Thursday, April 25, 2024
Homeবাতৰিডিমা হাচাও জিলাৰ ‘পানীমুৰ জলপ্ৰপাত’

ডিমা হাচাও জিলাৰ ‘পানীমুৰ জলপ্ৰপাত’

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০

চি এন ডেস্ক

পানীমুৰ এটা বিখ্যাত জলপ্ৰপাত। স্থানীয় পৰ্যটককে নহয় দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰা এটি জলপ্ৰপাত। জলপ্ৰপাতটোত গোটেই বছৰজুৰি দেশী–বিদেশী পৰ্যটকেৰে ভৰি পৰে। সেয়ে পানীমুৰ ‘ইণ্ডিয়ান নায়েগ্ৰা’ ৰূপেও পৰিচিত। পানীমুৰ নামটো বহুতৰে অচিনাকী যেন লাগিলেও ই আমাৰ ৰাজ্যতে অৱস্থিত।

হয়, পানীমুৰ জলপ্ৰপাত ডিমা হাচাও জিলাত অৱস্থিত। হাফলং হিল ষ্টেচনৰ পৰা ১২০ কিলোমিটাৰ আৰু পাৰ্বত্যৰ উদ্যোগ নগৰীখ্যাত উমৰাংচুৰ পৰা মাত্ৰ ৩২ কিলোমিটাৰ দূৰত্বত অৱস্থিত। গাড়ীৰে গুৱাহাটীৰ পৰা ৪–৫ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

পানীমুৰ কেৱল পৰ্যটকসকলে উপভোগ কৰা জলপ্ৰপাতেই নহয় ই ডিমাচা জনগোষ্ঠীসকলৰ এক পবিত্ৰ ভূমি। ইয়াত স্নান কৰিলে পূণ্যপ্ৰাপ্তি হয় বুলি জনগোষ্ঠীটোৰ মাজত এক লোকবিশ্বাস প্ৰচলিত হৈ আছে। সেয়ে প্ৰতিবৰ্ষৰ মাঘী পূৰ্ণিমা তিথিত জনগোষ্ঠীটোৰ লোকসকলে এই জলপ্ৰপাতত স্নান কৰে।

 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward