৰতি চীনৰ বজাৰ সমূহত অসমৰ চি টি চি, ব্লেক টিৰ সমাদৰ দিনে দিনে বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত দেশখনে অসমৰ পৰা অধিক হাৰত চাহ আমদানি কৰাৰ পৰিকল্পনা হাতত লৈছে। চাহ ৰপ্তানিৰ হাৰ বৃদ্ধিয়ে অসমৰ চাহ খণ্ডৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব বুলি চাহখেতিয়ক সকলে আশা প্ৰকাশ কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward