Tuesday, April 30, 2024
Homeবাতৰিডিজিটেল ইণ্ডিয়া আঁচনিক ৰাজ্য চৰকাৰে সফল ৰূপ দিব পৰা নাই

ডিজিটেল ইণ্ডিয়া আঁচনিক ৰাজ্য চৰকাৰে সফল ৰূপ দিব পৰা নাই

প্ৰকাশিত তাৰিখঃ ২৭ আগষ্ট, ২০১৮

চি এন ডেক্স

‘প্রতি ঘৰ ই–সাক্ষৰ’ শীৰ্ষক শ্ল’গান এটিৰে সমগ্ৰ দেশত আৰম্ভ হৈছিল প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান। ডিজিটেল ইণ্ডিয়াৰ সফল ৰূপায়নক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সপোন পুহি ৰাখিছিল কাৰ্যতঃ অসম চৰকাৰ আজি ব্যৰ্থ বুলি অভিযোগ উঠিছে। গ্ৰাম্যাঞ্চলৰ জনসাধাৰণক ইণ্টাৰনেটৰ যোগেৰে তথ্যৰ সন্ধান, যোগাযোগ, নগদবিহীন লেন–দেন আদিৰ বিষয়ে সক্ষম কৰি তোলাৰ কাৰণে গ্ৰহণ কৰা আঁচনিখনে অসমত বিশেষভাৱে অগ্ৰগতি লাভ কৰিব পৰা নাই।

উল্লেখ্য যে, ‘প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান’ আঁচনিৰ যোগেদি প্ৰতি পৰিয়ালৰ এজন ব্যক্তিক ডিজিটেলভাৱে সক্ষম কৰি তুলিবলৈ লক্ষ্য স্থিৰ কৰিছে। অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে এই আঁচনিখন সফল ৰূপায়ণৰ বাবে এমট্ৰ’নক দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু এমট্ৰ’নে সঠিকভাৱে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এমট্ৰ’নৰ দ্বাৰা অনুমোদিত কেন্দ্ৰ আৰু চি এছ চি অৰুণোদয় কেন্দ্ৰৰ দ্বাৰা প্ৰতিখন পঞ্চায়তৰ ১৪–৬০ বছৰ বয়সৰ লোকক ডিজিটেলভাৱে শিক্ষিত কৰি তুলিব লাগে। কিন্তু আঁচনিখন সফল ৰূপায়নত দায়িত্বপ্ৰাপ্ত সংস্থাটোৱে মনোযোগ নিদিয়াত এক বিফল আঁচনিৰূপে পৰিগণিত হৈছে।

অৱশ্যে এই বিলাসী আঁচনি ৰূপায়নৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টিত বৃহৎ অংকৰ পুঁজি আত্মসাৎ কৰাৰ বাবে এচাম বিষয়া–কৰ্মচাৰীয়ে ফন্দিপতা বুলিও অভিযোগ উত্থাপন হৈছে। আঁচনিখন তত্ত্বাৱধান কৰে কেন্দ্ৰীয় চৰকাৰৰ নাইলিট নামৰ ৰাষ্ট্ৰীয় প্ৰামাণীকৰণ এজেঞ্চীটোৱে। আঁচনি ৰূপায়নত ফলাফল শুন্য দেখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ক্ষুণ্ণ হৈ পৰা বুলি দিছপুৰৰ এক সূত্ৰত প্ৰকাশ। ডিজিটেল ইণ্ডিয়াত সংযোগ কৰা ৰাজ্য চৰকাৰৰ ‘সুগম’ ‘জনতাৰ চৰকাৰ’ ইত্যাদি ডিজিটেল সেৱা সমূহৰ পৰা গ্ৰামীণ জনসাধাৰণক দূৰত ৰাখিলে ৰাজ্য চৰকাৰৰ ই–গৱৰ্নেন্সৰ ধাৰণাটো অন্তঃসাৰশূন্য হৈ পৰিব। সেয়ে মোদী চৰকাৰে গ্ৰহণ কৰা ডিজিটেল ইণ্ডিয়াক অসমত সফল ৰূপে গঢ়ি তুলিবলৈ ২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰতি কঠোৰ নিৰ্দেশ দিয়া বুলি এক সূত্ৰত প্ৰকাশ।

কেন্দ্ৰীয় চৰকাৰে হাজাৰ কোটি ব্যয় সাপেক্ষে ২০২২ চনৰ ভিতৰত অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্যকেইখনত ডিজিটেল সেৱাৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখিছে। ২০২১ চনৰ ভিতৰত ডিজিটেল অসম আঁচনিত ৰাজ্যৰ প্ৰতিখন গাঁৱতে ডিজিটেল সেৱা আগবঢ়োৱাৰ বাবে সীমা বান্ধি লৈছে। কেন্দ্ৰীয় তথ্য–প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে যোৱা ১২ আগষ্টত উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত গুৱাহাটীত ভিজন ডকুমেণ্ট মুকলি কৰে। তেনে সময়ত অসমত দেখা দিয়া ‘প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান’ আঁচনিখনৰ ব্যৰ্থতাৰ ছবিয়ে ৰাজ্য চৰকাৰৰ আমোলা–বিষয়াসকলৰ কামৰ নমুনাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward