Thursday, April 25, 2024
HomeNEWSৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত লোহাৰঘাট, ৰাণীত জোঁৰ সমদল

ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত লোহাৰঘাট, ৰাণীত জোঁৰ সমদল

প্ৰকাশিত তাৰিখঃ ১৭ মাৰ্চ, ২০২৩

পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাভা হাছং স্বায়ত্তশাসিত এলেকা। উল্লেখযোগ্য যে, স্বায়ত্তশাসত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদে ইতিমধ্যে এলানী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। লগতে, আন্দোলনকাৰী সংগঠন কেইটাই ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবেও উন্নয়ন পৰিষদ গঠনৰ দাবী তুলিছে।

এই আন্দোলন কাৰ্যসূচীৰ অংশ স্বৰূপ পলাশবাৰী ৰাজহ চক্ৰৰ অসম–মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং এলেকাতো এটি প্ৰতিবাদী জোঁৰ সমদল উলিয়ায়। আজি অৰ্থাৎ ১৭ মাৰ্চৰ সন্ধিয়া বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ উদ্যোগত এই প্ৰতিবাদী সমদল যাত্ৰা কৰে। ছাত্ৰ সংগঠনটোৰ লোহাৰঘাটস্থিত  কাৰ্যালয়ৰ পৰা যাত্ৰা কৰা সমদলটোত আৰছু জিন্দাবাদ, ষষ্ঠ অনুসূচী লাগিবই, বিজেপি গ’ বেক, ষষ্ঠ অনুসূচী আমাৰ ন্যায্য দাবী, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মিছলীয়া আদি বিভিন্ন  শ্লোগানেৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চলটো। প্ৰতিবাদীসকলে লোহাৰঘাটৰ আশে–পাশে তিনি কিলোমিটাৰ এলেকা পদব্ৰজে পৰিভ্ৰমণ কৰে৷

আজিৰ কাৰ্যসূচীত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা, সম্পাদক দীপজ্যোতি বাৰ্চুং, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া দেৱজিত নাফা, কামৰূপ জিলা পৰিষদৰ সদস্যা তনুজা ৰাভা  লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন পাৰিষদ, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

ইপিনে, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী অঞ্চলতো আজি একে সময়তে ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বাতৰি আৰু ফটোঃ নুৰুল ইছলামৰ সৌজন্যত

News & Foto Courtesy: Nurul Islam

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward