Friday, March 29, 2024
HomeNEWSজ্যোতি–শংখ বজোৱা

জ্যোতি–শংখ বজোৱা

প্ৰকাশিত তাৰিখঃ ১০ এপ্ৰিল, ২০২৩

কল্প ৰঞ্জন গগৈ –

অসমীয়া হুঁছিয়াৰ। শত্ৰু পালেহি দুনিৰ্বাৰ। আজি অসমী যে অৱৰুদ্ধ। চহৰ–নগৰৰ মাটি–বাৰী অসমৰ গাঁও–ভূই হাট–বাট সকলো শৰাইঘাট। শৰাইঘটীয়া দলে সদলবলে শুধ চিত্‌ লৈ আগবাঢ়ি গ’লে হ’ব তোৰ জয়। নাই নাই ভয়। জ্যোতি–শংখ বজোৱা।

অসমীয়া হুঁছিয়াৰ– শত্ৰু যদিও দুনিৰ্বাৰ হৈ যাব ছাৰখাৰ।

ভাষাত শত্ৰু, দেশত শত্ৰু কলা–সাহিত্য সংগীত শিল্পত সোমাল শত্ৰু তোৰ ভিতৰত–শত্ৰু আহিছে বেয়া বতৰত। সেয়ে অসমীয়া হুঁছিয়াৰ– ‘নিজৰ ঘৰ বচাবলৈ কঠোৰ প্ৰতিজ্ঞা কৰ– কালৰ মুৰ্তি ধৰ’।

এখন পিছপৰা দেশ– এটা পিছপৰা জাতি। সময়ৰ নিয়মত ইতিহাসৰ একা–বেঁকা পথেদি আগবাঢ়ি গৈ আছে। অৰ্থনৈতিকভাৱে নিম্নবিত্তৰ পৰা উত্তৰণ ঘটিছে নিম্ন মধ্যবিত্তলৈ– নিম্ন মধ্যবিত্তীয় দোদুল্যমান চেতনা। অগ্ৰগতিৰ এই কথাবোৰেই বুৰঞ্জী। সেয়ে বুৰঞ্জী অধ্যয়ন কৰক নতুন দিনৰ বুৰঞ্জী লিখিবলৈ। ৰজা–মহাৰজা, ডা–ডাঙৰীয়াৰ বুৰঞ্জীৰ দিন শেষ। সেয়ে অধ্যয়ন কৰক ৰজা দিনৰ পাইক–প্ৰজাৰ বুৰঞ্জী।

ৰংঘৰ–কাৰেংঘৰ–তলাতল ঘৰৰ পৰা আৰম্ভ কৰি তাজমহল– কুটুবমিনাৰ– লালকিল্লালৈ, চীনৰ প্ৰাচীৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ কেন্দ্ৰ নালন্দা–তক্ষশীলালৈ সকলোবোৰ প্ৰজা–শ্ৰমিকৰ দান। অন্ন দিয়া পথাৰবোৰ খেতিয়কৰ দান। দেশৰ সীমা অটুট কৰি ৰখা অস্ত্ৰবোৰ শ্ৰমিকৰ দান। জাতি সুৰক্ষিত কৰি ৰাখিবলৈ ৰক্তদান কৃষক শ্ৰমিকৰ। সেয়ে সমগ্ৰ বিশ্ব শ্ৰমজীৱিৰহে। কিন্তু ভাঙি থানবান কৰে পৰজীৱিসকলে। সেয়ে পৰজীৱিসকলৰ দৰ্শন– শ্ৰমজীৱিসকলৰ ঐক্য ভাঙ বুলি শুনিবলৈ যেনেদৰে অশ্লীল সেইদৰে শ্ৰমজীৱি সকলৰ সৃষ্টি ভঙাটোও এক অশ্লীল কাম।

আমি শ্ৰমজীৱিসকলে সেয়ে ধ্বংস কাৰ্য এক উলংগ কাম বুলিহে গণ্য কৰো। উলংগ হ’বলৈ বেছি সময় নালাগে। শ্ৰমজীৱি সকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ আশা কৰাৰ লগতে সকলো বিদ্ৰুপ–বাণী, শত্ৰুৰ ব্যংগ হাঁহি জিনিব লাগিব।

জ্যোতিপ্ৰসাদে কৈ গৈছে– ‘অসমৰ যত পণ্ডিত তয়ে কৰিব লাগিব খণ্ডিত। জিনিব লাগিব তৰ্ক–যুদ্ধ, শত্ৰুৰ মিথ্যাচাৰ যদিহে নোৱাৰ কৰিব খৰ্ব। মিছা তোৰ জ্ঞান গৰ্ব’।

মূলা–জয়াৰ নাম লোৱা সকলে কৱছ কাপোৰ বৈ ৰণুৱা ডেকাহঁতক আগবঢ়াই নিওঁতে আমাৰ ৰমণী সকলেই হ’ব লাগিব জগতৰ দেৱী গোসাঁনী।

আজি যদিও এক অদ্ভূত অন্ধকাৰৰ যুগত কাম কৰি থকা যেন অনুভৱ হয় প্ৰকৃততে আমি কাম কৰি আছো এক চমৎকাৰ উত্তৰণশীল সময়ত। পৰজীৱি সকলৰ যুদ্ধ উপৰিসৌধতহে। শ্ৰমজীৱিসকলে এই দ্বন্দবোৰৰ পৰাই শিকিব লাগিব। বুনিয়াদ গঢ়িবলৈ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward