Wednesday, April 24, 2024
HomeARTICLEচেতনাৰ বা–মাৰলি

চেতনাৰ বা–মাৰলি

প্ৰকাশিত তাৰিখঃ ৭ মাৰ্চ, ২০২২

কল্প ৰঞ্জন গগৈ–

আজিৰ সমগ্ৰ পৃথিৱী চিন্তিত– ভ্লাদিমিৰ পুটিনৰ ১৯৯০–৯১ চনৰ পৰা খণ্ডিত আৰু গণতন্ত্ৰ অভিমুখী ৰাছিয়া সম্পৰ্কে। যুদ্ধ বুলিলে উন্মাদ মানুহ তৃতীয় বিশ্ব যুদ্ধ হ’বগৈ নেকি– ইয়াক লৈ আলোড়িত বজাৰ–দোকান সকলোতে বিশেষকৈ কোভিড মহামাৰীৰ পিছত। এই যুদ্ধবোৰ বাণিজ্য যুদ্ধৰ অংগ আৰু পূঁজিবাদী গণতান্ত্ৰিক মুক্ত পৃথিৱীৰ মাজৰ সংঘাত। আজি ভ্লাদিমিৰ, লেলিন ৰাছিয়াত দুঃস্বপ্নৰ নায়ক।

১৯১৭ চনত ৰুছ বিপ্লৱ যাৰ ফলত ছোভিয়েট ইউনিয়ন গঠন হ’ল। ১৯২২ চনত পৃথিৱীৰ পুঁজিবাদী সকলৰ চকুৰ কূটা দাঁতৰ শূল সমাজতান্ত্ৰিক দেশ এখনৰ জন্ম হ’ল। লেনিনৰ মৃত্যু হয় ১৯২৪ চনত আৰু তাৰ পিছত ষ্টেলিন– ১৯৫৩লৈ। তাৰ পিছত ক্ৰুছেভ ব্ৰেজনেভ– গৰ্বাচভ– ইয়েল্টছিন আৰু ১৯৯৯ চনৰ পৰা ভ্লাদিমিৰ পুটিন।

ছোভিয়েট ইউনিয়ন খণ্ডিত হয় ১৯৯১ চনৰ পৰা। এই খণ্ডিতকৰণৰ আৰু ঐতিহাসিক ৰাছিয়াৰ Historical Russia পতনৰ কাৰণ পুটিনৰ মতে লেনিনৰ নীতি। Lenins idea of building the country on the principles of autonomisation– the right of self–determination upto secession কেজিবিৰ পুটিনৰ দৃষ্টিৰে লেনিন অশুদ্ধ হ’লেও কাৰ্লমাৰ্ক্সৰ তত্বৰ প্ৰতি শ্ৰদ্ধাশিল লেনিনে ঐক্যৱদ্ধ ছোভিয়েট দেশ গঢ়োতে– তাকো এক পিছপৰা স্তৰৰ পৰা সমাজতান্ত্ৰিক স্তৰলৈ উত্তৰণ ঘটাৰ বাবে দেশ– জাতিৰ আত্মনিয়ন্ত্ৰনৰ অধিকাৰৰ লগতে বিচ্ছেদৰ অধিকাৰো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল।

কাৰ্ল মাৰ্ক্সৰ মতে সমাজবাদৰ আগৰ স্তৰ হৈছে পুঁজিবাদ। সমাজবাদ প্ৰকৃততে এক উত্তৰনশীল স্তৰহে য’ত শ্ৰেণী সংগ্ৰামে তীব্ৰ ৰূপ ধাৰণ কৰি পৰৱৰ্তী বিকাশৰ স্তৰলৈ (সাম্যবাদী স্তৰ) সমাজখনক আগবঢ়াই নিব।

কাৰ্ল মাৰ্ক্স আৰু লেনিনৰ তত্বক বিকশাই তুলি আমাৰ ভাৰতবৰ্ষতকৈ পিছপৰা চীনত মাও–চে–তুঙে বিপ্লৱ সংগঠিত কৰি Peoples Republic of China– জনগণতান্ত্ৰিক গণৰাজ্য গঢ়িলে– ১৯৪৯ চনত। ষাঠি দশকত ছোভিয়েট দেশৰ বিচ্যুতি ধৰা পেলাইছিল মাও–চে–তুঙে। সেয়ে ছোভিয়েট দেশৰ পতন প্ৰকৃততে এখন পূঁজিবাদী দেশৰহে পতন আছিল বা পূঁজিবাদৰহে পতন।

যুদ্ধ হৈছে এখন দেশৰ ৰাজনীতিৰ সম্প্ৰসাৰিত ৰূপ। যুদ্ধ দুই ধৰণৰ– এবিধ ন্যায় আৰু আনবিধ অন্যায় যুদ্ধ– Just and unjust war। বৰ্তমানৰ যুদ্ধখন একে আষাৰতে ক’ব পাৰি জনগণ বিৰোধী অন্যায় যুদ্ধ। এনে যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশেষকৈ ৰাষ্ট্ৰসংঘ গঠনৰ পিছত কিমান হৈছিল, কিয় হৈছিল এই যুদ্ধখনৰ আগলৈকে– তাক আমাৰ জনগণে প্ৰশ্ন কৰিবলৈ শিকক– বিশেষকৈ এই যুদ্ধবোৰৰ পৰা কাৰ লাভ হৈছিল আৰু সাধাৰণ মানুহৰ কি দুৰ্গতি হৈছিল। তাহানিৰ সামন্তযুগৰ পৰাই দেখা গৈছিল যে ৰজাই–ৰজাই– মানে ৰাজকীয় বাহিনীৰ সদস্যসকলৰ বা প্ৰজাৰ মাজত যুদ্ধ হৈ উভয়ৰ সাধাৰণ প্ৰজাৰহে ৰক্তক্ষৰণ হয়– ঘাম আৰু চকুপানী একাকাৰ হৈ যায়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে সেয়ে কৈছিল জনগণৰ চৰকাৰ, জনগণৰ বাবে চৰকাৰ আৰু জনগণৰ দ্বাৰা পৰিচালিত চৰকাৰ। Govt. of the people, by and for the people। বিশ্বযুদ্ধৰ আগতেই লিংকনে কৈছিল এই ভৱিষ্যতৰ চৰকাৰ কি হোৱ উচিত। আজি একৈশ শতিকাৰ গণতন্ত্ৰ হৈছে যুদ্ধবাদী গণতন্ত্ৰ– Democracy guided by war । গণতন্ত্ৰ হয় ঠিকেই কিন্তু কু বা অপশক্তিৰ দ্বাৰা পৰিচালিত– Misguided Democracy। বিশ্বৰ অধিপতিসকলে আজি পৃথিৱীৰ মানুহক Misguided Philosophy– অপদৰ্শনৰ সহায়ত বিচলিত– বিভ্ৰান্ত– বিভক্ত কৰি ৰাখিছে।

১৮৯৩ চনত স্বামী বিবেকানন্দই আমেৰিকাত ভাৰতবৰ্ষ বহুত্ববাদী বেদান্ত দৰ্শনৰ ব্যাখ্যা দিওঁতে আমাৰ মাজৰ সংঘাতবোৰৰ কাৰণ বোৰৰ বিষয়ে চিনাক্ত কৰিছিল– ‘নাদৰ বেং আৰু সাগৰৰ বেংৰ দৃষ্টিৰ পাৰ্থক্য। ইয়েই সংঘাতবোৰৰ কাৰণ’ Difference between a frog belonging to a well and frog of the ocean। আজি আমাক পৰিচালিত কৰি থকাসকলে ‘নাদৰ ভেকুলি’ কৰি ৰখা বাবে ধীমান সকলে কৈ যোৱা ‘জ্ঞানময় তন্ত্ৰ’ সুদূৰপৰাহত। সেয়ে কবিয়ে কয়– ‘অদ্ভূত অন্ধকাৰ এই পৃথিৱীত। এই অন্ধকাৰৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰিলে বিশ্ব হৈ পৰিব মৰুভূমি।’

যুদ্ধ বলিয়ালি, অসভ্যালি, ল’ৰামতীয়া বেমাৰৰ– infantile disorder– প্ৰকাশ নে উত্তৰণৰ পথৰ এটা ঢাপ? যুদ্ধৰ সময়ত বিশেষকৈ অন্যায় যুদ্ধত প্ৰথমে মাৰ খায় সত্যই। যুদ্ধবোৰ অতীত হৈ যোৱাৰ পিছতো সেই যুদ্ধৰ প্ৰকৃত সত্যবোৰৰ প্ৰকাশ আজি পৰ্যন্ত হোৱা নাই। বৰ্তমানৰ উত্তৰ– উত্তৰ আধুনিক যুগত যিহেতু মহৎ ফাঁকিবোৰেই পৃথিৱীৰ নিৰ্ণায়ক শক্তি সেয়ে আজিৰ জনতাই প্ৰকৃত সত্য বুজিবলৈ নিজৰ চেতনাৰ শাণ দিব লাগিব– প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰিব লাগিব।

যুদ্ধ যিহেতু ৰাজনীতিৰ সম্প্ৰসাৰিত ৰূপ– Constitution and extension of politics by violent means সেয়ে আমাৰ অনুসন্ধানৰ বিষয় হ’ব লাগিব যুদ্ধৰ অন্তৰালত থকা শক্তিটোৰ শ্ৰেণী চৰিত্ৰ। তাতেই সত্যটো ওলাই পৰিব– যুদ্ধ কোনে বিচাৰে কিয় বিচাৰে। আজি ইউক্ৰেইনৰ যুদ্ধ সংক্ৰান্তত এটা কথা ক’ব পাৰি যে ইয়াৰ ম্যাদ তেনেই চুটি যদিও জনসাধাৰণে ভৱিষ্যতৰ পৃথিৱী গঢ়াৰ স্বাৰ্থত যি সংগ্ৰাম কৰিব লাগিব সি দীৰ্ঘম্যাদী হ’ব লাগিব– স্থায়ী হ’ব লাগিব– Sustainable।

সাম্ৰাজ্যবাদী ব্ৰিটিছৰ স্কেলপেলৰ Scalpel– প্ৰভাৱত ভাৰতবৰ্ষৰ দেহ তিনিভাগত খণ্ডিত হৈছিল ১৯৪৭ চনত, ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ ফলত একত্ৰিত হৈছিল ছোভিয়েট দেশ যাৰ সংবিধানে আত্মনিয়ন্ত্ৰনৰ অধিকাৰক মান্যতা দিয়াৰ বাবে ইউক্ৰেইনকে লৈ তাৰ অংশীদাৰবোৰ কোনো বাধা নোপোৱাকৈ আঁতৰি স্বাধীন সাৰ্বভৌম দেশলৈ পৰিণত হৈছিল। সেয়ে একে আষাৰতে আমি পুটিনক দোষী সাব্যস্ত কৰিলেও ইয়াৰ অন্তৰালৰ সত্যৰ বাবে অনুসন্ধান কৰিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward