Friday, March 29, 2024
HomeUncategorizedজজি আঞ্চলিক প্ৰগতিশীল যুৱ ক্লাৱৰ ৭১তম আঞ্চলিক ৰঙালী বিহু সন্মিলন

জজি আঞ্চলিক প্ৰগতিশীল যুৱ ক্লাৱৰ ৭১তম আঞ্চলিক ৰঙালী বিহু সন্মিলন

প্ৰকাশিত তাৰিখঃ ১৬ এপ্ৰিল, ২০২২

সুনীল দাস –

দক্ষিণ কামৰূপৰ জজি আঞ্চলিক প্ৰগতিশীল যুৱ ক্লাৱৰ সৌজন্যত পহিলা ব’হাগৰ দিনটোত ৭১তম আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে। ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে ইউকো বেংকৰ অৱসৰপ্ৰাপ্ত সহকাৰী শাখা প্ৰৱন্ধক শ্ৰীযুত থানেশ্বৰ কলিতাদেৱে তাৰ পিছত তোৰণৰ দ্বাৰ উন্মোচন কৰে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া চেমিম আখটাৰে, বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত অনিল মজুমদাৰে আৰু বিহু পতাকা উত্তোলন কৰে বিশিষ্ট্য কবি, নাট্যকাৰ শ্ৰীযুত ৰঞ্জিত চৌধুৰীদেৱে। শ্বহীদ তৰ্পন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে শ্ৰীযুত তিলক চন্দ্ৰ গোস্বামী, শ্ৰীযুতা তাৰাবালা দলৈ, শ্ৰীযুতা অঞ্জু দাস, শ্ৰীযুতা গীতা দেৱী, শ্ৰীযুত প্ৰৱোধ দলৈয়ে। দিনৰ মুকলি সভাত বহুৰঙী সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ লগতে বিহু সন্মিলনীৰ মুখপত্ৰ ‘ব’হাগী’ উন্মোচন কৰে বিশিষ্ট্য কবি তথা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰৱক্তা এডৱাৰ্ড ষ্টেডী এন চাংমাদেৱে। উন্মোচনী সভাত ‘ব’হাগী’ সম্পাদনা সমিতিৰ সভাপতি শ্ৰীযুত নগেন চন্দ্ৰ দলৈ, সম্পাদক শ্ৰীযুত হৃদয় কলিতা সহিতে সম্পাদনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু শুভকাংশীসকল উপস্থিত থাকে। দিনৰ ভাগত বিভিন্ন খেল–ধেমালি আৰু সন্ধিয়া একক অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে জনতা মেডিকেলৰ স্বত্ত্বাধিকাৰী ডা নয়নমণি ভড়ালীয়ে। মঞ্চত ৭১গছি বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত দিলীপ কলিতা, শ্ৰীযুত আদিত্য ৰাভা, শ্ৰীযুত চুচেন দাস, শ্ৰীযুত হেমন্ত ডেকাই। আয়োজক সমিতিয়ে উক্ত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত বলিষ্ঠ নাট্যকাৰ, অভিনেতা, পৰিচালক শ্ৰীতৰুণ কলিতাক ‘স্বৰ্গীয় বানেশ্বৰ কলিতা(ওঁস্তাদ) সোঁৱৰণী বঁটা’ৰে সন্মানিত কৰে। সাংস্কৃতিক অনুষ্ঠান সাফল্য মণ্ডিত কৰি তোলাত বিহু সন্মিলনৰ সভাপতি ভূমিধৰ দাস, উপ–সভাপতি ৰাম দাস, সম্পাদক লক্ষীৰাম দাস, সহঃসম্পাদক সুনীল দাস সহিতে সমূহ বিষয়ববীয়াই অঞ্চলবাসী ৰাইজলৈ ধন্যবাদ লগতে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

শিৰোনামৰ ফটোঃ সুনীল দাস

Facebook Page Link>> https://www.facebook.com/permalink.php?story_fbid=542476343908156&id=101820437973751

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward